ETV Bharat / state

Liquor sales record in Guwahati: নৱবৰ্ষ বুলি এদিনত 6 কোটিৰ সুৰা বিক্ৰী গুৱাহাটীত - Liquor sales record in Guwahati

সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'লেও নৱবর্ষক আদৰাৰ নামত মদ খোৱাৰ আনন্দৰ পৰাৰ বিৰত নাথাকিল গুৱাহাটীবাসী । গুৱাহাটীত সর্বকালৰ অভিলেখ ভংগ কৰি সৰ্বমুঠ প্রায় ৬ কোটি টকাৰ সুৰা বিক্রী হয় (6 crore rupees Liquor sold in Guwahati)। পূৰ্বৰ তুলনাত এইবাৰ প্ৰায় দুগুণ সুৰা বিক্ৰী হ'ল ।

Liquor sales record in Guwahati
এটা দিনত গুৱাহাটীত ৬ কোটি টকাৰ সুৰা বিক্ৰী
author img

By

Published : Jan 2, 2022, 5:29 PM IST

গুৱাহাটী, ২ জানুৱাৰী : মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৩১ ডিচেম্বৰৰ নিশা সুৰাপায়ীৰ বিৰুদ্ধে ৰাজপথত আৰক্ষী প্রশাসনৰ কঠোৰ অভিযান চলাৰ বিপৰীতে সুৰা বিক্ৰীৰ অভিলেখ সৃষ্টি হ'ল । উল্লেখ্য যে ৩১ ডিচেম্বৰত নিশা ১২ বজাত বাৰ-পাব আদিত সুৰা বিক্ৰী বন্ধ কৰি দিলে যদিও সুৰা বিক্ৰীৰ হাৰে গুৱাহাটীত পূর্বৰ সকলো অভিলেখো ভংগ কৰিলে । সুৰাপান কৰি গাড়ী চলোৱা কার্য বন্ধ কৰাৰ সময়তে গুৱাহাটীত অভিলেখ সংখ্যক সুৰা বিক্ৰী হোৱাত সন্তুষ্টি প্রকাশ কৰিছে আবকাৰী বিভাগে । কাৰণ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে ।

সুৰাপায়ী চালকক নাকী লগোৱাৰ বাবে ৩১ ডিচেম্বৰৰ মাজনিশা খোদ মুখ্যমন্ত্ৰীক ৰাজপথত নমা দেখা গৈছিল যদিও উক্ত দিনটোত গুৱাহাটীত সর্বকালৰ অভিলেখ ভংগ কৰি সৰ্বমুঠ প্রায় ৬ কোটি টকাৰ সুৰা বিক্রী হয় (6 crore rupees Liquor sold in Guwahati)। অর্থাৎ সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হ'লেও নৱবর্ষক আদৰাৰ নামত মদ খোৱাৰ আনন্দৰ পৰাৰ বিৰত নাথাকিল গুৱাহাটীবাসী । এক কথাত ২০২১ বর্ষক বিদায় জনোৱাৰ নামত এক গুলীত দুই চিকাৰ কৰিলে চৰকাৰে ।

আৰক্ষী-প্ৰশাসনৰ কঠোৰ তালাচীৰ বাবেই ৩১ ডিচেম্বৰত ৰাজ্যত সুৰাপায়ীয়ে সংঘটিত কৰা পথ দুৰ্ঘটনাৰ সংখ্যা হ্রাস পোৱাৰ সমান্তৰালভাৱে অভিলেখ সংখ্যক সুৰা বিক্ৰী কৰি আবকাৰী ৰাজহ সংগ্রহতো সফল হ'ল মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ।

আবকাৰী বিভাগৰ তথ্য অনুসৰি শুকুৰবাৰে গুৱাহাটীৰ সুৰাৰ বিপণী আৰু বাৰত প্রায় ৬ কোটি টকাৰ সুৰা বিক্রী হয় । অথচ ২০২০ বৰ্ষৰ ৩১ ডিচেম্বৰত গুৱাহাটীত প্ৰায় ৩ কোটি টকাৰ সুৰাহে বিক্ৰী হৈছিল । সেই হিচাপত এইবাৰ প্ৰায় দুগুণ সুৰা বিক্ৰী হ'ল ।

লগতে পঢ়ক :First day of 2022 : নৱবৰ্ষৰ পহিলা দিনটোত পিকনিকৰ পৰিবৰ্তে নামঘৰলৈ নৱপ্ৰজন্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.