গুৱাহাটী, 24 ডিচেম্বৰঃ গৃহমন্ত্ৰীৰ অমিত শ্বাহৰ বক্তব্যৰ প্ৰত্যুত্তৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উপমন্যু হাজৰিকা আৰু প্ৰদ্যুৎ বৰদলৈয়ে ৷ সোমবাৰে সংবাদমাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এনআৰচি আৰু এনপিআৰ দুয়োখন পৃথক বস্তু বুলি মন্তব্য কৰিছিল ৷ লগতে সমগ্ৰ ভাৰতত হ'বলগীয়া এনপিআৰৰ অসমত প্ৰাসংগিকতা আছে বুলি শ্বাহে প্ৰকাশ কৰিছিল ৷
গৃহ মন্ত্ৰী গৰাকীৰ এই মন্তব্যৰ পাচতে উচ্চতম ন্যায়ালয়ৰ জেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই অমিত শ্বাহক উভতি ধৰে ৷ তেওঁ কয় যে, এনআৰচি আৰু এনপিআৰ পৃথক নহয় দুয়োখন একেই বস্তু আৰু গৃহমন্ত্ৰীয়ে দুয়োকে পৃথক ভাৱে উপস্থাপন কৰিছে ৷ সমগ্ৰ ভাৰতত হ'বলগীয়া এনপিআৰৰ অসমত কোনো প্ৰাসংগিকতা নাই বুলিও উল্লেখ কৰে উপমন্যু হাজৰিকাই ৷
ইপিনে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে অমিত শ্বাহৰ এই মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহে সত্যৰ বিকৃতকৰণ কৰি বিভ্ৰান্তিৰ সৃষ্টি কৰিছে ৷ এনআৰচিৰ নাম সলনি কৰি ইয়াক এনপিআৰ ৰূপে উপস্থাপন কৰা হৈছে ৷
লগতে পঢ়ক - ডিব্ৰুগড়ত জনতাৰ বজ্ৰ গৰ্জন