ETV Bharat / state

ৰ’দালিৰ কবি হীৰুদাৰ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো...

author img

By

Published : Jul 28, 2021, 1:20 PM IST

ইমান অলপতে বিচলিত হ’লে তোমাৰ বাৰু কেনেকৈ চলে ?” শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে | কবি মই নাছিলো কোনোকালে ব্যৰ্থতাৰ এন্ধাৰে মোক মাথোঁ সত্যক সহজে ল’বলৈ শিকালে | কবি মই নাছিলো কোনোকালে | - হীৰু দা

remembaring-poet-hiren-bhattacharya-on-birthday
ৰ’দালিৰ কবি হীৰুদাৰ জন্মদিনত শ্ৰদ্ধাৰে সুঁৱৰিছো...

নিউজ ডেস্ক, 28 জুলাই : আধুনিক অসমীয়া কবিতাৰ ক্ষেত্ৰত আমাৰ সদায়েই স্মৰণীয় সেই ব্যক্তিগৰাকী ৷ খুৱেই অমায়িক মানুহজনক বেয়া পোৱা মানুহ হয়তো কমেই ওলাব ৷ আজি তেখেতৰ ওপজা দিন ৷ কবি হীৰেণ ভট্টাচাৰ্যৰ (Hiren Bhattacharya) জন্ম দিন ৷

১৯৩২ চনত যোৰহাটত জন্ম হৈছিল হীৰেন ভট্টাচাৰ্যৰ ৷ অসমীয়া কবিতা প্ৰেমীৰ বাবে তেওঁৰ পৰিচিত নাম আছিল 'হীৰুদা'৷ "প্ৰেম আৰু ৰ’দালিৰ কবি" উপাধিৰে বিভূষিত কৰা হৈছিল হীৰেন ভট্টাচাৰ্যক ৷

হীৰেণ ভট্টাচাৰ্যৰ প্ৰথম কবিতাৰ প্ৰকাশ হয় ১৯৫৭ চনত ৷ ১৯৭২ চনত তেওঁৰ প্ৰথম কবিতা পুথিৰ সংকলন 'মোৰ দেশ মোৰ প্ৰেমৰ কবিতা' প্ৰকাশ হয় ৷

তেখেতৰ নিৰ্বাচিত কবিতা সংকলন সুগন্ধি পখিলা 1981 চনত আৰু সংগ্ৰহিত কবিতা পুথি শস্যৰ পথাৰ মানুহ 1991 চনত প্ৰকাশ পায় ৷ 'বিভিন্ন দিনৰ কবিতা', 'কবিতাৰ ৰ'দ', 'তোমাৰ গান , 'মোৰ প্ৰিয় বৰ্ণমালা', 'ভালপোৱাৰ বোকা মাটি' আদি তেখেতৰ অনন্য সৃষ্টি ৷ ইয়াৰ বাহিৰেও তেওঁ শিশুৰ বাবে 1991 চনত 'ল'ৰা ধেমালি' আৰু 'অকন ধেমালি' প্ৰকাশ কৰে ৷

'চিত্ৰবন', 'মনন' আৰু 'আন্তৰিক' নামে তিনিখন আলোচনীও সম্পাদনা কৰিছিল হীৰেন ভট্টাচাৰ্যই ৷ 1986 চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ নগাঁও, কামপুৰৰ মাধৱ কন্দলি ক্ষেত্ৰৰ কবি সন্মিলনৰ তেখেত সভাপতি আছিল ৷ অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক কেইবাটাও বঁটাৰে সন্মানিত কৰা হৈছে ৷

হীৰেন ভট্টাচাৰ্যই লাভ বঁটা অথবা সন্মান সমূহৰ ভিতৰত অন্যতম চোভিয়েট দেশ নেহৰু বঁটা, সাহিত্য অকাডেমি বঁটা, অসম উপত্যকা সাহিত্য বঁটা ইত্যাদি ৷ 2012 চনৰ 4 জুলাইত আমাৰ মাজৰ পৰা বিদায় মাগে সকলোৰে আদৰৰ হীৰু দাই ৷ কিন্তু আজিও প্ৰতিগৰাকী সাহিত্যানুৰাগীয়ে শ্ৰদ্ধাৰে সুঁৱৰি আহিছে তেওঁৰ কৰ্মৰাজিক ৷

লগতে পঢ়ক:ষষ্ঠ মৃত্যু বাৰ্ষিকীত জানো আহক প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.