ETV Bharat / state

কৃত্ৰিম বানৰ কৱলত ৰঙিয়াৰ ইচ্ছাপুৰবাসী - বিজেপি চৰকাৰ

এজাক বৰষুণতেই ৰঙিয়াৰ ২নং ইচ্ছাপুৰ গাঁৱত সৃষ্টি হয় কৃত্ৰিম বানৰ, বৰষুণৰ ফলত পথত একাঠু বোকাৰ সৃষ্টি হৈ অচল হৈ পৰে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা, যাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ

কৃত্ৰিম বানৰ কৱলত ৰঙিয়াৰ ইচ্ছাপুৰবাসী
author img

By

Published : Jun 4, 2019, 2:54 PM IST

ৰঙিয়া,৪জুন : উন্নয়নৰ আন এক ছবি ৰঙিয়াৰ ২নং ইচ্ছাপুৰ গাঁৱত । এজাক বৰষুণতেই সৃষ্টি হোৱা কৃত্ৰিম বানত এমাহ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে । বৰষুণৰ ফলত পথত একাঠু বোকাৰ সৃষ্টি হৈ অচল হৈ পৰে অঞ্চলটোৰ যাতায়ত ব্যৱস্থা । ইফালে ৰাইজৰ দুৰ্দশাৰ খবৰ লবলৈ আহৰি নাই বিভাগীয় কৰ্তৃপক্ষৰ । যাৰ বাবে স্থানীয় ৰাইজে ক্ষোভিত হৈ মংগলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ । স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে বান ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক বিভাগীয় কৰ্তৃপক্ষই ।

কৃত্ৰিম বানৰ কৱলত ৰঙিয়াৰ ইচ্ছাপুৰবাসী

ইফালে, অঞ্চলটোৰ পথবোৰত নলা-নৰ্দমাৰ কোনো ব্যৱস্থা নথকাৰ বাবে সৃষ্টি হয় কৃত্ৰিম বানৰ । অঞ্চলবাসীৰ মতে বিজেপি চৰকাৰে কেৱল উন্নয়নৰ কথা মুখৰেহে কব পাৰে, প্ৰকৃততে ইয়াৰ কাৰ্য হাতে-কামে নচলে । যাৰ বাবে স্থানীয় ৰাইজে বিজেপি চৰকাৰৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

Intro:পথ নহয়, যেন বাৰিষাৰ ভুই ৰুব পৰা পথাৰ হে। যোৱা এমাহ ধৰি গাওঁখন পানীৰ তলত বুৰ গৈ আছে।Body:পানীত বুৰিছে পথ ,পানীত বুৰিছে চোতাল । পানীত একাকাৰ হৈছে সকলো ।ঠায়ে ঠায়ে পথত আকৌ যেন বাৰিষাৰ ভুই ৰুব পৰা পথাৰ হে। হয়, এই দৃশ্য ৰঙিয়াৰ ২নং ইচ্ছাপুৰ গাঁৱৰ। প্ৰায় এমাহ ধৰি গাওঁখন কৃত্ৰিম বানৰ কৱলত । পানীৰ তলত বুৰ গৈ আছে ৰান্ধনী ঘৰৰ লগতে শৌচালয় । বৃহত্তৰ গাওখনৰ অৱস্থা হৈ পৰিছে অতি যান্ত্ৰণাময় ।ইমানৰ পিছতো খবৰ নাই ৰজাঘৰৰ । বিধায়কৰ লগতে খবৰ লবলৈ আহৰি নাই পঞ্চায়ত প্ৰতিনিধিৰ ।উপায়ন্তৰ ক্ষোভিত ৰাইজ মঙ্গলবাৰে ওলাই আহিল ৰাজপথলৈ । কৃত্ৰিম বানৰ পৰা মুক্ত কৰিবলৈ চৰকাৰৰ বিৰুদ্ধে পথত দিলে ধৰ্ণা । কোলাত কনমাণি কেচুৱাক লৈ বৰ্ণনা কৰিলে সমস্যাৰ কথা । উল্লেখযোগ্য যে ইচ্ছাপুৰ গাঁৱৰ গঞা ৰাইজ কৃত্ৰিম বানৰ বাবেই উপায় নোপোৱা হৈ পৰিছে ।
ঘৰৰ চোতাল, পদুলিৰ লগতে যাতায়তৰ একমাত্ৰ মাধ্যম যোৱা কৰা গাওঁখনৰ মুল পথটোত এতিয়া একাঠু পানী আৰু বোকা। গাওঁখনৰ পৰা পানী ওলাই যোৱা ব‍্যৱস্থাটো নথকাৰ বাবেই এই অৱস্থাৰ সৃষ্টি হৈছে গাওখনত । ৰাইজেও সদৰি কৰিছে এই কথা ।বোকাপানীৰে ভৰি থকা বাট পথৰ বাবে স্থানীয় ৰাইজৰ কষ্টৰ সীমা নোহোৱা হৈছে। বিশেষকৈ ছাত্র-ছাত্ৰীৰ লগতে মহিলা সকলে সন্মুখীন হব লগা হৈছে সীমাহীন সমস্যাৰ । ইফালে এমাহ ধৰি পানীৰ তলত থকা বাবে অঞ্চলটো হৈ পৰিছে অস্বাস্থ‍্যকৰ আৰু বসবাসৰ অনুপযোগী । মহ, ডাহঁৰ উপদ্ৰপৰ লগতে শেলুৱৈএ গোটেই অঞ্চলটো ছানি ধৰাত মহামাৰী বিয়পাৰ আশংকাও বৃদ্ধি পাইছে অঞ্চলটোত। ৰাইজে সোনকালে ব‍্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।
Bite:- স্থানীয় ৰাইজConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.