গুৱাহাটী,১৪মাৰ্চঃনাৰেংগীত ৰাইজৰ প্ৰতিবাদ ।গড়কাপ্তানী পথত নলা সংলগ্ন নকৰাকৈ পথ নিৰ্মাণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল ছাত্ৰ সন্থা,ব্যৱসায়ী তথা নাৰেংগীৰ সচেতন ৰাইজ ৷
বিভাগীয় বিষয়া কৰ্মচাৰীৰ চৰম হেমাহিৰ বাবেই ফৰলেনযুক্ত পথটোত নলা নোহোৱাত যাতনা ভোগ কৰিব লগা হৈছে নাৰেংগীৰ জনসাধাৰণে ৷ সাধাৰণ এজাক বৰষুণতেই বুৰ যায় অঞ্চলটোৰ প্ৰতিঘৰ লোকৰ বাসগৃহ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহ । যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ৰাইজে অসুবিধাৰ সন্মুখিন হ'বলগীয়া হয় । এই সন্দৰ্ভত বাৰে বাৰে আপত্তি কৰা হৈছিল যদিও কোনো গুৰুত্ব নিদিলে বিভাগীয় বিষয়াই । সেয়ে বৃহস্পতিবাৰে এনেদৰে ৰাজপথৰ মাজত বহি প্ৰতিবাদ কৰে সাব্যস্ত কৰে নাৰেংগী ব্যৱসায়ী সন্থা, নাৰেংগী ছাত্র সন্থা আৰু স্থানীয় ৰাইজে ।