ETV Bharat / state

চীনৰ পৰা অসম চৰকাৰে পিপিই কিট ক্ৰয় কৰাটো এক জীয়া ফাঁকি : ৰাইজৰ দল

কোভিডৰ সময়ত সেই সময়ৰ স্বাস্থমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশা ব্লু ডাৰ্টৰ কাৰ্গ’ বিমানৰ সন্মুখত থিয় হৈ তোলা ফটোৱে ৰাজ্যজুৰি চৰ্চা লাভ কৰিছিল ৷ সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই বিমানখনত চীনৰ পৰা পিপিই কিট অনা বুলি প্ৰচাৰ কৰাৰ পাছত শেহতীয়াকৈ ভিন্ন মহলে সেই কথা ভুৱা বুলি মন্তব্য কৰিছে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলে (PPE Kit controversy Assam)৷

author img

By

Published : May 29, 2022, 8:12 PM IST

PPE Kit controversy Assam
চীনৰ পৰা পিপিই কিট ক্ৰয় কৰাটো এক জীয়া ফাঁকি: ৰাইজৰ দল

গুৱাহাটী, ২৭ মে’: ক’ভিড মহামাৰীৰ সময়তে PPE kit ৰ নামত অসম চৰকাৰে বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগে জোঁকাৰিছে ৰাজ্য (PPE Kit controversy Assam)৷ শুকুৰবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সাংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ উপ-সভাপতি ৰাছেল হুছেইনে(Raijor Dal vice president Rasel Hussain) কয় যে, ক’ভিডকালীন সময়ত ৰাজ্য চৰকাৰে সফলতাৰ যি ধাক-ঢোল বজাইছিল সেয়া সম্পূৰ্ণ ভুৱা আছিল (Import PPE Kit from China to Assam)।

তেওঁ কয় যে, ক’ভিড বিৰোধী যুঁজৰ নামত চৰকাৰে বৃহৎ ধন সংগ্ৰহ কৰিছিল । কিন্তু আজিলৈ সেই ধনৰ হিচাপ দিব নোৱাৰিলে সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । হিমন্ত বিশ্ব শৰ্মাই চীনৰ পৰা ক্ৰয় কৰা ৫০ হাজাৰ পিপিই কিট উচ্চ মানদণ্ডৰ বুলি কৈ এদিনৰ পাছতে পাভলুটী মাৰিলে বুলি মন্তব্য কৰে ৰাইজৰ দলৰ উপ-সভাপতিগৰাকীয়ে ।

তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্যা ওইৱাৰ আৰু অসমৰ ক্ৰছ কাৰেণ্টৰ বাতৰিৰ আঁত ধৰি কয়, আৰ টি আই তথ্যত পোৱা প্ৰতিবেদনত চীনৰ পৰা পিপিই কিট ক্ৰয় কৰা নাছিল চৰকাৰে । তেন্তে ক’ত হেৰাল চীনৰ পৰা ক্ৰয় কৰা 50 হাজাৰ পিপিই কিট বুলি প্ৰশ্ন কৰে ৰাছেল হুছেইনে ৷ ব্লু ডাৰ্টৰ কাৰ্গ’ বিমানযোগে চীনৰ পৰা ক্ৰয় কৰি অনা পিপিই কিট্স​মূহ ক’ত আছে তাৰ উত্তৰ বিচাৰে ৰাইজৰ দলে । যদিহে বিমানখনত পি পি ই কিট অনা নাছিল, তেন্তে বিমানখনত কি আছিল বুলিও প্ৰশ্ন কৰে ৰাইজৰ দলে ৷

সম্পূৰ্ণ মিথ্যাচাৰৰ আশ্ৰয় লৈ জনগণক আভুৱা ভৰা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ তুলি মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে উক্ত সংবাদমেলত উপস্থিত থাকি ৰাইজৰ দলৰ মুখপাত্ৰ ড৹ জ্ঞানশ্ৰী বৰাই(Raijor Dal spokesperson Gyanashree Bora) পিপিই কিট্​ৰ বিতৰ্কৰ প্ৰসংগত চোকা সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্য চৰকাৰক ৷

লগতে পঢ়ক: চীনৰ পি পি ই কিট গ্ৰহণ কৰা নাছিল চৰকাৰে: পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.