ETV Bharat / state

ASERC Meeting : বিদ্যুৎ মাচুল বৃদ্ধি: ৰাজহুৱা শুনানিৰে সিদ্ধান্ত ল’ব নিয়ামক আয়োগে - বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ

শীঘ্ৰেই বৃদ্ধি পাব বিদ্যুৎ মাচুল (Electricity price hike) ৷ এইবাৰ প্ৰতি ইউনিট বিদ্যুৎ মাচুল ১ টকাকৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ অৱশ্যে বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত নিয়ামক আয়োগে ৰাজহুৱা শুনানিৰে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

ASERC Meeting
বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত নিয়ামক আয়োগে ৰাজহুৱা শুনানি
author img

By

Published : Jan 3, 2023, 10:20 PM IST

গুৱাহাটী, ৩ জানুৱাৰী : বিদ্যুৎ মাচুল বৃদ্ধিৰ (Electricity price hike) বাবে এ পি ডি চি এলে দিয়া প্ৰস্তাৱৰ প্ৰসংগত আজি অৰ্থাৎ মঙলবাৰে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ এখন বৈঠক অনুষ্ঠিত হয় (ASERC Meeting) ৷ বৈঠকত এ পি ডি চি এলৰ প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰি এই সন্দৰ্ভত ৰাইজৰ অভিযোগ দাখিলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হয় ।

এ পি ডি চি এলৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত ৰাইজে অনলাইনযোগে নিয়ামক আয়োগৰ ওচৰত গোচৰ-আপত্তি দাখিল কৰিব পাৰিব । ইয়াৰ বাবে ২২ জানুৱাৰীলৈ সময়সীমা বান্ধি দিয়া হৈছে । বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে ২২ জানুৱাৰীৰ ভিতৰত নিজৰ ওজৰ-আপত্তি দাখিল কৰিব পাৰিব ।

২২ জানুৱাৰীলৈকে ৰাইজ, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ পৰা লাভ কৰা অভিযোগৰ পাচত নিয়ামক আয়োগে ৰাজহুৱা শুনানি গ্ৰহণ কৰিব । ৰাজহুৱা শুনানিৰ দিন ধাৰ্য কৰা নাই যদিও মাৰ্চৰ প্ৰথম সপ্তাহত বিদ্যুৎ নিয়ামক আয়োগে শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে (Public hearing on electricity price hike) ।

ASERC Meeting
বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ সন্দৰ্ভত নিয়ামক আয়োগে ৰাজহুৱা শুনানি

সকলো পক্ষৰ শুনানি গ্ৰহণৰ পিচতহে নিয়ামক আয়োগে বিদ্যুৎ মাচুল বৃদ্ধিৰ এ পি ডি চি এলৰ (APDCL) প্ৰস্তাৱ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব । ইফালে বিশেষ সূত্ৰে জানিব পৰা মতে, এ পি ডি চি এলৰ প্ৰস্তাৱ মৰ্মে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে প্ৰতি ইউনিট বিদ্যুৎ মাচুল ১ টকাকৈ বৃদ্ধিত চূড়ান্ত মোহৰ লগোৱাৰ যো-জা চলাইছে ।

বিদ্যুৎ নিয়ামক আয়োগৰ এক সূত্ৰই জনোৱা মতে এ পি ডি চি এলে ১৩৬৮.৪১ কোটি টকাৰ ৰাজহ লোকচান দেখুৱাই প্ৰতি ইউনিটত ১.৮০ টকাৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগৰ ওপৰত আবেদন কৰিছিল (Price hike of electricity) । আয়োগে সকলো দিশ চালিজাৰি চাই প্ৰতি ইউনিট বিদ্যুৎ মাচুল ১ টকাকৈ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

আনহাতে, আয়োগে ২২ জানুৱাৰী পর্যন্ত এ পি ডি চি এলৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰস্তাৱৰ সন্দৰ্ভত ৰাজহুৱা অভিযোগ গ্ৰহণৰ ব্যৱস্থা কৰিছে । যদিহে ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে পুনৰ ১ টকা বিদ্যুৎ মাচুল বৃদ্ধিত সন্মতি জনায় তেন্তে ৫ কিলোৱাটৰ তলৰ গ্ৰাহকৰ ক্ষেত্ৰত বৰ্তমানৰ ৫.৩১ পইচা প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৬.৩১ পইচালৈ বৃদ্ধি পাব ।

১২১ ইউনিটৰ পৰা ২৪০ ইউনিটলৈ বিদ্যুৎ মাচুল ৬.৬০ টকাৰ পৰা ৭.৬০ টকালৈ বৃদ্ধি পাব । আনহাতে, ২৪১ ইউনিটৰ ওপৰৰ প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৭.৬০ টকাৰ পৰা ৮.৬০ পইচালৈ বৃদ্ধি হ’ব । একেদৰে কৃষি শ্ৰেণীৰ ২৫ কিলোৱাটলৈ বিদ্যুৎ বিল ৭.২০ টকাৰ পৰা ৮.২০ টকালৈ বৃদ্ধি পাব ।

লক্ষণীয় যে ৰাজহ ঘাটি দেখুৱাই ২০২২ বৰ্ষৰ ২২ মার্চত প্ৰতি ইউনিট বিদ্যুৎ মাচুল ৩০ পইচা বৃদ্ধি কৰিছিল এ পি ডি চি এলে । এইবাৰ পুনৰ এ পি ডি চি এলে ৰাইজৰ ওপৰত লোকচানৰ দোহাই দি বোজা জাপি দিব বিচাৰিছে ।

লগতে পঢ়ক : Lack of electricity in many schools of Assam: বিদ্যুৎ সংযোগ অবিহনে চলি আছে ৰাজ্যৰ সহস্ৰাধিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.