গুৱাহাটী, 17 এপ্ৰিল : মঙলবাৰে পুৱতি নিশা অহা বতাহ-ধুমুহাত বিধ্বস্ত ক্ষেত্ৰীৰ মালয়বাৰী অঞ্চলৰ কেইবাটাও বাসগৃহ ৷ ধুমুহাৰ ফলত গছ উভালি কথমপি প্ৰাণৰক্ষা কেইবাজনৰো ৷
প্ৰচণ্ড ধুমুহাই মালয়বাৰী অঞ্চলত বহু পৰিয়ালৰ ঘৰৰ টিন উৰুৱাই লৈ যোৱাৰ ফলত আলৈ-অথানিত ভুগিছে স্থানীয় ৰাইজ ৷ ধুমুহাৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰাৰ ফলত অঞ্চলটোত ব্যাহত হৈ পৰিছে বিদ্যুৎ সংযোগ৷