ETV Bharat / state

Protest in Gauhati University: শ্ৰেণী সচিবৰ কাৰ্যালয়ৰ দুৱাৰত তলা ওলমালে ছাত্ৰ-ছাত্ৰীয়ে - গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থা

শনিবাৰে প্ৰতিবাদত উত্তাল হৈ পৰিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ ৷ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ কৃত্ৰিম বানৰ সমস্যা, নিবাসৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নতুন নীতি-নিয়ম আৰোপ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ-ছাত্ৰীসকলে ৷ শ্ৰেণী সচিবৰ কাৰ্যালয় দুৱাৰত তলা ওলমাই কৰিলে প্ৰতিবাদ (Protest in Gauhati University)।

Protest in Gauhati University
শ্ৰেণী সচিবৰ কাৰ্যালয়ৰ দুৱাৰত তলা ওলমালে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে
author img

By

Published : Apr 23, 2022, 10:11 PM IST

গুৱহাটী, 23 এপ্ৰিল: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দাবীত আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত নতুন নীতি-নিয়ম আৰোপ কৰাৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী সচিবৰ কাৰ্যালয় দুৱাৰত তলা ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে (Protest in Gauhati University)।

এই সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন কলিতাই কয় যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগত আলোচনা নকৰাকৈ কিছুমান নতুন নিয়ম একপক্ষীয়ভাৱে জাপি দিছে (New rules for GU hostel inhabitants)। যিবোৰ নিয়ম সম্পূৰ্ণভাৱে স্বৈৰাচাৰী বুলি অভিযোগ উত্থাপিত হৈছে । এই নিয়মসমূহ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কোনো পধ্যে মানি নলয় বুলি জানিবলৈ দিছে ।

শ্ৰেণী সচিবৰ কাৰ্যালয়ৰ দুৱাৰত তলা ওলমালে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

উল্লেখ্য যে, বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ আবাসীসকলৰ ওপৰত আৰোপ কৰা নতুন নীতি-নিয়মসমূহ হ'ল, ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ আবাসীসকলে কুকুৰক কোনো পেলনীয়া খাদ্য খুবাব নোৱাৰিব, আবাসত অতিথি থাকিলে ৪৮ ঘন্টাৰ আগতে জনাব লাগিব, আবাসত ভাত নাখালে তিনিদিন আগতে জনাব লাগিব, আবাসত কোনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰী অতিথি হিচাপে থাকিব নোৱাৰিব ইত্যাদি । ইপিনে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক বিকি শৰ্মাই কয় যে, বিশ্ববিদ্যালয়খনত বহুত সমস্যা আছে । ছাত্ৰ-ছাত্ৰীৰ আবাসত বিজ্ঞানসন্মত নলা-নৰ্দমা নাই ।

এজাক বৰষুণতেই ছাত্ৰ আৰু ছাত্ৰী নিবাসৰ চৌহদ জলমগ্ন হৈ পৰে (Flood problem in Gauhati university)। ৰাস্তাত কৃত্ৰিম বান হোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ 5 আৰ 4 নং ছাত্ৰী নিবাসৰ ছাত্ৰীসকল ক্লাছলৈ অহা যোৱা কৰাত অসুবিধা হয় । এইবোৰ সমস্যাত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ প্ৰতিবাদৰ মাজেৰে এই সমস্যাবোৰ শীঘ্ৰেই সমাধান কৰাৰ দাবী তুলি এখন স্মাৰক পত্ৰ বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক প্ৰদান কৰে । বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলৰ দাবীসমূহ প্ৰতিবাদৰ অন্তত মানি লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক: Bus fare increases in Assam: ৰাজ্যত পুনৰ বৃদ্ধি পাইছে যাত্রীবাহী বাছৰ ভাৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.