ETV Bharat / state

Social Justice and Empowerment Departments: আৰ্থিক সাহায্য লাভ কৰা বেচৰকাৰী সংস্থাৰ কামৰ ওপৰত নজৰ ৰখাৰ নিৰ্দেশ মন্ত্রী পীযুষ হাজৰিকাৰ

author img

By

Published : Dec 6, 2022, 9:52 PM IST

দিছপুৰত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ আঁচনিসমূহৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ। বাজেটৰ সৰহসংখ্যক কাম সময়মতে শেষ কৰাৰ ওপৰত গুৰুত্ব । দিব্যাংগ ব্যক্তি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ জলপানিৰ প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিভাগক নিৰ্দেশ ।

মন্ত্রী পীযুষ হাজৰিকাৰ
মন্ত্রী পীযুষ হাজৰিকা

গুৱাহাটী,৬ ডিচেম্বৰ: অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশ লয় (Review meeting of Minister Pijush Hazarika) । বৈঠকত মন্ত্ৰীগৰাকীয়ে সামাজিক ন্যায় আৰু সবলীকৰণ আৰু অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ সঞ্চালকালয়ৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাৰ্ষিক বাজেটৰ বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় ।

বৈঠকৰ আৰম্ভণিতে মন্ত্ৰী হাজৰিকাই সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ বিভিন্ন আঁচনিৰ বিষয়ে বিশদভাৱে বুজ লৈ সঞ্চালকালয়ৰ অধীনত দিব্যাংগ, জ্যেষ্ঠ নাগৰিক, মানসিক বাধাগ্ৰস্ত ব্যক্তি, ড্ৰাগচ আসক্ত আদি ব্যক্তিৰ বাবে থকা আঁচনি আৰু প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি আৰু কামৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰে । এই আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণ তথা সময়ত সম্পূৰ্ণ কৰাৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ।

Social Justice and Empowerment
সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আঁচনিসমূহৰ পৰ্যালোচনা

আনহাতে চৰকাৰৰ অধীনত থকা দিব্যাংগসকলৰ বিদ্যালয়সমূহ সমানে যাতে উন্নত কৰিব পৰা যায় তাৰ ওপৰত চকু ৰাখিবলৈও তেওঁ সকলোকে নিৰ্দেশ দিয়ে । দিব্যাংগসকলৰ বিভিন্ন জলপানিসমূহ যাতে সময়মতে প্ৰদান কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰিবলৈও তেওঁ বিভাগীয় নিৰ্দেশনা প্ৰদান কৰে । সামাজিক ন্যায় আৰু সবলীকৰণৰ অধীনত বহুতো বেচৰকাৰী সংস্থাই বিভিন্ন আঁচনিৰ অধীনত জনকল্যাণমূলক কামৰ বাবে আৰ্থিক সাহাৰ্য লাভ কৰি আহিছে (Social Justice and Empowerment department) ।

মন্ত্ৰী হাজৰিকাই বিভাগীয় সঞ্চালকক এনে বেচৰকাৰী সংস্থাবোৰৰ কামৰ ওপৰত নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে যাতে জনকল্যাণমূলক কামসমূহৰ সঠিক ৰূপায়ণ হয় । চলিত বিত্তীয় বৰ্ষৰ অন্তত ৮০ শতাংশ হ’লেও কাম যাতে সময়ত সম্পূৰ্ণ কৰিব পৰা যায় সেয়া সুনিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে । ইয়াৰ পাছত মন্ত্ৰী হাজৰিকাই অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয়ৰ কামসমূহৰ বিষয়ে বুজ লৈ বিভাগীয় বিষয়াক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে । বিশেষকৈ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীয়ে পাব লগা জলপানি লাভৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় কৰিবলৈ বিভাগক তেওঁ নিৰ্দেশ দিয়ে ।

বহু সময়ত ছাত্ৰ ছাত্ৰীয়ে 'প্ৰি-মেট্ৰিক’ আৰু 'প’ষ্ট মেট্ৰিক’ জলপানিৰ বিষয়ে অজ্ঞাত হৈ থাকে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই বিজ্ঞাপন তথা আন মাধ্যমৰ জৰিয়তে মানুহৰ মাজত এই জলপানিৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায় যাতে বেছিসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ সুবিধা লাভ কৰিবলৈ সক্ষম হয় । মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰৰ যিখিনি আঁচনিৰ সুবিধা আমি লাভ কৰিব পাৰো সেই সকলো সুবিধা আমি ল’ব লাগে আৰু প্ৰয়োজনীয় বিভাগীয় কামসমূহ কৰিব লাগে । আজিৰ আলোচনাতে মন্ত্ৰী পীযুষ হাজৰিকাই চাফাই কৰ্মীসকলৰ বাবে থকা চৰকাৰী সুবিধাসমূহ যাতে সহজতে লাভ কৰিবলৈ সক্ষম হয় সেয়া সুনিশ্চিত কৰিবলৈও নিৰ্দেশনা প্ৰদান কৰে ।

উল্লেখ যে কামৰূপ মহানগৰ আৰু ধুবৰী জিলাত ইতিমধ্যেই চাফাই কৰ্মীৰ বাবে গৃহ নিৰ্মাণৰ দুটা সুক্ষ্ম প্ৰকল্প অনুমোদন হৈছে আৰু সোনকালেই এই কাম আৰম্ভ কৰা হ’ব । সমাজখনক চাফা কৰি ৰখা চাফাই কৰ্মীসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ বাবে বিভাগে কৰিব পৰা প্ৰয়োজনীয় সকলো কাম কৰিবলৈ বিভাগীয় মুৰব্বীক মন্ত্ৰী হাজৰিকাই নিৰ্দেশ দিয়ে । পৰ্যালোচনা বৈঠকৰ শেষৰ ফালে মন্ত্ৰী হাজৰিকাই অসম চৰকাৰৰ অন্যতম আঁচনি মিছন ভূমিপুত্ৰৰ অগ্ৰগতিৰ বিষয়েও পৰ্যালোচনা কৰে (Mission Bhumiputra) ।

সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ আয়ুক্ত সচিবৰ পৰা মন্ত্ৰীগৰাকীয়ে বৰ্তমানলৈকে মিছন ভুমিপুত্ৰৰ অধীনত প্ৰমাণ পত্ৰ লাভ কৰা জিলাভিত্তিত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰ বিষয়ে বুজ লয় । বৰ্তমান পৰ্যন্ত মিছন ভূমিপুত্ৰৰ ওপৰত কোনোধৰণৰ অভিযোগ লাভ কৰা নাই বুলিও আয়ুক্ত সচিব গৰাকীয়ে মন্ত্ৰীগৰাকীক অৱগত কৰে। আনহাতে কোনো ভুৱা ব্যক্তিয়ে যাতে মিছন ভুমিপুত্ৰৰ অধীনত অনুসূচিত জাতি অথবা অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণ পত্ৰ লাভ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিবলৈও মন্ত্ৰী হাজৰিকাই বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে আৰু এই ক্ষেত্ৰত মিছন ভুমিপুত্ৰৰ সফলতাৰ বিষয়ে দল সংগঠনৰ নেতৃবৃন্দৰে আলোচনা কৰাৰ পোষকতা কৰে ।

লগতে পঢ়ক: Himanta Biswa Sarma in Nalbari: নলবাৰীত মুখ্যমন্ত্ৰীৰ কেইবাটাও বৃহৎ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.