ETV Bharat / state

Ranoj Pegu: অক্টোবৰ মাহৰ পৰা বাধ্যতামূলক হ’ব শিক্ষা সেতু পৰ্টেলৰ ব্যৱহাৰ; শিক্ষামন্ত্ৰীৰ ঘোষণা - শিক্ষামন্ত্ৰী ৰণোজ পেগু

শিক্ষা সেতু পৰ্টেলৰ ব্যৱহাৰ সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সংবাদমেল ৷ সকলো শিক্ষকে পঞ্জীৱন কৰিব লাগিব শিক্ষা সেতু পৰ্টেল আৰু এপত ৷ ইয়াৰ জৰিয়তে নিৰীক্ষণ কৰা হ’ব বিদ্যালয়সমূহৰ সকলো তথ্য ৷

Ranoj Pegu
Ranoj Pegu
author img

By ETV Bharat Assamese Team

Published : Sep 30, 2023, 5:39 PM IST

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সাংবাদিকৰে মত-বিনিময় অনুষ্ঠান

গুৱাহাটী, 30 ছেপ্টেম্বৰ: মহানগৰীৰ খানাপাৰাস্থিত অসম পদাধিকাৰী মহাবিদ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সাংবাদিকৰে মত-বিনিময় অনুষ্ঠান ৷ শিক্ষা সেতু অসম পৰ্টেল আৰু ম’বাইল এপ সন্দৰ্ভত এই অনুষ্ঠান আয়োজন কৰা হয় শনিবাৰে ।

অনুষ্ঠানত সাংবাদিকৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰী কৰে যে অক্টোবৰৰ পৰা সকলোৰে বাবে বাধ্যতামূলক হ’ব শিক্ষা সেতু পৰ্টেলৰ ব্যৱহাৰ । বাধ্যতামূলকভাৱে প্ৰতিদিনে শিক্ষাসেতু পৰ্টেলত আপলোড কৰিব লাগিব শিক্ষক-শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য ৷ বৰ্তমানে ৰাজ্যত আছে 44,735 খন বিদ্যালয় ৷ সকলো বিদ্যালয়ৰে নাম পঞ্জীয়ন হৈছে এই শিক্ষা সেতু পৰ্টেলত । লগতে ৰাজ্যত সৰ্বমুঠ শিক্ষক-কৰ্মচাৰী আছে 2,35,387 গৰাকী ৷ ইয়াৰে পৰ্টেলত নাম পঞ্জীয়ন হৈছে 2,13,685 গৰাকীৰ ।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰে যে ৰাজ্যত মুঠ শিক্ষাৰ্থীৰ সংখ্যা 47,96,980 জন ৷ ইয়াৰে পৰ্টেলত নাম পঞ্জীয়ন হৈছে 46,07,558 গৰাকীৰ ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে আৰু কয় যে শিক্ষা সেতু এপৰ যোগেদি আমি শিক্ষক-শিক্ষাৰ্থীসকলক পৰ্যালোচনা কৰিব পাৰিম । কোনো শিক্ষক বা শিক্ষাৰ্থী যদি বহুদিন অনুপস্থিত হৈ থাকে তেতিয়া এই এপৰ যোগেদি নিৰীক্ষণ কৰি অনুপস্থিতিৰ কাৰণ জানিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব ।

লগতে এই এপৰ যোগেদি প্ৰতি বছৰে কোনখন বিদ্যালয়ত কিমান শিক্ষক-কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিব সেই বিষয়ে জানিব পৰা যাব । যাৰ জৰিয়তে অৱসৰ গ্ৰহণ কৰি খালি হোৱা পদসমূহত নতুনকৈ নিযুক্তি প্ৰদানত সুবিধা হ’ব ৷ মূলতঃ এই এপটোৱে বিদ্যালয়ৰ প্ৰশাসন, বিদ্যালয়ৰ গুণগত শিক্ষা প্ৰদান, বিদ্যালয়ত শিক্ষক-ছাত্ৰৰ উপস্থিতি, বিদ্যালয়ৰ আন্তঃগাঁথনিসমূহৰ বিষয়ে সময়ত ল’ব লগা ব্যৱস্থাসমূহক যথেষ্ঠ সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Assam govt school: শিক্ষাখণ্ডৰ দুৰৱস্থা; পুনৰ ৰাজ্যৰ 11 সহস্ৰাধিক বিদ্যালয় বন্ধ হোৱাৰ পথত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.