ETV Bharat / state

PSPB inter unit tournament: অনুষ্ঠানত অংশ লৈ অইলৰ খেলুৱৈৰ চাকৰিৰ কোটা শীঘ্ৰে পূৰণৰ নিৰ্দেশ ৰামেশ্বৰ তেলীৰ

পেট্ৰলিয়াম ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ (Petroleum Sports Promotion Board)উদ্যোগত মঙলবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে PSPB inter unit tournament 2022-23 প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ মঙলবাৰে গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ইনডোৰ ষ্টেডিয়ামত(NEFR Indoor Hall) শুভাৰম্ভ কৰে পেট্টলিয়াম আৰু গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Minister Rameswar Teli)।

author img

By

Published : Nov 15, 2022, 10:24 PM IST

PSPB launched inter unit tournament 2022-23 in Guwahati
অইল কোম্পানীত খালী থকা খেলুৱৈৰ চাকৰিৰ কোটা শীঘ্ৰে পূৰণৰ নিৰ্দেশ ৰামেশ্বৰ তেলীৰ

গুৱাহাটী, 15 নৱেম্বৰ: পেট্ৰলিয়াম ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ (Petroleum Sports Promotion Board) উদ্যোগত মঙলবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হৈছে PSPB inter unit tournament 2022-23 প্ৰতিযোগিতা । এই প্ৰতিযোগিতাৰ মঙলবাৰে গুৱাহাটীৰ মালিগাঁৱত থকা উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ইনডোৰ ষ্টেডিয়ামত (NEFR Indoor Hall) শুভাৰম্ভ কৰে পেট্টলিয়াম আৰু গেছ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে (Minister Rameswar Teli)।

ভাষণত তেওঁ কয় যে এয়া অসমবাসীৰ বাবে গৌৰৱৰ কথা যে এনেধৰণৰ প্ৰতিযোগিতা অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে । পূৰ্বে পেট্ৰলিয়াম ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ মাত্ৰ এটা খেল অনুষ্ঠিত কৰি আহিছিল । এইবাৰ প্ৰথমবাৰৰ বাবে পেট্ৰলিয়াম ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডয়ে একলগে পাঁচবিধ খেল একেলগে আয়োজন কৰিছে । ইয়াৰ ভিতৰত ফুটবল, বেডমিন্টন, ভলিবল, বক্সিং আৰু কেৰম অন্যতম ।

লগতে পঢ়ক: World Diabetes Day: ডায়েবেটিছ দিৱস উপলক্ষে কলগাছিয়াত দৌৰ প্ৰতিযোগিতা

তেওঁ লগতে কয় যে এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ ক্ষেত্ৰত ১৫ টা অইলৰ কোম্পানীয়ে সহায় কৰিছে । লগতে এই কোম্পানীবোৰত খেলৰ সংৰক্ষণৰ আসনত চাকৰি কৰি থকা খেলুৱৈসকলে এই প্ৰতিযোগিতাত অংশ লৈছে । পেট্ৰলিয়াম ক্ৰীড়া প্ৰচাৰ ব’ৰ্ড চমুকৈ PSPBৰ উদ্যোগত মঙলবাৰৰ পৰা গুৱাহাটীত আৰম্ভ হোৱা PSPB inter-unit tournament 2022-23 প্ৰতিযোগিতাত ৬০০ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছে ।

তেওঁ কয় যে এই প্ৰতিযোগিতায়ে দেশৰ খেল জগত আৰু খেলুৱৈসকলক যথেষ্ট উৎসাহিত কৰিব । অইল কোম্পানীবোৰে তেওঁলোকৰ কোম্পানীবোৰত থকা খেলুৱৈৰ সংৰক্ষণৰ নামত খালী হৈ থকা চাকৰিৰ আসনসমূহ শীঘ্ৰে পূৰণ কৰিব লাগে । এয়া অইল কোম্পানীবোৰক মই আজি ইয়াৰ পৰা নিৰ্দেশ দিছো যাতে সোনকালে অইল কোম্পানীবোৰে তেওঁলোকৰ কোম্পানীবোৰত থকা খেলুৱৈৰ সংৰক্ষণৰ নামত খালী হৈ থকা চাকৰিৰ আসনসমূহ পূৰণ কৰিব লাগে ।

পেট্ৰলিয়াম ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ উদ্যোগত আয়োজিত অনুষ্ঠানত সাংসদ কুইন ওজাইও উপস্থিত থাকে ।

লগতে পঢ়ক: Birsa Munda Birth Anniversary: মৰাণত বীৰছা মুণ্ডাৰ ১৪৭ সংখ্যক জন্ম জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.