ETV Bharat / state

Waste Disposal Plant of GMC: মঠঘৰীয়া খেলপথাৰত জাবৰ নিষ্কাশন প্ৰকল্প স্থাপনৰ বিৰোধিতা

author img

By

Published : May 3, 2023, 7:13 PM IST

মঠঘৰীয়া অঞ্চলত জাবৰ নিষ্কাশনৰ প্রকল্প প্রস্তুত কৰিবলৈ গুৱাহাটী পৌৰ নিগমে ঘোষণা কৰাৰ পিচতেই জাঙুৰখাই উঠিছে বৃহত্তৰ মঠঘৰীয়া ৰাজহুৱা খেলপথাৰ পৰিচালনা সমিতি (Waste Disposal Plant in Guwahati)। কোনো কাৰণতেই ৰাইজে হ'বলৈ নিদিয়ে জাবৰ নিষ্কাশনৰ প্রকল্প ।

Waste Disposal Plant in Guwahati
বৃহত্তৰ মঠঘৰীয়া ৰাজহুৱা খেলপথাৰ পৰিচালনা সমিতি

গুৱাহাটী,৩ মে': বৃহত্তৰ মঠঘৰীয়া ৰাজহুৱা খেলপথাৰত চৰকাৰে জাবৰ নিষ্কাশন প্ৰকল্প স্থাপন কৰিব বিচৰা কাৰ্যক লৈ সম্প্ৰতি অঞ্চলবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত মঙলবাৰে অসমৰত্ন ড৹ ভূপেন হাজৰিকা সভাকক্ষত বৃহত্তৰ মঠঘৰীয়া ৰাজহুৱা খেলপথাৰ পৰিচালনা সমিতিৰ উদ্যোগত মঠঘীয়াবাসী ৰাইজৰ সহযোগ এখন সংবাদ মেল অনুষ্ঠিত হয় (Dumping Ground at Mathgharia Playground)।

সংবাদমেলত অংশগ্ৰহণ কৰি মঠঘৰীয়া ৰাজহুৱা খেলপথাৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি জানিক বৰ্মন আৰু সাধাৰণ সম্পাদক দীন নাথ পাটোৱাৰীয়ে কয় যে, যোৱা ৩০ এপ্রিলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটীৰ পৌৰ নিগমৰ আয়ুক্ত মেঘনিধি দাহালে সংবাদমেল যোগে জনায় যে, মঠঘৰীয়া অঞ্চলত জাবৰ নিষ্কাশনৰ প্রকল্প প্রস্তুত কৰিবলৈ ইতিমধ্যে জেৰণ ইঞ্জিনীয়াৰিং প্রাইভেট লিমিটেডক দায়িত্ব দিয়া হৈছে । হয়তো অতি সোনকালে প্ৰকল্পৰ কাম আৰম্ভ কৰিব (Protest against Dumping Ground)।

গুৱাহাটীৰ মাজ মজিয়াতে থকা ৪০ বছৰ পুৰণি খেলপথাৰ খন ধংস কৰি জাবৰ নিষ্কাশনৰ প্রকল্প প্রস্তুত কৰিবলৈ ওলোৱাত মঠঘীয়াবাসী ৰাইজ হতাশ হোৱা বুলি কয় খেলপথাৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি জানিক বৰ্মন আৰু সাধাৰণ সম্পাদক দীন নাথ পাটোৱাৰীয়ে । তেওঁলোকে পুনৰ কয় যে, এই খেলপথাৰখন ৰাইজে ত্যাগ স্বীকাৰ কৰি উন্নয়ন কৰিবলৈ সক্ষম হৈছো । প্ৰায় পঁচিশ হাজাৰ জনবসতিৰে ভৰা এই অঞ্চলটোত একমাত্র এইখনে খেলপথাৰ (Waste Disposal Plant in Mathgharia)।

যিখন খেলপথাৰত কেইবাখনো প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সাপ্তাহিক খেল অনুষ্ঠিত কৰি আহিছে । প্ৰতি বছৰে ক্ৰিকেট টুর্নামেন্ট, ভলীবল, ফুটবল আদি খেল অনুষ্ঠিত কৰা হয় । ইয়াৰ উপৰি প্ৰতিবছৰে ৰাইজক আমোদ দিয়াৰ বাবে অসমৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠীক আমন্ত্ৰণ জনোৱা হয় । লগতে বৃহত্তৰ মঠঘৰীয়া বহাগী বিদায় উদযাপন আদি অনুষ্ঠিত কৰাৰ উপৰি শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন উক্ত খেল পথাৰত অনুষ্ঠিত কৰা হয় ৷

তেওঁলোকে পুনৰ কয় যে, ৰাইজৰ সাহায্যৰে খেলপথাৰ চৌহদত পকী ৱাল আৰু গেট নিৰ্মাণ কৰা হৈছে । বৰ্তমান এই খেলপথাৰতে আমাৰ অঞ্চলৰ অৱসৰপ্ৰাপ্ত জেষ্ঠ ব্যক্তি সকলে দৈনিক প্ৰাতঃভ্ৰমণ আৰু সান্ধ্য ভ্ৰমণ কৰি আহিছে । সেয়েহে কোনো মূল্যৰ বিনিময়ত উক্ত খেলপথাৰত জাৱৰ নিষ্কাশন প্ৰকল্প নির্মাণ কৰিব দিয়া নহ'ব বুলি ৰাইজ সঁকীয়াই দিয়ে ৷ এই সন্দৰ্ভত যোৱা ২৯ মাৰ্চত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক এখন স্মাৰক পত্ৰ দিয়া হৈছে । কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো আজি পৰ্যন্ত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে বুলি তেওঁলোকে ক্ষোভেৰে কয় ।

ফলত প্ৰায় ২০ দিন পূৰ্বে বিভাগীয় ঠিকাদাৰ উক্ত স্থানত কাম আৰম্ভ কৰিবলৈ আহে যদিও ৰাইজে বাধা প্ৰদান কৰাত উভতি যাব লগা হয় । গতিকে ৰাইজে কোনো কাৰণতে খেল পথাৰত জাৱৰ নিষ্কাশন প্ৰকল্প নির্মাণ কৰিব নিদিয়ে আৰু প্ৰয়োজন সাপেক্ষে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে । সংবাদমেলত বীৰেন্দ্ৰ নাৰায়ণ ঠাকুৰীয়া,অনিল চন্দ্ৰ হালৈ, প্ৰদীপ কলিতা, জিতু মণি ডেকা আৰু জগন্নাথ দাস উপস্থিত থাকে ।

লগতে পঢ়ক:Assam govt grade 3 results: তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 11,324 গৰাকী প্ৰাৰ্থী; 11 মে’ত পাব নিযুক্তি পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.