ETV Bharat / state

বাজেট অধিৱেশনৰ তৃতীয় দিনা মহিলাৰ প্ৰতিবাদত উত্তাল লাষ্টগেট

author img

By

Published : Mar 4, 2020, 5:25 PM IST

Updated : Mar 4, 2020, 7:21 PM IST

বাজেট অধিৱেশনৰ তৃতীয় দিনা লাষ্টগেটৰ প্ৰতিবাদস্থলী উত্তাল কৰিলে বিভিন্ন দল-সংগঠনে । সমান্তৰালকৈ প্ৰতিবাদস্থলীত দেখা গ'ল দুই মহিলা সংগঠনৰ উত্তাল প্ৰতিবাদ । সদৌ অসম স্বাস্থ্যকেন্দ্ৰৰ ফিমেল এটেণ্ডেন্টচ এছ’চিয়েচন আৰু সদৌ অসম প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন দাবীসমূহ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest at lastgate by women during budget session
বাজেট অধিৱেশন

গুৱাহাটী,4 মাৰ্চঃ ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশনৰ তৃতীয় দিনা লাষ্টগেটৰ প্ৰতিবাদস্থলী উত্তাল কৰিলে বিভিন্ন দল-সংগঠনে । সমান্তৰালকৈ প্ৰতিবাদস্থলীত দেখা গ'ল দুই মহিলা সংগঠনৰ উত্তাল প্ৰতিবাদ । সদৌ অসম স্বাস্থ্যকেন্দ্ৰৰ ফিমেল এটেণ্ডেন্টচ এছ’চিয়েচন আৰু সদৌ অসম প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ শতাধিক প্ৰতিবাদকাৰীয়ে বিভিন্ন দাবীসমূহ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে প্ৰাপ্য আদান আৰু চাকৰি পুনৰ বাহাল কৰাৰ দাবী জনাই চৰকাৰক সকীয়নী প্ৰদান কৰে ৷ লগতে শীঘ্ৰে চৰকাৰে উত্থাপিত দাবীসমূহ মানি নল’লে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ।

বাজেট অধিৱেশনৰ তৃতীয় দিনাৰ ছবি

আনহাতে,সদৌ অসম প্ৰাথমিক আৰু উচ্চ-প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থায়ে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাননি 1000ৰ পৰা বৃদ্ধি কৰি 5000 কৰাৰ বাবে দাবী জনায় ৷ ৰাজ্যৰ সকলো ৰন্ধন কৰ্মচাৰীক নিযুক্তি পত্ৰ প্ৰদান কৰাৰ লগতে চাকৰিৰ নিয়মীয়াকৰণ কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷

উল্লেখ্য যে,সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশনত বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ অব্যহত ৰাখিছে । অধিৱেশনৰ তৃতীয়দিনা মুঠ ৬টাকৈ দল-সংগঠনে লাষ্টগেটত প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে চাওকঃনতুন বাজেটে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব বুলি আশাবাদী ৰাজ্যৰ জনসাধাৰণ !

Last Updated : Mar 4, 2020, 7:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.