ETV Bharat / state

কেশৱ মহন্তৰ সৈতে সাক্ষাৎকাৰ : আক্টোবৰৰ পৰাই আৰম্ভ হ’ব মথাউৰি মেৰামতিৰ কাম

author img

By

Published : Aug 20, 2020, 9:31 PM IST

অক্টোবৰৰ পৰাই আৰম্ভ হ’ব ভঙা মথাউৰি মেৰামতিৰ কাম, জনালে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ৷ আৰু কি কি ক'লে মন্ত্ৰী কেশৱ মহন্তই । চাওক এই বিশেষ সাক্ষাৎকাৰ ৷

ই টিভিৰে আছুতীয়া সাক্ষাৎকাৰত মন্ত্ৰী কেশৱ মহন্ত

গুৱাহাটী, ২০ আগষ্ট: দিছপুৰত চৰকাৰ যাৰেই নহওক, জলসম্পদ মন্ত্ৰীৰ চকীখনত যিয়েই নবহক কিয়, এটা অভিযোগ পূৰ্বৰে পৰাই উঠি আহিছে । সেইটো হ'ল- বাৰিষাৰ সময়তহে চৰকাৰে মথাউৰি নিৰ্মাণ বা মেৰামতিৰ কামত হাত দিয়ে । কিয় এই প্ৰশ্ন উঠে বাৰম্বাৰ ? ৰাজ্যত এইবাৰৰ বাৰিষাত এতিয়ালৈকে তিনিটাকৈ বান আহিল । ধন, জন সকলো ধ্বংস হ'ল । এনে পৰিস্থিতিত ৰাজ্যৰ জলসম্পদ বিভাগে কি পদক্ষেপ গ্ৰহণ কৰিছে ।

ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰে যে এইবাৰ এতিয়ালৈকে হৈ যোৱা তিনিটাকৈ বানত ২১ টা মথাউৰিৰ ক্ষতিসাধন হৈছিল । ইয়াৰে ভিতৰত বান চলি থকাৰ মাজতে ১৩ টাৰ মেৰামতি সম্পূৰ্ণ কৰা হৈছে । আনহাতে বাকী ৰৈ যোৱা ৮ টাৰ ভিতৰত চাৰিটাৰ মেৰামতি আগন্তুক এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব যদিও আন চাৰিটা সম্পূৰ্ণ হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হ’ব ।

জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে সাক্ষাৎকাৰ
সেই চাৰিটা মথাউৰি মূলতঃ গোলাঘাট, গোৱালপাৰা আৰু হোজাই জিলাৰ বুলি তেওঁ প্ৰকাশ কৰে । তাৎপৰ্যপূৰ্ণভাবে বিভাগীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় যে শেহতীয়াকৈ চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি এতিয়াৰে পৰা অক্টোবৰ মাহৰ পৰাই প্ৰতি বছৰে বানে ক্ষতিগ্ৰস্ত কৰা মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰা হ’ব । ফলত বাৰিষাৰ সময়লৈ মথাউৰি মেৰামতিৰ বাবে আৰু ৰৈ থাকিবলগীয়া নহ’ব ।
ক্ষীপ্ৰতাৰে মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি
আনহাতে, অসমৰ বান সমস্যাৰে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এক নতুন চিন্তা চৰ্চা আৰম্ভ কৰিছে বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সংসদৰ আগন্তুক অধিবেশনতে এই সম্পৰ্কীয় এখন নতুন আইনৰ বিধেয়ক উল্থাপন কৰা হব । যদিওবা সেই আইন সমগ্ৰ উত্তৰ পূৱৰ বাবে হব কিন্তু ইয়াৰ পৰা আটাইতকৈ অধিক উপকৃত হ’ব অসম । কিয়নো, অসমৰ ১২১ খন উপ-নৈৰ সৰহখিনিয়েই চুবুৰীয়া ৰাষ্ট্ৰ নাইবা চুবুৰীয়া ৰাজ্যৰ পৰা পানী কঢ়িয়াই আনে আৰু তাৰ ফল ভূগিব লগীয়া হয় অসমে ।
মথাউৰি মেৰামতি সম্পৰ্কত কেশৱ মহন্তৰ মন্তব্য

লগতে পঢ়কঃ ৭৬ সংখ্যক জন্ম বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক স্মৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.