গুৱাহাটী, ২৫মে': সোমবাৰে পঞ্চাদশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ তৃতীয় তথা অন্তিম দিনা 108 নং শিৱসাগৰ বিধানসভা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক তথা কৃষক নেতা অখিল গগৈৰ অনুপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা অপমান সূচক মন্তব্যত অসন্তুষ্টি প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷
শিৱসাগৰৰ বিধায়ক কাৰাৰুদ্ধ অখিল গগৈক মানসিক ৰোগী বুলি বিধানসভাৰ মজিয়াত কৰা মন্তব্যক লৈ ৰাজনৈতিক মহলৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰদেশ কংগ্ৰেছে অসম বিধানসভাত ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা বক্তব্যক গৰিহণা দিছে ।
বিধানসভাত অনুপস্থিত এজন বিৰোধী নেতাৰ মানসিক স্বাস্থ্যৰ অৱস্থা সম্পৰ্কে এনে তৰল মন্তব্য কৰাটো ৰাজ্যৰ সৰ্বোচ্চ পদত অধিষ্ঠিত ব্যক্তি এজনৰ বাবে অত্যন্ত অশোভনীয় মন্তব্য বুলি আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে । এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এক বিবৃত্তিযোগে মুখ্যমন্ত্রীৰ মন্তব্যক অসংসদীয় আৰু দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে অখিল গগৈৰ মানসিক স্বাস্থ্যৰ ওপৰত কৰা তীৰ্য্যক মন্তব্যৰ উদ্বেগ প্ৰকাশ কৰি সভাপতি বৰাই কয় যে, অখিল গগৈ কাৰাগাৰত থাকিব লাগে নে চিকিৎসালয়ত থাকিব লাগে বা তেওঁ বিধানসভাত উপস্থিত থাকিবলৈ উপযুক্ত হয় নে নহয় সেয়া ন্যায়ালয়ৰ বিচাৰধীন বিষয়।
লগতে পঢ়ক: অখিল গগৈ মানসিক ৰোগী: কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই ?