গুৱাহাটী,১ এপ্ৰিল : নতুন ৰূপত জিলিকি উঠিব অসম বিধানসভাৰ চৌহদ । শুকুৰবাৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিধানসভা চৌহদ আৰু বিধায়ক আৱাস চৌহদত আয়োজন কৰা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে(Assam CM program in Assembly campus of Guwahati) । বিধায়কসকলৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে মুখ্যমন্ত্রীয়ে বিধানসভাৰ ডিজিটেল পুথিভঁৰাল আৰু আৱাস চৌহদত অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰৰ শুভ উদ্বোধন কৰে । ইয়াৰ পাছতে মুখ্যমন্ত্রীগৰাকীয়ে বিধায়কসকলৰ বাবে বহুমহলীয়া আৱাস-১ আৰু টাৱাৰ-২ৰ আধাৰশিলা স্থাপন কৰে ।

এই উপলক্ষ্যে বিধায়ক আৱাসৰ চৌহদত আয়োজন কৰা অনুষ্ঠানত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৫২ টা নতুন বিধায়ক আৱাসৰ প্ৰয়োজনৰ কথা উল্লেখ কৰে ৷ সেই অনুসৰিয়ে দহ মহলীয়া দুটা টাৱাৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । দুটা টাৱাৰত থাকিব মুঠ ৪০ টা ফ্লেট । ইফালে এবছৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । ইয়াৰ নিৰ্মাণ কাৰ্যত ব্যয়ৰ মূল্য ধাৰ্য কৰা হৈছে ৫৯.৪৯ কোটি টকা । টাৱাৰত থাকিব হেলিপেডৰ ব্যৱস্থা । লগতে বিধায়ক আৱাস চৌহদত নিৰ্মাণ হ’ব এখন বিনোদন পাৰ্ক ।

মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মন্তব্য কৰি কয় যে, "৫২ টা বিধায়ক আৱাসৰ প্ৰয়োজন আছিল । সেই অনুসৰি দহ মহলীয়া দুটা টাৱাৰ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে । এবছৰৰ ভিতৰত নিৰ্মাণ সম্পন্ন হোৱাৰ পৰিকল্পনা কৰা হৈছে । ইফালে মে’ মাহৰ পৰা মুকলিমূৰীয়া হ’ব বিধানসভা । যিকোনো সাধাৰণ মানুহে বিধানসভা চৌহদ পৰ্যবেক্ষণ কৰিব পাৰিব(Public will be able to visit assembly premises)। ইয়াৰ বাবে বিধানসভা চৌহদত এগৰাকী গাইড থাকিব । যিগৰাকীয়ে বিধানসভা চৌহদত ক’ত কি আছে সেয়া পৰিদৰ্শন কৰাব ।"

ইফালে উক্ত অনুষ্ঠানত মুখ্যমন্ত্রীয়ে কয় যে, "২০২৬ চনৰ ভিতৰত অসম বিধানসভাৰ চৌহদ সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি তোলাৰ বাবে অসম চৰকাৰ সাজু ।"

লগতে অসম বিধানসভাৰ চৌহদত মুকলি কৰা ডিজিটেল পুথিভঁৰালত সকলোৱে অধ্যয়ন কৰি নিজকে বিধানসভাৰ যোগ্য কৰি তুলিব পাৰিব বুলিও তেওঁ মন্তব্য কৰে । লগতে উক্ত বিধানসভাক চৌহদত এখন কেণ্টিন আৰু শৰীৰ চৰ্চা কেন্দ্ৰও স্থাপন কৰা হৈছে । ১৪ জন সাংসদৰ বাবেও ৫-৬ টা অতিথিশালা অতি শীঘ্ৰেই স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে ।

ইফালে, প্ৰাক্তন বিধায়কসকল আহিলে থাকিব পৰাকৈও নিৰ্মাণ কৰা হ’ব কেইটামান অতিথিশালা । ২০১৬ চনৰ ভিতৰত এই সকলো নতুন সংযোজন সম্পূৰ্ণ হৈ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, উপাধ্যক্ষ ডাঃ নোমল মমিন, মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে ।
লগতে পঢ়ক : প্ৰথমবাৰৰ বাবে এনে অপৰিপক্ক বিৰোধীৰ ৰাজনীতি দেখিলো : হিমন্ত বিশ্ব শৰ্মা