ETV Bharat / state

মৃত অভিযুক্ত বিকিৰ দেহত ৪ টা গুলীৰ চিন স্পষ্ট : অভিজিৎ শৰ্মা

author img

By

Published : Mar 16, 2022, 12:49 PM IST

বৰ্তমানেও জিএমচিএইচৰ মৰ্গতে আছে বিকি আলীৰ মৃতদেহ ৷ বিকিৰ দেহত ৪ টা গুলীৰ চিন স্পষ্ট আছে ৷ সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ৷

বৰ্তমানো জিএমচিএইচৰ মৰ্গতে আছে বিকি আলীৰ মৃতদেহ

গুৱাহাটী, ১৬ মাৰ্চ : গুৱাহাটীৰ গাড়ীগাঁও দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলী(২২) ৰ মৃত্যু (Biki Ali dies in police encounter) । মঙলবাৰে নিশা আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু ঘটে ১৬ বছৰীয়া কিশোৰীৰ দলবদ্ধ ধর্ষণৰ মূল অভিযুক্ত বিকি । বিকিৰ দেহত স্পষ্ট আছে ৪ টা গুলীৰ আঘাতৰ চিন ।

জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে, মঙলবাৰে নিশা ১ বজাত জিএমচিএইচলৈ লৈ অনা হৈছিল বিকিক । বিকিৰ বুকত এটা আৰু পিঠিত ৩ টা গুলীৰ আঘাতৰ চিন স্পষ্ট । বৰ্তমানেও জিএমচিএইচৰ মৰ্গতে ৰখা হৈছে বিকিৰ মৃতদেহ ৷

তেওঁ লগতে কয় যে, এই ঘটনাত আহত হৈছে মহিলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া টুইংকল গোস্বামী ৷ আহত আৰক্ষী বিষয়াগৰাকীৰ বাঁওভৰিৰ তলেৰে গুলী ওলাই গৈছিল ৷ ফলত তেওঁ বাঁওভৰিত আঘাতপ্ৰাপ্ত হয় ৷ কেৱল বাঁওভৰিতে নহয়, বাঁওহাততো আঘাত পাই আৰক্ষী বিষয়াগৰাকীয়ে ।

তেওঁ বৰ্তমান জিএমচিএইচ-ত চিকিৎসাধীন হৈ আছে আৰক্ষী বিষয়া টুইংকল গোস্বামী । বৰ্তমান তেওঁৰ স্বাস্থ্য কিছু সুস্থিৰ হৈছে ৷ আৰক্ষী বিষয়াগৰাকীৰ শাৰিৰীক অৱস্থা কিছু উন্নত হ’লে দুই-এদিনৰ ভিতৰতে জিএমচি এইচৰ পৰা অব্যাহতি দিব বুলি প্ৰকাশ কৰে জিএমচিএইচৰ অধীক্ষক ডাঃ শৰ্মাই ৷

মৃত অভিযুক্ত বিকিৰ দেহত ৪ টা গুলীৰ চিন স্পষ্ট: অভিজিৎ শৰ্মা

উল্লেখ্য যে, পাঁচ বন্ধুৰ সৈতে মিলি এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীক ধৰ্ষণ কৰিছিল বিকিয়ে (Garigaon gang rape case) ৷ 16 ফেব্ৰুৱাৰীত প্ৰলোভনেৰে কিশোৰীগৰাকীক এজন বন্ধুৰ কোঠালৈ লৈ গৈ তাতেই কিশোৰীগৰাকীক ধৰ্ষণ কৰি সমগ্ৰ দৃশ্য বন্দী কৰিছিল ম’বাইলত ৷

ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালে 8 মাৰ্চত পাণবজাৰ মহিলা আৰক্ষী থানাত দাখিল কৰিছিল এটা গোচৰ ৷ পাণবজাৰ থানাত 19/22 নম্বৰত পাঁচ অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ ৷ গোচৰটোত US 376(D) IPC RW SEC 6, POSCO ACT/RW 67(B) আৰু IT ACT ৰ ধাৰা আৰোপ কৰা হৈছে ৷ অভিযুক্ত যুৱক কেইজন হৈছে বিকি আলী, ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী ৷

তথ্য অনুসৰি, মঙলবাৰে দিনৰ ভাগত হাজোৰ সমীপৰ দামপুৰৰ পাহাৰত আত্মগোপন কৰি থকা বিকি আলীক আৰক্ষীয়ে আত্মসমৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰিছিল । পৰিয়ালৰ লোকৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিকিক লৈ অহা হৈছিল গুৱাহাটীলৈ । কিন্তু নিশা আৰক্ষীৰ জিন্মাৰ পৰা পলায়নৰ চেষ্টা কৰে অভিযুক্ত বিকিয়ে ৷

যাৰ বাবে আৰক্ষীয়ে বিকিক উদ্দেশ্যি গুলীচালনা কৰে(Police encounter in Guwahati) ৷ অৱশ্যে আৰক্ষীয়ে এতিয়াও এনকাউণ্টাৰৰ সন্দৰ্ভত মুখ খোলা নাই ৷ কিন্তু বৰ্তমানেও পলাতক অৱস্থাত আছে এই ধৰ্ষণকাণ্ডৰ লগত জড়িত আন চাৰি অভিযুক্ত ৷

লগতে পঢ়ক : এনকাউণ্টাৰত মৃত্যু গাড়ীগাঁও দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত বিকি আলীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.