ETV Bharat / state

অভিযোগ কটাক্ষ কৰি ৰে'লৱে এমপ্ল'ইজ ইউনিয়নৰ সংবাদমেল

author img

By

Published : Sep 9, 2020, 9:40 PM IST

মালিগাঁওস্থিত ৰে'লৱে চিকিৎসালয়ৰ বিশেষভাবে সক্ষম মনিশ সিং নামৰ চিকিৎসক এগৰাকীক অপদস্থ কৰাৰ অভিযোগ ৰে'ল বিভাগৰ কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক মুনিন্দ্ৰ শইকীয়াৰ বিৰুদ্ধে ৷ ঘটনা সন্দৰ্ভত পৃথকে পৃথকে গোশালা আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ ৷

Railways Employees Union Press Meet At Guwahati
অভিযোগ কটাক্ষ কৰি ৰে'লৱে এমপ্ল'ইজ ইউনিয়নৰ সংবাদমেল

গুৱাহাটী, 9 ছেপ্তেম্বৰ : মালিগাঁওস্থিত ৰে'লৱে চিকিৎসালয়ৰ বিশেষভাবে সক্ষম মনিশ সিং নামৰ চিকিৎসক এগৰাকীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে । চিকিৎসক গৰাকীৰ অভিযোগ অনুসৰি,ৰে'ল বিভাগৰ কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক মুনিন্দ্ৰ শইকীয়াই মাতৃক লৈ আহিছিল চিকিৎসালয়লৈ আৰু সেই সময়ত চিকিৎসক গৰাকীৰ সৈতে তৰ্কত লিপ্ত হোৱাত মুনিন্দ্ৰ শইকীয়াই সহযোগী সকলক মাতি অপদস্থ কৰে বিশেষভাৱে সক্ষম চিকিৎসক গৰাকীক ।

অভিযোগ কটাক্ষ কৰি ৰে'লৱে এমপ্ল'ইছ ইউনিয়নৰ সংবাদমেল

ইফালে,এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভাৰতীয় মেডিকেল সন্থাৰ অসম শাখাই এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মহাপ্ৰৱন্ধকে ধৰি ৰে'লৱেৰ চিকিৎসালয়ৰ কৰ্তৃপক্ষলৈ ।

আনহাতে,এই ঘটনা সন্দৰ্ভত বুধবাৰে সংবাদমেল সম্বোধন কৰে ৰে'লৱে এমপ্ল'ইজ ইউনিয়নে । সংগঠনটোৰ সাধাৰণ সম্পাদক মুনিন্দ্ৰ শইকীয়াই চিকিৎসক মনিশ সিঙক আক্ৰমণ কৰাৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰে । লগতে,ঘটনা সংঘটিত হোৱাৰ সময়চোৱাত কৰ্তব্যৰত অৱস্থাত থকা কস্তুৰী দত্ত নামৰ স্বাস্থ্যকৰ্মী গৰাকীয়েও চিকিৎসক গৰাকীৰ অভিযোগ সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰে ৷

ইফালে,সংগঠনটোৰ অভিযোগ অনুসৰি,বিশেষভাৱে সক্ষম চিকিৎসক গৰাকীহে পূৰ্বৰ পৰাই ৰোগী তথা অভিভাৱকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন প্ৰদান কৰিছে। যাৰ বাবে চিকিৎসক মনিশ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে ৰে'লৱে এমপ্ল'ইজ ইউনিয়নে ।

উল্লেখ্য যে,ঘটনা সন্দৰ্ভত দুয়ো পক্ষই গোশালা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ । তাৰোপৰি ৰে'ল বিভাগৰ তৰফৰ পৰা এখন তদন্ত কমিটী গঠন কৰি দিয়া হৈছে ।

লগতে পঢ়ক : দিছপুৰৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত শতাধিক লোকৰ কংগ্ৰেছত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.