গুৱাহাটী, ২২ নৱেম্বৰ: আয় বৰ্হিভূত ভাৱে সম্পত্তি পাহাৰ গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডিআইজি ৰৌণক আলি হাজৰিকা(Suspended DIG Rounak Ali Hazarika)ৰ বাসগৃহত পুনৰ অভিযান চলালে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে(Chief Minister's Special Vigilance Cell) ৷ হেঙেৰাবাৰী বাসগৃহত অভিযান চলাই তদন্তকাৰী দলে । হাজৰিকা বাসগৃহৰ ভূমি জোখ-মাখ কৰি চৰকাৰী পঞ্জীয়ন মূল্যৰ বিষয়া দ্বাৰা তন্ন-তন্নকৈ নথি-পত্ৰ পৰীক্ষাৰ কৰাইছে তদন্তকাৰী দলটোৱে ৷
ইফালে, সম্পত্তিৰ জোখ-মাখৰ ভিডিঅ' গ্ৰাফী কৰিলে মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ দলটোৱে ৷ উল্লেখ্য যে, ৰৌণক ৰৌণক আলি হাজৰিকাই বাসগৃহ ভূমি ক্ৰয় কৰিছিল অনিল চন্দ্ৰ তালুকদাৰ নামৰ এগৰাকী লোকৰ পৰা ৷ লোকজনৰ অভিযোগ অনুসৰি, বাসগৃহভূমি ক্ৰয়তো বৃহৎ অনিয়মৰ আশ্চয় লৈছিল ৰৌণক আলিয়ে ৷
লগতে পঢ়ক: ৰৌণক আলী হাজৰিকাৰ কিমান সম্পত্তিৰ তথ্য পাইছে আৰক্ষীয়ে ?
পূৰ্বৰ ভূমিৰ স্বত্বাধিকাৰী অনিল চন্দ্ৰ তালুকদাৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিতে পুনৰ ৰৌণক আলি হাজৰিকাৰ বাসগৃহত অভিযান চলাই মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষে ৷
তদন্তকাৰী বিষয়াই সদৰী কৰা মতে, ৰৌণক আলি বিৰুদ্ধে তদন্তৰ অন্তিম পৰ্যায়ত চলি আছে । শীঘ্ৰে তেওঁ বিৰুদ্ধে লাভ কৰা সকলো তথ্য সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰা হ'ব ৷ তদুপৰি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত আলিক ভিজিলেন্স দলে সময়ে-সময়ে জেৰা চলাই থকাৰ কথা জানিবলৈ দিছে তদন্তকাৰী বিষয়াই ৷
লগতে পঢ়ক: পুনৰবাৰ জামিন আবেদন নাকচ ৰৌণক আলি হাজৰিকাৰ