ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে অব্যাহত কেব বিৰোধী প্ৰতিবাদ

মহানগৰীত সান্ধ্য আইন জাৰি কৰা হৈছে যদিও অব্যাহত আছে প্ৰতিবাদ ৷ ধুবুৰীত কেবক লৈ অব্যাহত আছে  ধাৰাবাহিক প্ৰতিবাদ ৷ বঙাইগাঁৱত প্ৰতিবাদকাৰী সকলে অভয়াপুৰীৰ বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে খগৰপুৰ বিজেপি কাৰ্যালয়ো লণ্ডভণ্ড কৰে ৷ বৰপেটাৰ হাউলীতো উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ বিধায়ক ৰণজিৎ দাসক হুংকাৰ বৰনগৰবাসীৰ ৷

author img

By

Published : Dec 12, 2019, 5:20 PM IST

অব্যাহত আছে প্ৰতিবাদ
অব্যাহত আছে প্ৰতিবাদ

নিউজ ডেস্ক, 12 ডিচেম্বৰ: মহানগৰীত সান্ধ্য আইন জাৰি কৰা হৈছে যদিও অব্যাহত আছে প্ৰতিবাদ ৷ মহানগৰীৰ প্ৰান্তে প্ৰান্তে ৰাইজে পথৰ ওপৰত টায়াৰ জ্বলাই, সমদল উলিয়াই উদাত্ত শ্নোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ সেনাৰ ফ্লেগ মাৰ্চ, কন্দুৱা গেছ প্ৰয়োগ, ৰাবাৰ বুলেট আদি নিক্ষেপকো আওকাণ কৰি ওলাই আহিছে সহস্ৰ জনতা ৷

সান্ধ্য আইন জাৰি কৰা সত্বেও মহানগৰীত অব্যাহত প্ৰতিবাদ

ধুবুৰী: ধুবুৰীত কেবক লৈ অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ ৷ আজি ধুবুৰী আইন মহাবিদ্যালয়ৰ পৰা আৰম্ভ হোৱা বিশাল প্ৰতিবাদী সমদলত অংশ লয় ধুবুৰী আইন মহাবিদ্যালয়, ধুবুৰী ভোলানাথ কলেজ আৰু ধুবুৰী আজমল কলেজকে ধৰি কেইবাখনো মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৷ সাংবাদিকৰ আগত তীব্ৰ ক্ষোভ উজাৰিলে একাংশ প্ৰতিবাদকাৰীয়ে ৷

ধুবুৰীত কেবক লৈ অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ

বঙাইগাঁও: বঙাইগাঁৱত হেজাৰ হেজাৰ প্ৰতিবাদকাৰীক আক্ৰাছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত আবদ্ধ কৰি ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে ৷ প্ৰতিবাদকাৰী সকলে অভয়াপুৰীৰ বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ লগতে খগৰপুৰ বিজেপি কাৰ্যালয়ো লণ্ডভণ্ড কৰে ৷ ঠায়ে ঠায়ে আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে শূণ্যলৈ গুলিচালনা কৰিও শান্ত কৰিব পৰা নাই পৰিস্থিতি ৷

প্ৰতিবাদকাৰীক আক্ৰাছুৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত আবদ্ধ

বৰপেটা: বৰপেটাৰ হাউলীতো উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা পদৰ পৰা হৃষীকেশ গোস্বামীক পদত্যাগৰ দাবী জনায় ৰাইজে ৷ হাউলী চহৰত উপস্থিত দণ্ডাধীশ ৷ প্ৰতিবাদী ৰাইজে হাউলীত জ্বলালে বিজেপিৰ পতাকা ৷

বৰপেটাৰ হাউলীতো উত্তেজনাপূৰ্ণ পৰিস্থিতি

সৰভোগ: সৰভোগৰ খিলঞ্জীয়াই বিধায়ক হিচাপে নিৰ্বাচিত কৰা ৰণজিৎ দাসৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ক্ষমতাৰ পৰা গতিয়াই দিয়াৰো হুংকাৰ দিয়ে ৷ ৰণজিৎ দাসক সৰভোগৰ বিধায়ক হিচাপে বৰনগৰবাসীয়ে গণ্য নকৰে বুলি উল্লেখ কৰি ৰণজিৎ দাসক খলনায়ক আখ্যা দিয়ে ৷ আজি সৰভোগতো কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে ৷

বিধায়ক ৰণজিৎ দাসক হুংকাৰ বৰনগৰবাসীৰ

লগতে পঢ়ক: মাজুলীত বিজেপি, অগপৰ কাৰ্যালয় ভাঙিলে একাংশই

Intro:মহানগৰীত সান্ধ্য আইন জাৰি কৰা হৈছে যদিও আজিও কেব বিৰোধী প্ৰতিবাদত জ্বলিছে মহানগৰী গুৱাহাটী। মহানগৰীৰ প্রান্তে প্রান্তে ৰাইজে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমীয়াই কেব গ্ৰহণ নকৰে শ্ল'গানেৰে ৰাজপথ উত্তাল কৰিছে প্ৰতিবাদকাৰীয়ে।

Body:ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হোৱাৰ লগে লগে উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য। কি উজনি, কি নামনি, নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ নকৰে অসমীয়া ৰাইজে। বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰি অসম এতিয়া অগ্নিগৰ্ভ। বুধবাৰে মহানগৰী গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কেব'ৰ বিৰুদ্ধে গুৱাহাটীবাসী ৰাইজে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিলে ইয়াৰ পিছতে আজি প্ৰশাসনক অধিক কঠোৰ হোৱা পৰিলক্ষিত হয়। মহানগৰীত প্ৰশাসনে সান্ধ্য আইন জাৰি কৰাৰ লগতে কেব বিৰোধী প্ৰতিবাদ ৰোধ কৰিবলৈ মহানগৰীত সেনাই ফ্লেগ মাৰ্চ কৰে। প্ৰশাসনৰ সকলো ধৰণৰ বাধা নেওচি প্ৰতিবাদকাৰী আজিও ৰাজপথলৈ ওলাই অহা দেখিবলৈ পোৱা যায়। মহানগৰীৰ বিভিন্ন অঞ্চলত কেব বিৰোধী প্ৰতিবাদকাৰী সকলে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে বেলতলৰ পৰা কেইবাহাজাৰ লোকে কেব'ৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদলো উলিয়াই সমগ্ৰ গুৱাহাটীতে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ লোকে প্ৰতিবাদকাৰী সকলৰ ওপৰত কন্দুৱা গেছ আৰু ৰাবাৰ বুলেট নিক্ষেপ কৰে যদিও প্ৰতিবাদকাৰী সকল প্ৰতিবাদ অব্যহত ৰাখি আগুৱাই যোৱা পৰিলক্ষিত হয়।

বাইট : প্ৰতিবাদকাৰী সকল

Conclusion:কেব'ৰ বিৰুদ্ধে উত্তপ্ত হৈ থকা মহানগৰী গুৱাহাটীত পৰিস্থিতি অধিক ভয়াবহ হোৱাৰ আকাংক্ষা নুই কৰিব নোৱাৰী। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে ৰাইজ এতিয়া ৰাজপথত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.