ETV Bharat / state

দলৰ ৪২ লাখ কৰ্মকৰ্তাৰ দায়িত্ব মোৰ: ভৱেশ কলিতা - ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা

মঙলবাৰে ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই মন্তব্য কৰে যে এয়া মাত্র আৰম্ভণিহে ৷ তেওঁৰ নেতৃত্বত দলটোৱে ২৫ বছৰীয়া একচন প্লেন প্ৰস্তুত কৰিব আৰু দলৰ ভেঁটি শক্তিশালী কৰি চৰকাৰখনৰ প্ৰতিটো কামতে সহায়ৰ হাত আগবঢ়াব ৷

rangia-mla-bhabesh-kalita-took-charge-as-state-bjp-president
মই নিমিত্ত মাত্র, দলৰ ৪২ লাখ কৰ্মকৰ্তা মোৰ মূৰৰ ওপৰত থাকিব:ভৱেশ কলিতা
author img

By

Published : Jun 29, 2021, 9:01 PM IST

গুৱাহাটী, ২৯ জুন : মঙলবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়(Assam state BJP head office) ত আনুষ্ঠানিকভাৱে ৰাজ্যিক সভাপতি(State President)ৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই(Rangia MLA Bhabesh Kalita )। দলৰ ৰাজ্যিক কাৰ্য নিৰ্বাহক সভাত বিদায়ী সভাপতি ৰণজিৎ কুমাৰ দাসে(Ranjit Kr. Das) ভৱেশ কলিতাক আনুষ্ঠানিকভাৱে দায়িত্বভাৰ প্ৰদান কৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা(CM Himanta Bishwa Sarma)ৰ উপস্থিতিত নৱ-নিযুক্ত সভাপতি ভৱেশ কলিতাক উষ্ম আদৰণি জনোৱা হয় ।

সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি দিয়া ভাষণত ভৱেশ কলিতাই কয়-' সমগ্ৰ দেশতে আজি বিজেপি(BJP)ৰ জয়গান হৈছে । আমি বহু দূৰ আগুৱাই যাব লাগিব । এয়া মাত্র আৰম্ভণিহে ।

দলৰ ৪২ লাখ কৰ্মকৰ্তাৰ দায়িত্ব মোৰ: ভৱেশ কলিতা

আমি ২৫ বছৰীয়া একচন প্লেন(action plan) প্ৰস্তুত কৰিম । আমি আমাৰ দলৰ ভেঁটি শক্তিশালী কৰিব লাগিব । কৰিবলগীয়া বহু আছে' ৷

ৰাজ্যিক বিজেপিৰ নতুন সভাপতি গৰাকীয়ে লগতে কয় যে, দলত জ্যেষ্ঠজনক সন্মান আৰু কনিষ্ঠজনক মৰম কৰিব লাগিব । সকলোৰে আশীৰ্বাদ লৈ ৰাজ্যখনৰ সেৱাত নিয়োজিত হ'ব লাগিব । বিজেপি দলৰ কৰ্মকৰ্তাসকলে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ তৃণমূল পৰ্যায়লৈ লৈ যাব লাগিব ৷

ইয়াৰ বাবে প্ৰতিজন কৰ্মকৰ্তাই সেৱাৰ মনোভাৱেৰে কাম কৰিব লাগিব বুলি মন্তব্য কৰি ভৱেশ কলিতাই কয় যে, তেওঁ নিজে নিমিত্ত মাত্র, দলৰ ৪২ লাখ কৰ্মকৰ্তাৰ দায়িত্ব তেওঁ লব লাগিব ৷ সকলোৱে মিলিজুলি পৰিয়ালৰ দৰে আগুৱাই যাব লাগিব । চৰকাৰখনৰ প্ৰতিটো কামতে বিজেপি দলৰ সহযোগিতা অব্যাহত থাকিব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ নৱ নিৰ্বাচিত সভাপতি ভৱেশ কলিতাই ৷

লগতে পঢ়ক : Cyber Crime নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীত নতুন সংযোজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.