ETV Bharat / state

মুখ্যমন্ত্ৰীৰ "আলাপ আলোচনা" ত কি ক’লে বিশিষ্ট খিলঞ্জীয়া মুছলমান ব্যক্তিয়ে - অখিলঞ্জীয়া মুছলমান

স্বাধীনোত্তৰ কালত প্ৰথমবাৰৰ বাবে দেওবাৰে ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু সকলৰ সৱলীকৰণৰ লক্ষ্য আগত ৰাখি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে এক বিশেষ অনুষ্ঠান "আলাপ আলোচনা" । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত দেওবাৰে ৰাজ্যৰ ১২৩ গৰাকী ধৰ্মীয় সংখ্যালঘু সমাজৰ বিশিষ্ট ব্যক্তি আৰু চিন্তাবিদৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।

reactions-of-prominent-muslim-personalities
মুখ্যমন্ত্ৰীৰ "আলাপ আলোচনা" ত কি কলে বিশিষ্ট খিলঞ্জীয়া মুছলমান ব্যক্তিয়ে
author img

By

Published : Jul 4, 2021, 8:57 PM IST

গুৱাহাটী, 4 জুলাই: "স্বাধীনতাৰ পিছৰে পৰা অসমত বহু চৰকাৰ আহিল আৰু গ’ল । কিন্তু খিলঞ্জীয়া মুছলমান সমাজৰ সৰ্বাংগীন বিকাশৰ বাবে এইদৰে কোনেও কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল’’ । দেওবাৰে গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ভিন্ন ক্ষেত্ৰৰ প্ৰায় ডেৰ শতাধিক বিশিষ্ট খিলঞ্জীয়া মুছলমান ব্যক্তিৰ সৈতে "আলাপ আলোচনা" শীৰ্ষক এক বৈঠকত ভাগ লোৱাৰ পিছত এইদৰে মন্তব্য কৰে খিলঞ্জীয়া মুছলমান সমাজৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ।

মুখ্যমন্ত্ৰীৰ "আলাপ আলোচনা" ত কি কলে বিশিষ্ট খিলঞ্জীয়া মুছলমান ব্যক্তিয়ে
বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে এই বৈঠকত ভাগ লৈ উঠি কয় যে, সুদীৰ্ঘ সময়জুৰি বংগমূলীয় মুছলমানে অসমত খিলঞ্জীয়া মুছলমানৰ অস্তিত্ব বিপন্ন কৰি আহিছে । বংগমূলীয় মুছলমানৰ বাবেই খিলঞ্জীয়া মুছলমানে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা নোপোৱা হৈছে । এই সমস্যা বিলাকৰ বিষয়ে আজিৰ বৈঠকত মুখ্যমন্ত্ৰীক অৱগত কৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে ।

আজিৰ "আলাপ আলোচনা" ত ভাগ লোৱা বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ডাঃ ইলিয়াছ আলীয়েও কয় যে আজি এচাম অখিলঞ্জীয়া মুছলমান লোকৰ বাবেই অসমৰ থলুৱা মুছলমান সমাজে লাজ পাব লগীয়া হৈছে । সকলোৱে মুছলমান বুলিলেই সন্দেহৰ চকুৰে চাবলৈ আৰম্ভ কৰিছে । অথচ শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে এই খিলঞ্জীয়া মুছলমানেই আহোমৰ লগত থাকি যুঁজ দিছিল ।

আনহাতে, "আলাপ আলোচনা"ত ভাগ লোৱাৰ অন্তত ৰাজ্যৰ এগৰাকী বৰেণ্য শিল্পী, মুকাভিনেতা মইনুল হকে কয় - " মই কেতিয়াও নিজকে সংখ্যালঘু বুলি নাভাবো । মই এজন অসমীয়া । " অনুৰূপ ভাৱে বিশিষ্ট ছবি পৰিচালক নুৰুল চুলতানে কয় যে, মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা এই পদক্ষেপ আদৰণীয় । অসমৰ খিলঞ্জীয়া সংখ্যালঘু সকলৰ সমূখত এতিয়া অস্তিত্বৰ সংকটে দেখা দিছে । এই সংকট আঁতৰাবলৈ এইখন চৰকাৰে আজি যি পদক্ষেপ গ্ৰহণ কৰিলে তেনে কাম পূৰ্বৰ কোনো চৰকাৰেই কৰা নাছিল ।

লগতে পঢ়কঃ "মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি" সংশোধনৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.