ETV Bharat / state

Pabitra Margherita slams Congress: ভূপেন বৰাই বাগানলৈ গৈ পাপ মোচন কৰক: পবিত্ৰ মাৰ্ঘেৰিটা - Pabitra Margherita slams Rahul Gandhi

মঙলবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছক তীক্ষ্ণ সমালোচনা ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । কংগ্ৰেছে কেৱল ভোটৰ স্বার্থতেই সনাতন সংস্কৃতিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰে মাৰ্ঘেৰিটাই ।

Rajya Sabha MP Pabitra Margherita addresses PC
ভূপেন বৰাই বাগানলৈ গৈ পাপ মোচন কৰক: পবিত্ৰ মাৰ্ঘেৰিটা
author img

By ETV Bharat Assamese Team

Published : Sep 5, 2023, 9:33 PM IST

ভূপেন বৰাই বাগানলৈ গৈ পাপ মোচন কৰক: পবিত্ৰ মাৰ্ঘেৰিটা

গুৱাহাটী, ৫ ছেপ্টেম্বৰ: "কংগ্ৰেছে কেৱল ভোটৰ স্বার্থতেই সনাতন সংস্কৃতিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । সনাতন সংস্কৃতিক আক্ৰমণ কৰাটো I.N.D.I.A ৰ মূল এজেণ্ডা হৈছে । কংগ্ৰেছে বাগানে বাগানে গৈ ক্ষমাহে বিচাৰিব লাগে ।" এই মন্তব্য ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ । মঙলবাৰে বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংসদ পবিত্ৰ মার্ঘেৰিটাই সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ তথা বিৰোধী মহাজোঁট INDIA ক তীক্ষ্ণ সমালোচনাৰ লক্ষ্য কৰি লয় ।

তেওঁ লগতে কয় যে, ইমানদিনে কংগ্ৰেছে বাগানৰ মানুহক কেৱল প্ৰতাৰণা কৰিছে । তাৰ বিপৰীতে বাগানত আন্তঃগাঁথনি উন্নত কৰিছে বিজেপি চৰকাৰে । বাগানৰ মানুহৰ বিদ্যুতৰ মাচুল চৰকাৰে আদায় দি লোকসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছে বিজেপি চৰকাৰে । ইয়াৰোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাকো তীক্ষ্ণ সমালোচনা কৰে পবিত্ৰ মাৰ্ঘেৰিটাই । ভূপেন বৰাৰ প্ৰসংগত বাগানলৈ গৈ পাপ মোচন কৰাৰ পৰামৰ্শ প্ৰদান কৰে মাৰ্ঘেৰিটাই ।

আনহাতে লোড শ্বেডিং সন্দর্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পবিত্ৰ মাৰ্ঘেৰিটাই । তেওঁ কয় যে সমগ্ৰ দেশতে লোড শ্বেডিং হৈছে । অত্যন্ত গৰমৰ বাবে লোড শ্বেডিং বৃদ্ধি পাইছে বুলি উল্লেখ্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই । লগতে ব্যৱহাৰৰ অনুপাতে বিদ্যুৎ উৎপাদন পৰ্যাপ্ত নহয় বুলি মন্তব্য আগবঢ়াই । আনহাতে কংগ্ৰেছ শাসিত ৰাজ্যত লোড শ্বেডিং বেছি হৈ আছে বুলিও কটাক্ষ কৰি তেওঁ কয় যে এতিয়া ৰাজ্যত লাহে লাহে সুস্থিৰ হৈছে লোড শ্বেডিং । পিছে পবিত্ৰ মাৰ্ঘেৰিটাৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া কিদৰে কংগ্ৰেছে দিয়ে সেয়া হ'ব লক্ষণীয় ।

লগতে পঢ়ক: Foreigner arrested: মহানগৰীত পোলেণ্ডৰ নাগৰিকৰ অবৈধ বাহৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.