ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ সদৌ অসম উকীল সন্থাৰ

author img

By

Published : Dec 20, 2019, 6:23 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম উকীল সন্থা ৷ ৰাজ্যপালৰ জৰিয়তে আইন বাতিল কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ স্মৰকপত্ৰ প্ৰেৰণ ৷

সদৌ অসম উকীল সন্থাৰ প্ৰতিবাদ
সদৌ অসম উকীল সন্থাৰ প্ৰতিবাদ

গুৱাহাটী, 20 ডিচেম্বৰ: এইবাৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদত নামিল সদৌ অসম উকীল সন্থা ৷ গুৱাহাটীৰ অসম উকীল সন্থাৰ কার্যলায়ৰ পৰা ৰাজভৱনলৈ যাত্ৰা কৰে এই প্ৰতিবাদী সমদলে ৷ চৰকাৰ আৰু আইন বিৰোধী বিভিন্ন শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে অধিবক্তা সকলে ৷

সদৌ অসম উকীল সন্থাৰ প্ৰতিবাদ

প্ৰতিবাদী সমদলৰ কেইবাগৰাকীও জ্যেষ্ঠ অধিবক্তাই ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি ৰাজ্যপালৰ জৰিয়তে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মৰকপত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: ৰাজ্যপালক সাক্ষাৎ কংগ্ৰেছ নেতৃবৰ্গ

কা'ৰ বিৰুদ্ধে ক'লা কোট পৰিধান কৰি কেইবাশতাধিক উকীল ৰাজপথত

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল অসম উকীল সন্থা। গুৱাহাটীৰ অসম উকীল সন্থাৰ কার্যলায়ৰ পৰা ৰাজভৱনলৈ কা'ৰ বিৰোধিতা কৰি কেইবা শতাধিক উকীল ৰাজপথলৈ ওলাই আহি এক প্ৰতিবাদী সমদল উলিয়াই।

দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা অব্যহত থকাৰ মাজতে এই আন্দোলন অসমত প্ৰতিদিনে গণতান্ত্ৰিক ভাবে অধিক তীব্রতৰ হ'বলৈ ধৰিছে। বিভিন্ন দল-সংগঠনৰ লগতে সমাজৰ প্ৰতিটো বৰ্গৰ ৰাইজ জড়িত হৈ পৰিছে বিতৰ্কিত আইনখনৰ বিৰোধী আন্দোলনত। শুকুৰবাৰে অসম উকীল সন্থাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই ৰাজভৱনলৈ যাত্ৰা কৰে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি উকীল সকলে বিভিন্ন চৰকাৰ বিৰোধী আৰু কা' বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। অসমীয়া ৰাইজ কোনো কাৰণতে এই বিতৰ্কিত আইন মানি নলয় বুলি মন্তব্য প্ৰকাশ কৰি উকীল সকলে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। উকীল সকলৰ কা' বিৰোধী প্ৰতিবাদী সমদলৰ ফলত ৰাজভৱনলৈ যোৱা পথত তীব্ৰ যানযঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়। 

বাইট ১: অৰূপ বৰবৰা, অধিবক্তা
বাইট ২: নেকিবুৰ জামান, অধিবক্তা

প্ৰতিবাদী সমদল উলিয়াই কেইবাগৰাকী জ্যেষ্ঠ অধিবক্তাই ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি ৰাজ্যপালৰ জৰিয়তে কা' বাতিল কৰিবলৈ দেশৰ ৰাষ্ট্ৰপতিলৈ এখন স্মৰকপত্ৰও প্ৰেৰণ কৰে।

Slug: Lawyers protest
Feed sent through Live U
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.