ETV Bharat / state

মহানগৰীত মুকলি কৰা হ'ল ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় - জু-নাৰেংগী পথ

অখিল গগৈয়ে মুক্তি নাপালে ২১ৰ নিৰ্বাচনত অখিল গগৈৰ মুক্তিয়েই হ'ব ৰাইজৰ দলৰ এটা মুখ্য বিষয় । লগতে চৰকাৰে অখিল গগৈক নিৰ্বাচনলৈকে বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিছে বুলি আজিৰ অনুষ্ঠানতে অভিযোগ কৰে ৰাইজৰ দলৰ আহ্বায়ক ভাস্কো ডি শইকীয়াই ৷

raijor-dol-office-inougration-program
মহানগৰীৰ জু-নাৰেংগী পথত মুকলি কৰা হ'ল ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়
author img

By

Published : Dec 20, 2020, 6:52 PM IST

Updated : Dec 20, 2020, 7:18 PM IST

গুৱাহাটী, 20 ডিচেম্বৰ : দেওবাৰে মঠঘৰীয়াৰ জু নাৰেংগী পথত মুকলি কৰা হয় ৰাইজৰ দলৰ মুখ্য কাৰ্যালয় ৷ মুখ্য কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাইজৰ দলৰ মুখ্য উপদেষ্টা জাহ্নু বৰুৱাই ৷ এই অনুষ্ঠানতে উন্মোচন কৰা হয় ৰাইজৰ দলৰ পতাকাও ৷

raijor-dol-office-inougration-program
মহানগৰীত উন্মোচন হ'ল ৰাইজৰ দলৰ পতাকা

ইতিমধ্যে ৰাইজৰ দলৰ ২৯ খন জিলা সমিতি গঠন কৰা হৈছে বুলি অৱগত কৰে দলটোৰ নেতৃত্বই ৷ ইয়াৰ উপৰিও ১২৬ টা সমষ্টিৰ ভিতৰত বৰ্তমানলৈ ৭৫ টা সমষ্টিত সাংগঠনিক ভেটি সুদৃঢ় কৰা হৈছে বুলিও মন্তব্য কৰে ভাস্কো ডি শইকীয়াই ৷

মহানগৰীৰ জু-নাৰেংগী পথত মুকলি কৰা হ'ল ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়
২১ৰ নিৰ্বাচন জাতি, ভাষা আৰু সংস্কৃতি ৰক্ষাৰ যুঁজ হ'ব বুলিও মন্তব্য কৰে ভাস্কো ডি শইকীয়াই ৷ লগতে 4,5 আৰু 6 জানুৱাৰীৰ পৰিবৰ্তে 7,8 আৰু 9 জানুৱাৰীত মৰাণত ৰাইজৰ দলৰ প্ৰথমখন অভিৱৰ্তন অনুষ্ঠিত হ'ব বুলি অৱগত কৰে। উমৈহতীয়া ন্যূনতম কাৰ্যসূচীৰ ভিত্তিত সকলো আঞ্চলিক দল একেলগ হোৱাৰ আহ্বান জনায় দলটোৰ নেতৃত্বই ।অখিল গগৈয়ে মুক্তি নাপালে ২১ৰ নিৰ্বাচনত অখিল গগৈৰ মুক্তিয়েই ৰাইজৰ দলৰ হ'ব এটা মুখ্য বিষয় । লগতে চৰকাৰে অখিল গগৈক নিৰ্বাচনলৈকে বন্দী কৰি ৰখাৰ ষড়যন্ত্ৰ কৰিছে বুলি আজিৰ অনুষ্ঠানতে অভিযোগ কৰে ৰাইজৰ দলৰ আহ্বায়ক ভাস্কো ডি শইকীয়াই ৷লগতে পঢ়ক: নলবাৰীত ৭৩ কোটি টকাৰ চেক বিলালে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে

Last Updated : Dec 20, 2020, 7:18 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.