ETV Bharat / state

Rima Das new film: শীঘ্ৰেই অসমৰ ছবিগৃহলৈ আহি আছে ৰীমা দাসৰ তৰা’ছ হাজবেণ্ড

author img

By

Published : Aug 22, 2023, 12:40 PM IST

২২ ছেপ্টেম্বৰত অসমৰ ছবিগৃহলৈ আহি আছে পৰিচালক ৰীমা দাসৰ নতুন ছবি "তৰা'ছ হাজবেণ্ড"। অসমৰ ৩৩ টা ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন । ছবিখনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰিছে ।

Rima Das's new film Tora's Husband will released on September 22
ৰীমা দাসৰ নতুন ছবি

চিটাৰা ডেস্ক, ২২ আগষ্ট: অসমৰ চলচ্চিত্ৰ প্ৰেমীসকলৰ বাবে এটা ভাল খবৰ । অহা ২২ ছেপ্টেম্বৰত অসমৰ ছবি গৃহলৈ আহি আছে পৰিচালক ৰীমা দাসৰ এখন নতুন ছবি ৷ ছবিখনৰ নাম "তৰা’ছ হাজবেণ্ড"। অসমৰ ৩৩ টা ছবিগৃহত অহা ২২ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব "তৰা'ছ হাজবেণ্ড" ছবিখন ।

উল্লেখ্য যে কেৱল অসমতেই নহয়, এই ছবিখন অসমৰ লগতে মুম্বাই, হায়দৰাবাদ, দিল্লী, বাংগালুৰুৰ ছবিগৃহতো একে সময়তে মুক্তি লাভ কৰিব । যাতে বহিঃৰাজ্যত কৰ্মেসূত্ৰে থকা লোকসকলেও এই ছবিখন উপভোগ কৰিব পাৰে ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিজিৎ দাস আৰু তৰালী দাসে । ইয়াৰোপৰি ছবি খনত অভিনয় কৰিছে পূর্বাঞ্চলী দাস, সীমান্ত দাস, সুকুমাৰ মেধি, নিকুঞ্জ খাউণ্ডকে ধৰি কেইবাজনো অভিনেতা-অভিনেত্ৰীয়ে ।

dRima Das's new film Tora's Husband will released on September 22
ৰীমা দাসৰ নতুন ছবি

ক’ভিড মহামাৰী আৰু লকডাউনৰ সময়ত সৃষ্টি হোৱা বিভীষিকা আৰু প্রত্যাহ্বানৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে "তৰা'ছ হাজবেণ্ড" ছবিখন । ইফালে ২০২২ চনত টৰণ্টো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শাখাত ছবিখনৰ ৱর্ল্ড প্রিমিয়াৰ অনুষ্ঠিত হয় ৷ বুছান চলচ্চিত্র মহোৎসৱতো ছবিখনৰ প্রিমিয়াৰ ইতিমধ্যে অনুষ্ঠিত হৈছে । একেদৰেই বেংককত অনুষ্ঠিত বিশ্ব চলচ্চিত্র মহোৎসৱ, হেইনান আইলেণ্ড ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, অ’ছাকা এছিয়ান, চলচ্চিত্র মহোৎসৱ, কলকাতা চলচ্চিত্র মহোৎসৱ, পুনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱতো "তৰা'ছ হাজবেণ্ড" ছবিখন ইতিমধ্যে প্রদর্শিত হৈছে । আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ সমূহৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে ।

উল্লেখযোগ্য যে, ২০১৭ চনত "ভিলেজ ৰক ষ্টাৰ" ছবিখনৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল ৰীমা দাস । "ভিলেজ ৰক ষ্টাৰ" ছবিখন বৰ্তমানলৈ প্ৰায় ৮০ খন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছে । ইয়াৰে ভিতৰত ৪৪টা ভিন্ন শিতানত ছবিখনে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইয়াৰোপৰি তেওঁৰ অন্য এখন ছবি "বুল বুল কেন ছিং", এই ছবি খনেও কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক: Xubidhabadi song out: সুবিধাবাদী গীতটি মুক্তিৰ পিচত শীঘ্ৰেই আহি আছে হিমাংশু প্ৰসাদ দাসৰ নতুন ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.