গুৱাহাটী,22 এপ্ৰিলঃ পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধী দল সংগঠন সমূহে বিৰোধিতা কৰিলেও চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধী নহয় সাধাৰণ জনতা ৷ দুৰ্যোগৰ এই সময়ত চৰকাৰে ৰাইজৰ উন্নতিৰ বাবে মূল্য বৃদ্ধি কৰিছে। গতিকে এনে সময়ত 5 টকা দিয়াত আপত্তি নাই বুলি মত প্ৰকাশ কৰে বিভিন্ন লোকে ৷ উল্লেখ্য যে,পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত 5 টকা 85 পইচা বৃদ্ধি হৈ 77.46 টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য 5 টকা 43 পইচা বৃদ্ধি হৈ 70.50 টকা হয় ৷ ইয়াৰ পূৰ্বে পেট্ৰ’লৰ মূল্য আছিল 71.61 টকা আৰু ডিজেলৰ মূল্য আছিল 65.07 টকা ৷
পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিক লৈ প্ৰতিক্ৰিয়া - প্ৰদেশ কংগ্ৰেছ কমিটি
BADARUDDIN REACTION ON PETROL PRICE HIKE
19:24 April 22
পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিলৈ সমৰ্থন সাধাৰণ ৰাইজৰ
19:24 April 22
পেট্ৰ’ল ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰোধিতা প্ৰদেশ কংগ্ৰেছৰ
গুৱাহাটী,22 এপ্ৰিলঃ এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলৰ সমান্তৰালকৈ পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা কৰে প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ৷ তেখেতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে,ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত আটাইতকৈ বেছি দুৰ্যোগৰ সন্মুখীন হ’ব ৰাজ্যৰ কৃষক সমাজ। লগতে পৰিবহন ব্যৱস্থাও ক্ষতিগ্ৰস্ত হ’ব। অতি শীঘ্ৰেই চৰকাৰক এই সিদ্ধান্ত বাতিল কৰাৰ বাবে আহ্বান জনায় অসম প্ৰদেশ কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্যই ৷
18:07 April 22
পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰোধিতা বদৰুদ্দিন আজমলৰ
গুৱাহাটী,22 এপ্ৰিলঃ বুধবাৰৰ পৰা বৃদ্ধি হ’ল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৷ ৰাজ্যত তেলৰ মূল্য বৃদ্ধি হোৱাৰ পিছতেই বিৰোধী পক্ষই চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ চৰকাৰক এই সিদ্ধান্তৰ বিষয়ে পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ৷ সাংসদ গৰাকীয়ে কয় যে,সাম্প্ৰতিক সময়ত পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ জনতা যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ব ৷ যাৰ ফলত পৰিবহন খৰচ বৃদ্ধি পাব আৰু ইয়াৰ প্ৰভাৱ অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত পৰিব ৷ প্ৰয়োজন সাপেক্ষে আৰ্থিক নাটনি পূৰাবলৈ কেন্দ্ৰীয় চৰকাৰক অনুদান প্ৰদানৰ বাবে হেচা প্ৰয়োগ কৰাৰ উপদেশ দিয়ে এ আই ইউ ডি এফৰ সভাপতি গৰাকীয়ে ৷