ETV Bharat / state

কৰ'ণা মহামাৰীৰ মাজতে শাৰদীয় ৰাণীক আদৰিবলৈ সাজু ৰাজ্যবাসী - শাৰদীয় দুৰ্গোৎসৱলৈ

মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰী, নিউ কলনী, কলেজ গেট, বৰ বজাৰ, মালিগাঁও আদিত অনুষ্টুপীয়াকৈ হ'লেও চলিছে পূজাৰ প্ৰস্তুতি । মাস্ক, ছেনিটাইজাৰ আদি ব্যৱহাৰ নকৰিলে কোনো লোককে পূজা মণ্ডপত প্ৰৱেশ কৰিবলৈ নিদিয়ে পূজা কমিটী সমূহে।

puja preparation story at  guwahati
কৰ'ণা মহামাৰীৰ মাজতে শাৰদীয় ৰাণীক আদৰিবলৈ সাজু ৰাজ্যবাসী
author img

By

Published : Oct 17, 2020, 10:01 PM IST

গুৱাহাটী,17 অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন বাকী। কিন্তু পূৰ্বৰ দৰে নাই উছাহ-উদ্দীপনা। কৰ'ণা মহামাৰীৰ বাবে এইবাৰ অতি কঠোৰ নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব দুৰ্গা পূজা। ইতিমধ্যেই প্ৰশাসনে বান্ধি দিছে কেতবোৰ নীতি-নিৰ্দেশনা। সেই নীতি-নিয়ম অনুসৰিয়ে পূজা আয়োজনৰ ব্যৱস্থা কৰিছে দুৰ্গা পূজা উদযাপন কমিটী সমূহে। মহানগৰীৰ পাণ্ডু ৰেষ্টকেম্প কালীবাৰী, নিউ কলনী, কলেজ গেট, বৰবজাৰ, মালিগাঁও আদিত অনুষ্টুপীয়াকৈ হ'লেও চলিছে পূজাৰ প্ৰস্তুতি । মাস্ক, ছেনিটাইজাৰ আদি ব্যৱহাৰ নকৰিলে কোনো লোককে পূজামণ্ডপত প্ৰৱেশ কৰিবলৈ নিদিয়ে পূজা কমিটীসমূহে। আটাইকেইখন পূজাৰ মন্দপৰ বাহিৰত ছেনিটাইজাৰ মজুত ৰখাৰ ব্যৱস্থা কৰিছে কমিটীসমূহে।

কৰ'ণা মহামাৰীৰ মাজতে শাৰদীয় ৰাণীক আদৰিবলৈ সাজু ৰাজ্যবাসী

ইফালে প্ৰশাসনৰ নিৰ্দেশ অনুসৰি যষ্ঠীৰ আগদিনা আৰু দশমীৰ পিছদিনা পুৰোহিতৰ লগতে পূজা কমিটীৰ সমূহ বিষয়ববীয়াই কৰিব লাগিব ক'ভিড পৰীক্ষা। প্ৰশাসনৰ এই সিন্ধান্তত এতিয়া বিপাঙত পৰিছে একাংশ পূজা কমিটী। তেওঁলোকৰ মতে পূজাৰ পূৰ্বে পূজাৰীৰ ক'ভিড পজিটিভ হ'লে বিপদত পৰিব সকলো । এনে হ'লে পূজাৰ ধৰ্মীয় কাম কাজটো আহিব পাৰে বাধা। এই ক্ষেত্ৰত প্ৰশাসনৰ পুনৰ বিবেচনা কৰিবলৈ আহ্বান কমিটীৰ বিষয়ববীয়াৰ।

puja preparation story at  guwahati
কৰ'ণা মহামাৰীৰ মাজতে শাৰদীয় ৰাণীক আদৰিবলৈ সাজু ৰাজ্যবাসী

লগতে পঢ়কঃ ৰাজ্যজুৰি পালন কৰিলে হেপাহৰ কাতি বিহু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.