ETV Bharat / state

ৰঙালীৰ ৰং; ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙত ৰঙীয়াল অসমীয়া

author img

By

Published : Apr 21, 2022, 8:04 PM IST

জাতিয়ে স্নান কৰা ঋতুত অসমীয়াই পালন কৰিছে আদৰৰ ৰঙালী বিহু (Rangali bihu celebration across Assam) । সমগ্ৰ অসমতে এক উখল-মাখল পৰিৱেশ । প্ৰান্তে প্ৰান্তে আয়োজন বিভিন্ন অনুষ্ঠানৰ । মনৰ আনন্দত অসমীয়াই নাচিছে কঁকাল ঘূৰাই ।

rangali bihu celebration across assam
ঢোলৰ মাতে কলিজা খাই: বিহুটি অহাৰে পৰা অসমীয়াৰ গাত ততে নাই

নিউজ ডেস্ক,২১ এপ্ৰিল : ৰাজ্যজুৰি বৈছে ৰঙালীৰ পাৰভঙা উচাহৰ ঢল । চৌপাশে এক উদুলি-মুদুলি পৰিৱেশ । ৰাজ্যৰ চুকে-কোণে আয়োজন বিভিন্ন অনুষ্ঠানৰ । প্ৰায় দুটা বছৰৰ পাছত ব'হাগৰ বিহুটি পাতিবলৈ পাই অসমীয়াৰ মন মতলীয়া হৈ পৰিছে(Rangali bihu celebration across Assam) । কণ কণ শিশুৰ পৰা আবাল বৃদ্ধ বণিতালৈকে সকলোৱে নাচিছে এপাক কঁকাল ঘূৰাই(Rangali bihu 2022) ।

কংক্ৰিটৰ মহানগৰীটো দেখা গৈছে বিহুৰ আনন্দ । গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতো মহানগৰবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি । পৰম্পৰা ৰক্ষা কৰি সাত বিহু(Saat bihu name) নতুবা চেৰা বিহুৰ দিনটোত অনিচ্ছা স্বত্বেও ৰাইজে প্ৰতীকী ৰূপত বিদায় দিয়ে অতি চেনেহৰ ৰঙালী বিহুটিক ।

পৰম্পৰা অনুসৰি মহানগৰীৰ নাৰেংগীৰ হাউছিং কলনীটো গছৰ তলত হাউছিং কলনীৰ লোকসকলে বিহু উৰুওৱা দেখিবলৈ পোৱা গ'ল । চেনেহৰ সাত বিহুৰ অন্তিম দিনটোত বিহু নাচি, বিহু গাই আনন্দ কৰিলে অঞ্চলবাসীয়ে । ঢোল পেঁপা,গগনাৰ মাতত মুখৰিত হৈ পৰিল আকাশ-বতাহ । চেৰা বিহু উপলক্ষে নাৰেংগীৰ শান্তা মণিকা হাউছিং কলনীৰ বুঢ়া মেথাই কঁকাল ঘূৰাই নাচি ৰঙালীৰ উচাহত উটি ভাঁহি গ’ল ।

জাক জাক হুঁচৰিৰে ভৰিছে চোতাল । গৃহস্থই বুটলিছে গৰখীয়া ল'ৰাৰ আৰ্শীবাদ । কণ কণ শিশুকো দেখা গ'ল গৃহস্থৰ চোতালত হুঁচৰি যোৰা । কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কণ-কণ শিশুহঁতে পুৰণি পৰম্পৰা-সংস্কৃতি ধৰি ৰাখি ঘৰে-ঘৰে গৈ গৃহস্থৰ চোতালত হুঁচৰি গায় সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । লগতে কলিয়াবৰৰ চতিয়াল আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰই দুদিনীয়াকৈ উদযাপন কৰে ৰঙালী বিহুটি । কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰা বিহুটিত মঙলবাৰৰ নিশা মঞ্চায়ন কৰে নটসূৰ্য ফণী শৰ্মাৰ কালজয়ী নাটক 'ভোগজৰা'।

