ETV Bharat / state

AIUDF MLAs Protest : এ আই ইউ ডি এফৰ দলপতিক বিধানসভাত প্ৰৱেশত বাধা দিয়াক লৈ উত্তপ্ত পৰিস্থিতি

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 7:35 PM IST

বিধানসভা চৌহদত প্ৰতিবাদ এ আই ইউ ডি এফৰ বিধায়কৰ ৷ বিধানসভাৰ অধ্যক্ষক বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে আৰ্জি ৷ মুখ্যমন্ত্রীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বাবেই চৰকাৰৰ ইংগিতত আৰক্ষীয়ে এনে কাৰ্য কৰাৰ সন্দেহ দলটোৰ ৷

Protest by the MLAs of AIUDF in assembly campus
বিধানসভাৰ প্ৰৱেশদ্বাৰত উত্তপ্ত পৰিস্থিতি
বিধানসভা চৌহদত প্ৰতিবাদ এ আই ইউ ডি এফৰ বিধায়কৰ

গুৱাহাটী, 14 ছেপ্টেম্বৰ : অসম বিধানসভাৰ শৰতকালীন অধিৱেশনৰ বৃহস্পতিবাৰে চতুৰ্থ দিনা বিধানসভাৰ প্ৰৱেশদ্বাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ এ আই ইউ ডি এফ দলৰ দলপতি তথা বিধায়ক হাফিজ বশ্বিৰ আহমেদ কাচিমীক বিধানসভাত প্ৰৱেশত বাধা দিয়ে নিৰাপত্তাৰক্ষীয়ে ৷ যাৰ ফলত সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৷

বিধানসভাৰ নিৰাপত্তাৰক্ষীয়ে বিধায়কগৰাকীক চিনি নোপোৱা বাবেই প্ৰৱেশত বাধা দিছিল বুলি সদৰী কৰা হৈছে যদিও এই ঘটনাক সহজভাৱে মানি লোৱা নাই এ আই ইউ ডি এফৰ বিধায়কসকলে ৷ বিধায়ক কাচিমীক প্ৰৱেশত বাধা দিয়াৰ পাছতেই এ আই ইউ ডি এফৰ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰি দোষীক শাস্তি বিহাৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ অৱশেষত বিধানসভাৰ প্ৰধান সচিব আৰু মাৰ্ছালৰ উপস্থিতিত পৰিস্থিতি শান্ত হয় ৷ ঘটনাৰ বাবে নিৰাপত্তাৰক্ষীয়ে ক্ষমা বিচাৰে যদিও এ আই ইউ ডি এফৰ বিধায়কসকলে ঘটনাৰ উচিত বিচাৰ দাবী কৰে ৷

এই সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে কয় যে ঘটনাৰ বিষয়ে বিধানসভাৰ অধ্যক্ষক অৱগত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে কোৱা হৈছে ৷ হাফিজ বশ্বিৰ আহমেদ কাচিমী চাৰিবাৰৰ বিধায়ক আৰু দলৰ দলপতি ৷ তেখেতক চিনি নোপোৱা কোনো মানুহ নাই বুলি সদৰী কৰি তেওঁ কয় যে কেৱল মুখ্যমন্ত্ৰীৰ পৰিবাৰৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে কথা কোৱাৰ বাবে ৰাজ্য চৰকাৰৰ আৰক্ষীয়ে এগৰাকী জ্যেষ্ঠ বিধায়কক এনে দুৰ্ব্যৱহাৰ কৰিলে ৷ আৰু ইয়াৰ উচিত বিচাৰ হ'বই লাগিব বুলি কয় তেওঁ ৷ অন্যথা যি পদক্ষেপ ল'ব লাগে দলৰ মজিয়াত আলোচনা কৰি লোৱা হ'ব বুলি তেওঁ কয় ৷

মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবেই চৰকাৰৰ আৰক্ষীয়ে এনে কাৰ্য সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰি তেওঁ ইয়াৰ আঁৰত চৰকাৰৰ কিবা ইংগিত থাকিব পাৰে বুলিও সন্দেহ প্ৰকাশ কৰে ৷ তেওঁ লগতে কয় যে আৰক্ষীয়ে হাফিজ বশ্বিৰ আহমেদ কাচিমীক চিনি নোপোৱাৰ কোনো কথা নাই ৷

লগতে পঢ়ক : CM’s wife Land scam: মুখ্যমন্ত্ৰী পত্নীৰ মাটি ক্ৰয়ৰ প্ৰসংগক লৈ নতুন তথ্যৰে বিধানসভা চৌহদত সৰৱ অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.