ETV Bharat / state

পৰাজয়ৰ ভয়ত বিজেপিয়ে বক্ৰ পথ লৈছে: সীতানাথ লহকৰ

author img

By

Published : Apr 2, 2021, 7:13 PM IST

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা কৰিমগঞ্জ জিলাত বিজেপি নেতাৰ বাহনত ইভিএম উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ৰাজ্য়জুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ইতিমধ্যে ইভিএম বেমেজালিৰ এই ঘটনাক লৈ ৰাইজৰ দলে সংবাদমেল সম্বোধন কৰি বিজেপিয়ে বক্র পথেৰে জয়ী হব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৷

raijor-dal-pressmeet-in-guwahati
পৰাজয়ৰ ভয়ত বিজেপিয়ে বক্ৰ পথ লৈছে: সীতানাথ লহকৰ

গুৱাহাটী, 2 এপ্ৰিল : ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সমাপ্ত হোৱাৰ লগে লগে এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে ৰাজনৈতিক দল সমূহ ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে কৰিমগঞ্জ জিলাত বিজেপি নেতাৰ বাহনত ইভিএম উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি ৰাজ্য়জুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই ঘটনাৰ পাছতে নিৰ্বাচন আয়োগে নিলম্বন কৰিছিল চাৰিজনকৈ বিষয়াক ৷

ইতিমধ্যে ইভিএম বেমেজালিৰ এই ঘটনাক লৈ ৰাইজৰ দলে শুকুৰবাৰে মহানগৰীৰ মথঘৰীয়াস্থিত দলটোৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰে এক সংবাদমেলৰ ৷ সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ উপদেষ্টা সীতানাথ লহকৰে বিজেপি দলে পৰাজয় হব বুলি গম পাই বক্র পথেৰে জয়ী হব বিচাৰিছে বুলি অভিযোগ উত্থাপন কৰে ৷

আনহাতে টোলগেটৰ মাচুল বৃদ্ধি কৰাকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লহকৰে ৷ তেওঁ এই সন্দৰ্ভত কয় যে, নীতিন গাডকাৰীয়ে টোল গেট বন্ধ কৰিম বুলি কৈছিল কিন্তু এতিয়া টোল গেটৰ মাচুল বৃদ্ধি হে কৰিছে । ”

ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনকলৈও মন্তব্য কৰিছে ৰাইজৰ দলৰ উপদেষ্টা গৰাকীয়ে ৷ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাইজৰ দলে সৰভোগত চিপিএমৰ মনোৰঞ্জন তালুকদাৰক সমৰ্থন আগূবঢ়াব । সমান্তৰালভাৱে দিশপুৰত মনজিত মহন্তক সমৰ্থন আগবঢ়াব ৰাইজৰ দলে ৷

আনহাতে ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ সময়তে বিজেপিৰ নেতা পিয়ুষ হাজৰিকাই দুগৰাকী সাংবাদিকক ভাবুকি দিয়া ঘটনাক ধিক্কাৰ জনোৱাৰ লগতে পিযুষক দলৰ পৰা বহিস্কাৰ কৰাৰ আহ্বান জনায় ৰাইজৰ দলৰ উপদেষ্টা সীতানাথ লহকৰে ৷

লগতে পঢ়ক: নিৰ্বাচন আয়োগৰ প্ৰেছ বিজ্ঞপ্তি : নিলম্বন 4 নিৰ্বাচনী বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.