দ্বীপ জিলা মাজুলীতো ৰঙালীৰ ৰং । ভকতিদুৱাৰত মাজুলীৰ প্ৰথমখন বিহু সন্মিলন দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় । বিহু সন্মিলনখনিত সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতাৰ আয়োজন কৰে । বৰ বিহুৱতী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বৰষা বুঢ়াগোহাঁই, দ্বিতীয় স্থান লাভ কৰে ধৰিত্ৰী শৰ্মা, তৃতীয় স্থান লাভ কৰে নয়নমনি পেগুৱে ৷ ঠিক তেনেদৰে সৰু বিহুৱতী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে আলফুল শইকীয়া, দ্বিতীয় স্থান লাভ কৰে আৰোহি দাস আৰু জাহ্নৱী শইকীয়াই, তৃতীয় স্থান লাভ গৰিমা বৰুৱাই ৷

একেদৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত লাউপাৰা, মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়, ৰঙাপৰা মহাবিদ্যালয়তো উদযাপন কৰে হেঁপাহৰ বিহুটি(Bohag bihu celebration in Assam) । ৰঙাপৰা মহাবিদ্যালয়ে পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰে 'ব'হাগৰ আবেলি'। ঢোল-পেঁপা, মাদল-চিফুঙৰ শব্দৰে মুখৰিত হৈ উঠে মহাবিদ্যালয়ৰ চৌহদ । সমান্তৰালভাৱে পাহাৰীয়া জিলা ডিমা হাছাওতো বিভিন্ন জাতি জনগোষ্ঠীৰ এই উৎসৱ সকলে মিলি একেলগে পালন কৰে ৰঙালী বিহু ।

বিহু বুলিলে ৰাখিবনো পাৰে কাক । কৰ্ম ব্যস্ততাৰ মাজতে ডিব্ৰুগড়-মৰাণৰ সাংবাদিক সকলে সাংবাদিকৰ পদূলিত জুৰিলে হুঁচৰি । পুৱাৰে পৰা নিশা লৈ ন ন তথ্যৰ খবৰ বুটলি বাতৰি আকাৰে ৰাজ্যবাসী তথা দেশবাসী লৈ প্ৰতি মুহুৰ্তৰ বতৰা দি অহা সাংবাদিক সকলে নিজৰ কৰ্মব্যস্ততাৰ মাজতো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিত হৈ পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড়ৰ সাংবাদিক সকলে দ্বাদশ বছৰৰ বাবে জুৰিলে হুঁচৰি । একেদৰেই মৰাণৰ সাংবাদিক সকলেও এইবাৰ এক লগ হৈ সাংবাদিকৰ ঘৰে ঘৰে হুঁচৰি গাই বছৰটোলৈ গৃহস্থৰ মংগলৰ বাবে আশীৰ্বাদ প্ৰদান কৰে ।

কলিয়াবৰ প্ৰেছ ক্লাৱৰ উদ‍্যোগতো মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সৈতে 'প্ৰাণৰ বহাগ, ৰঙালীৰ ৰং' অনুষ্ঠানৰ আয়োজন । জখলাবন্ধাস্থিত কলিয়াবৰ প্ৰেছ ক্লাৱৰ বাকৰিত অনুস্থিত হোৱা অনুষ্ঠানটিত চৰকাৰী কৰ্তব‍্যৰ খাতিৰত বিহুৰ বতৰতো নিজ গৃহৰ পৰা নিলগত থাকি ৰাইজৰ সেৱা আগবঢ়াই অহা কলিয়াবৰ মহকুমা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে । জনপ্ৰিয় গীতিকাৰ ৰবীন বৰাৰ কণ্ঠৰ বিহুগীতত বিহু নৃত‍্য কৰে মহকুমা নিৰ্বাচনী বিষয়া ভূপালী কাশ‍্যপে ।

এনেদৰেই ৰাজ্যজুৰি বৈছে ৰঙালীৰ উচাহৰ ঢল । ঢোলৰ মাতে, পেঁপাৰ কিৰিলিয়ে মুখৰ হৈছে ৰাজ্যৰ চৌপাশ । সকলো পাহৰি, মহঙা বজাৰকো কাটি কৰি ৰাজ্যবাসীয়ে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি ।

লগতে পঢ়ক: Rangali bihu 2022: ৰাজ্যৰ চাৰিওপিনে ৰঙালীৰ ঢৌ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.