ETV Bharat / state

Protest Against BJP Govt: প্ৰৱেশ নিষিদ্ধ ! কৰম পূজাৰ পেইড হলিডে’ই লগাইছে অথন্তৰ; বিজেপিৰ সন্মুখত বৃহৎ প্ৰত্যাহ্বান

বাগিচাই বাগিচাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আটছা তথা চাহ শ্ৰমিকৰ ৷ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে বিজেপিক বাগিচাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে আটছা আৰু শ্ৰমিক সমাজে ৷

Tea Garden Workers Protest Against BJP Govt
চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চাহ শ্ৰমিকৰ
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 7:00 PM IST

Updated : Sep 21, 2023, 9:43 PM IST

কৰম পূজাৰ পেইড হলিডে’ই লগাইছে অথন্তৰ

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : “বিজেপিক আমি প্ৰৱঞ্চনা কৰা নাই কিন্তু আমাক কৰিছে”— এয়া অসমৰ মৰিয়নি জিলাৰ চেলেং চাহ বাগিছাৰ এগৰাকী ক্ষোভিত চাহ শ্ৰমিকে বৃহস্পতিবাৰে প্ৰকাশ কৰা ক্ষোভ ৷ ৰাজ্য চৰকাৰৰ শ্রমিক কল্যাণ বিভাগে শেহতীয়া এক জাননী যোগে ৰাজ্যৰ চাহ জনগোষ্ঠীসকলে শুক্লা একাদশীৰ দিনা পালন কৰি অহা কৰম পূজাৰ দিনটো পেইড হলিডে' ঘোষণা কৰিছে ৷ নিৰ্দেশনা অনুযায়ী এই দিনৰ বন্ধৰ পৰিৱৰ্তে চাহ শ্রমিকসকলে পৰৱৰ্তী যি কোনো এটা দেওবাৰে বা সাপ্তাহিক ছুটীৰ দিনত বাগিচা আৰু কলঘৰত কাম কৰি দিব লাগিব ৷ ইয়াৰ পাছতে ৰাজ্যজুৰি চাহ শ্ৰমিক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷

ৰাজ্য চৰকাৰে শেহতীয়াকৈ জাৰি কৰা জাননীক লৈ বাগিচাই বাগিচাই বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ আটছাৰ ৷ এই বিষয়টোক লৈ অসমৰ জনজীৱনৰ অন্যতম অংশ অসমৰ চাহ বাগিছাসমূহত যোৱা দুটা দিনত প্ৰৱল ক্ষোভ দেখা গৈছে বিজেপিৰ বিৰুদ্ধে ৷ লোকসভা নিৰ্বাচন চমু চাপি অহাৰ সময়তে বিজেপিক বাগিচাত প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে All Assam Tea Tribes Student Association, চমুকৈ আটছা আৰু শ্ৰমিক সমাজে ৷ বুধবাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ বহু কেইখন চাহ বাগিচাত ইয়াৰ প্ৰতিফলন দেখা পোৱা গৈছে ৷ আজি আটছা মৰিয়নি শাখাৰ উদ্যোগত চেলেং চাহ বাগিচাত শ্ৰমিক সমাজ আৰু আটছাই বিজেপি চৰকাৰে শ্ৰমিক সমাজক প্ৰতাৰণা কৰাৰ অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

এই প্ৰতিবাদী কাৰ্যসূচীতে “বিজেপিক আমি প্ৰৱঞ্চনা কৰা নাই, কিন্তু আমাক তথা চাহ শ্ৰমিক সমাজক প্ৰৱঞ্চনা কৰিছে বিজেপি চৰকাৰে”—এইদৰে ক্ষোভ উজাৰিলে এগৰাকী মহিলা শ্ৰমিকে ৷ শ শ চাহ শ্ৰমিকে অংশগ্ৰহণ কৰা প্ৰতিবাদস্থলীত ক্ষোভিত শ্ৰমিকগৰাকীয়ে কয় যে বিজেপিয়ে আমাক মাটিৰ পট্টা আৰু ঘৰ দিয়া কথা কৈছিল কিন্তু আমাক নিদিলে ৷ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, সেয়াও নকৰিলে ৷ ইতিমধ্যেই সংবাদমেল সম্বোধন কৰি আটছাৰ কেন্দ্রীয় সভাপতি ধীৰাজ গোৱালা, কেন্দ্রীয় সাধাৰণ সম্পাদক পৱন বেদীয়াসহ কেন্দ্রীয় সমিতিৰ ভালেমান বিষয়াই ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰিছে ৷

চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজাৰ বন্ধ দিনটো চাহ শ্ৰমিকক দৰমহাসহ বন্ধ দিবলৈ দাবী আটছাৰ ৷ কৰম পূজাক লৈ চৰকাৰে গ্ৰহণ কৰা এই নিৰ্দেশনা উঠাই ল'বলৈ সংবাদেমেলত দাবী আটছা নেতৃত্বৰ ৷ লগতে কৰম পূজাৰ দিনটোত কোনো চৰ্ত নোহোৱাকৈ বন্ধ দিবলৈ চৰকাৰক আহ্বান আটছা নেতৃত্বৰ ৷ যদি চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰে তেতিয়া হ'লে বাগিচাই বাগিচাই শ্ৰম মন্ত্ৰী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ সংগঠনটোৰ ৷ লগতে এই সিদ্ধান্ত পুনৰ বিবেচনা নকৰিলে বিজেপিক বাগিচাত কোনো নিৰ্বাচনী সভা কৰিব নিদিয়াৰ হুংকাৰ দিয়ে আটছাই, এই কথা সংবাদ মেলত স্পষ্ট কৰিলে আটছাৰ নেতৃত্বই ৷

মৰিয়নীৰ চেলেং চাহ বাগিছা, তিনিচুকীয়াৰ ডুমডুমাৰ চামডাং বাগিচাকে ধৰি প্ৰায় সকলো বাগিচা, ডিব্ৰুগড়ৰ বকপাৰা চাহ বাগিচা, চাবুৱাৰ বালিজান চাহ বাগিচাকে ধৰি অসমৰ বিভিন্ন জিলাৰ চাহ বাগিচাৰ পৰা শ শ চাহ শ্ৰমিকে প্ৰতিবাদ কৰাৰ বাতৰি আহিছে ৷ ক্ষোভ প্ৰকাশ কৰিছে চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ৰাজ্যৰ মন্ত্ৰী সঞ্জয় কিষান আদিৰ বিৰুদ্ধে ৷ বৰ্তমানলৈকে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে এই প্ৰসংগত কোনো ধৰণৰ পদক্ষেপ লোৱা নাই ৷ যাৰ ফলত বৃহত্তৰ চাহ জনগোষ্ঠী সমাজৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হৈছে শাসনাধীষ্ঠ বিজেপি ৷

উল্লেখ্য যে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিক বৃহত্তৰ চাহ জনগোষ্ঠীয় ৰাইজ আৰু আটছাই বয়কট কৰাৰ পৰিস্থিতিয়ে বাৰুকৈ সমস্যাত পেলাব বিজেপিক ৷ মনকৰিবলগীয়া যে, সমগ্ৰ অসমৰ ৭৯৯ খন চাহ বাগিচাত প্ৰায ৭০ লাখ চাহ জনগোষ্ঠীয় লোকৰ ভিতৰত প্ৰায় ৪০.৫ লাখ লোক চাহবাগিচাত বাস কৰে ৷ আনহাতে অসমত লোকসভা নিৰ্বাচনত ১৪ টা সমষ্টিৰ দুটা সমষ্টিত নিৰ্ণায়ক ভূমিকা আৰু ৩ টা সমষ্টিত বিশেষ ভূমিকা পালন কৰে চাহ জনগোষ্ঠীয় ভোটাৰে ৷ বিধানসভা নিৰ্বাচনত প্ৰায় ৩৬ৰ পৰা ৪০ টা বিধানসভা সমষ্টিৰ ফলাফলত প্ৰভাৱশালী ভূমিকা পালন কৰি আহিছে চাহ জনগোষ্ঠীয় ভোটাৰে ৷ সেয়েহে লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত চাহ বাগিচাত বিজেপিৰ বিৰুদ্ধে বিক্ষোভে বিশেষ গুৰুত্ব লাভ কৰাটো স্বাভাৱিক ৷

ৰাজনৈতিকভাৱে যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পিছৰে পৰা বিজেপিৰ দখলত আছে এসময়ৰ কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত চাহ বাগিচাসমূহ ৷ চাহ বাগিচাৰ ভোট বেংকত প্ৰৱেশৰ কোনোধৰণৰ সুৰুঙাই নাছিল কংগ্ৰেছৰ বাবে ৷ শেহতীয়াভাৱে ৰাজ্যৰ চাহ বাগিচা সমূহত অসম কংগ্ৰেছে বাগিচাই বাগিচাই এক কাৰ্যসূচী চলাইছিল ৷ কংগ্ৰেছৰ সংসদৰ উপ-দলপতি গৌৰৱ গগৈয়ো শেহতীয়াভাৱে ব্যস্ত উজনি অসমৰ চাহ বাগিচাসমূহত ৷ কৰম পূজাৰ পেইড হলিডে’ ইছ্যুৱে চাহবাগিছাত কংগ্ৰেছৰ পথ অধিক সুচল কৰি দিব নেকি সেয়া এতিয়া ৰাজ্যৰ ৰাজনীতিৰ চৰ্চাৰ এক অন্যতম বিষয় হৈ পৰিছে ৷

লগতে পঢ়ক: Protest at Mariani: চাহ শ্ৰমিকক বিজেপিয়ে প্ৰৱঞ্চনা কৰাৰ অভিযোগ; বাগিচা অঞ্চলত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ

Last Updated : Sep 21, 2023, 9:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.