ETV Bharat / state

আংশিকভাৱে শিথিল হ'ব গুৱাহাটী মহানগৰীৰ লক্ ডাউন - মাস্ক পৰিধান

সম্প্ৰতি দুসপ্তাহৰ লক ডাউনৰ মাজত গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ কামৰূপ (ম) জিলাৰ জনতাই নিজকে গৃহবন্দী কৰি ৰাখিছে যদিও আগন্তুক সোমবাৰ আৰু বুধবাৰে লক্ ডাউন আংশিকভাৱে শিথিল কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । সেইমৰ্মে শনিবাৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এলানি নতুন নিৰ্দেশনা ।

relaxation on lock down in guwahati
relaxation on lock down in guwahati
author img

By

Published : Jul 4, 2020, 10:18 PM IST

গুৱাহাটী, 4 জুলাই : কামৰূপ মহানগৰ জিলাত চলি থকা লক্ ডাউনৰ আজি ষষ্ঠটো দিন। শনিবাৰেও মহানগৰীত দেখিবলৈ পোৱা গ'ল কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ৰাজ্যৰ মুখ্য সচিবৰ নিৰ্দেশনা অনুসৰি ৫ তাৰিখৰ পৰা ১২ তাৰিখলৈ কিছু শিথিল কৰা হ'ব লক্ ডাউন। ৬ আৰু ৮ জুলাইত খুলিব পাৰিব গেলামালৰ দোকান। কিন্তু দোকান সমূহ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকিব। অতি কঠোৰ নিয়ম নীতিৰে কৰা হ'ব শিথিল। এই সন্দৰ্ভত জিলা প্ৰশাসনে জাৰি কৰি নিৰ্দেশনা।

সম্প্ৰতি দুসপ্তাহৰ লক ডাউনৰ মাজত গুৱাহাটী মহানগৰীকে ধৰি সমগ্ৰ কামৰূপ (ম) জিলাৰ জনতাই নিজকে গৃহবন্দী কৰি ৰাখিছে যদিও আগন্তুক সোমবাৰ আৰু বুধবাৰে লক্ ডাউন আংশিকভাৱে শিথিল কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে । সেইমৰ্মে শনিবাৰে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এলানি নতুন নিৰ্দেশনা ।

আংশিকভাৱে শিথিল হ'ব গুৱাহাটী মহানগৰীৰ লক্ ডাউন

এই নিৰ্দেশ অনুসৰি ৬ আৰু ৮ জুলাইত দুদিনৰ বাবে কামৰূপ (ম) জিলাৰ ২০ শতাংশ গেলামালৰ দোকান দিনৰ ১১ বজাৰ পৰা ৪ বজালৈ খোলা ৰাখিব আৰু এই সময়চোৱাত ক্ৰেতা-বিক্ৰেতা উভয়েই মাস্ক পৰিধান কৰাৰ লগতে চৰকাৰে জাৰি কৰা সকলো স্বাস্থ্য বিধি মানি চলিব লাগিব । এই দুদিনত পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ ঘৰে ঘৰে গৈ বিক্ৰেতা সকলে পাচলি আৰু ফল-মূল বিক্ৰী কৰিব পাৰিব যদিও ফুটপাথৰ দোকান সমূহ পূৰ্বৰ দৰেই বন্ধ থাকিব । ১০ জুলাইত ই- কমাৰ্চ দিনৰ ১১ বজাৰ পৰা ৪ বজালৈ খোলা থাকিব । ইয়াৰোপৰি পশুখাদ্যৰ দোকানসমূহ ৬ আৰু ৮ জুলাইত পুৱা 1০ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা ৰাখিব পাৰিব । দৰৱৰ পাইকাৰী দোকানসমূহ এই দুদিনত পুৱা ৮ বজাৰ পৰা দিনৰ ২ বজালৈ খোলাৰ অনুমতি দিয়া হৈছে ।

লগতে পঢ়ক : বাৰিষাৰ পথাৰত ব্যস্ত অসমৰ দুই মন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.