গুৱাহাটী,6 জুন: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পাৰ্যমানে চেষ্টা অটুত ৰাখিছে ৷ এই যুঁজৰ সৈতে অৱতীৰ্ণ হ’বলৈ শেহতীয়াকৈ চৰকাৰখনলৈ ৰাজ্যবাসী তথা অনুষ্ঠান প্ৰতিষ্ঠানসমূহে চৰকাৰলৈ আগবঢ়াইছে বিভিন্ন ধৰণৰ সাহায্য ৷
এনে সময়তে ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ ২৫ লাখ টকাৰ বৰঙণি আগবঢ়ালে দেশৰ অন্যতম জাতীয় বেংকিং প্ৰতিষ্ঠান (banking organisation) পাঞ্জাৱ নেচনেল বেংকে (punjab national bank) । শনিবাৰে মুখ্যমন্ত্রী শৰ্মাক সাক্ষাৎ কৰি ২৫ লাখ টকাৰ চেক প্ৰদান কৰে পাঞ্জাৱ নেচনেল বেংকৰ উত্তৰ-পূৱ ভাৰতৰ আঞ্চলিক প্ৰমুখ (north east regional head ) শিৱ শংকৰ সিংহই ।
আঞ্চলিক প্ৰমুখ গৰাকীৰ সৈতে এই সময়চোৱাত উপস্থিত আছিল বেংকটোৰ শীৰ্ষ বিষয়া ক্ৰমে নিৰেন্দ্ৰ কুমাৰ, ৰাজেন্দ্ৰ সিং, বিশ্বজিত খাউণ্ড আৰু পাৰ্থ প্ৰতিম বৰা । অসমৰ ৰাইজৰ হৈ ধনৰাশি গ্ৰহণ কৰি মুখ্যমন্ত্রীগৰাকীয়ে পাঞ্জাৱ নেচনেল বেংকৰ সময় উপযোগী পদক্ষেপৰ শলাগ লয় ।
লগতে পঢ়ক : ক'ভিড পৰিস্থিতিত দিশাহাৰা হাজাৰ হাজাৰ কেব চালক