গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী : ৰাজনীতিত স্থায়ী বুলি আচলতে কোনো কথা নাথাকে । ৰাজনীতিত ক'ৰ পানী কেতিয়া ক'লৈ বৈ যায় তাৰো কোনো নিশ্চয়তা নাথাকে । সৌ সিদিনালৈকে মাজুলীত কংগ্ৰেছ দলৰ বাবে একপ্ৰকাৰ এলাগী হৈ ৰোৱা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুক এতিয়া কংগ্ৰেছ দলে অৰ্পণ কৰিছে গুৰু দায়িত্ব ।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বুধবাৰে এক নিৰ্দেশযোগে ৰাজীৱলোচন পেগুক মাজুলী উপ নিৰ্বাচন (Majuli by election 2022) পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব ন্যস্ত কৰে । মন কৰিবলগীয়া যে, বিগত দীৰ্ঘসময় ধৰি ৰাজীৱ লোচন পেগু কংগ্ৰেছ দলত একপ্ৰকাৰ নিস্ক্ৰিয় হৈ ৰৈছিল । আনকি মাজুলী জিলা কংগ্ৰেছৰ সভাপতিৰ পদো ত্যাগ কৰিছিল পেগুৱে ।
তেওঁৰ এনেধৰণৰ কাৰ্যকলাপে চিন্তিত কৰি তুলিছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক ।
ৰাজ্যৰ ৰাজনীতিত এইবুলিও চৰ্চা চলিছিল যে, শীঘ্ৰে ৰাজীৱলোচন পেগুৱে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগ দিব আৰু মাজুলীৰ উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীৰূপে থিয় দিব । কিন্তু মুৰকত তেনেকুৱা একোৱেই নঘটিল । কংগ্ৰেছে মাজুলী আসমখন অসম জাতীয় পৰিষদক এৰি দিয়াৰ বাবে ভিতৰি ক্ষুন্ন হৈ পৰা ৰাজীৱলোচন পেগুৱে আচম্বিতে নিজৰ স্থিতি সলনি কৰি জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াই প্ৰাৰ্থীগৰাকীৰ হকে প্ৰচাৰ অভিযানত নামি পৰে ।
তেওঁৰ এনে স্থিতিয়ে বিজেপিকো আনকি হতচকিত কৰি তোলে । তেনে সময়তে প্ৰদেশ কংগ্ৰেছে বুধবাৰে পেগুক মাজুলীৰ উপ নিৰ্বাচন পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়াটো তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে ।
লগতে পঢ়ক : Majuli by election: সোণোৱালে প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ নোযোৱাৰ ৰহস্য কি ?