গুৱাহাটী,16 ছেপ্তেম্বৰ: ৰাজ্য চৰকাৰে আমাক চূড়ান্ত অৱহেলা কৰিছে । চৰকাৰৰ অৱহেলাৰ বাবেই আমি বিগত প্ৰায় ২৭ বছৰ ধৰি মাষ্টাৰৰোল হিচাপে কৰ্মৰত হৈ আছো । পূৰ্বে একাধিকবাৰ আমাৰ চাকৰি নিয়মীয়া কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিশ্ৰুতি দি আহিছিল যদিও কাৰ্যতঃ সকলো অসাৰ প্ৰতিপন্ন হ'ল । যাৰ বাবে আমি আজি আমৰণ অনশনত বহিব লগা হৈছে । বুধবাৰে সংবাদ মাধ্যমৰ আগত এইদৰেই ক্ষোভ উজাৰিলে সদৌ অসম পশুপালন মাষ্টাৰৰোল শ্ৰমিক সংগ্ৰাম সমিতিয়ে ।
উল্লেখ্য যে,1993 চনতে নিযুক্তি পোৱা এইসকল পশুপালন বিভাগৰ এম আৰ শ্ৰমিকে নিযুক্তিৰ এটা বছৰৰ পাছৰে পৰা অৰ্থাৎ 1994 চনৰ পৰা চাকৰি নিয়মীয়াকৰণৰ বাবে দাবী উত্থাপন কৰি আহিছিল । 2015 চনত পশুপালন বিভাগৰ পৰা শ্ৰমিকৰ প্ৰকৃত সংখ্যা প্ৰেৰণ কৰিবলৈ দিছিল যদিও এই মুহুৰ্তলৈকে সেয়া হৈ নুঠিল ৷
লগতে চাওকঃ এটা ভাইৰেল অডিঅ’ই তোলপাৰ লগাইছে পামহি বজাৰ