কামৰূপ মেট্ট,18ডিচেম্বৰ: শুকুৰবাৰে জালুকবাৰীস্থিত অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত শতাধিক ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ক'ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বি ফাৰ্মৰ ষাণ্মাসিকৰ পৰীক্ষা অবিহনেই শিক্ষাৰ্থী সকলক উৰ্ত্তীৰ্ণ কৰি পৰৱৰ্তী ষান্মাসিকলৈ উন্নীত কৰাৰ বাবে জাননী জাৰি কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । কিন্তু যোৱা ৬ ডিচেম্বৰত হঠাৎ এক জাননী জাৰি কৰি পূৰ্বৰ ষাণ্মাসিকৰ পৰীক্ষা সমুহ ২১ ডিচেম্বৰৰ পৰা অফলাইনযোগে অনুষ্ঠিত কৰাৰ কথা জনাই শিক্ষাৰ্থীসকলক । বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তই এতিয়া চিন্তিত কৰি তুলিছে শিক্ষাৰ্থী সকলক ৷ পূৰ্বৰ সিদ্ধান্তক সলনি কৰি গ্ৰহণ কৰা নতুন সিদ্ধান্তত ক্ষুন্ন হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ৷ যাৰ বাবে এনেদৰেই অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ববিদ্যালয়খনৰ অধীনস্থ NIPS, PIPS, GIPS, RIPSৰ ছাত্ৰ-ছাত্ৰী সকলে । শিক্ষাৰ্থীসকলৰ দাবী,পৰীক্ষা অবিহনেই ষাণ্মাসিক পৰীক্ষা উত্তীৰ্ণ কৰাৰ পূৰ্বৰ সিন্ধান্ত বাহাল ৰখাৰ ।
ইফালে,বৰ্তমান শিক্ষাৰ্থীৰ এটা প্ৰতিনিধিৰ দলৰ সৈতে আলোচনাত মিলিত হৈছে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ ।
অন্য এক খবৰৰ বাবে: পলাশবাৰীত গঠন হ'ল নতুন আঞ্চলিক ৰাজনৈতিক দল