ETV Bharat / state

সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ দেহাৱসান

author img

By

Published : Oct 1, 2021, 10:15 PM IST

অসমীয়া সাহিত্য জগতলৈ দুঃখবৰ ৷ বিশিষ্ট লেখিকা তথা শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১৩ চনত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত তোষপ্ৰভা কলিতাৰ দেহাৱসান ৷

সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ দেহাৱসান
সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ দেহাৱসান

গুৱাহাটী, ১ অক্টোবৰ : বিশিষ্ট মানৱতাবাদী আৰু প্ৰগতিশীল লেখিকা, শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১৩ চনত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত তোষপ্ৰভা কলিতাৰ শুকুৰবাৰে আবেলি প্ৰায় ৫ বজাত গুৱাহাটীৰ দক্ষিণ শৰণীয়া অঞ্চলৰ নিজ বাসগৃহত মৃত্যু হয় । মৃত্যুৰ সময়ত বিশিষ্ট লেখিকা গৰাকীৰ বয়স হৈছিল ৮৩ বছৰ ।

বৈজ্ঞানিক মানসিকতাৰ জীৱন দৰ্শন সাবটি লোৱা মানৱতাবাদী আৰু মহীয়সী লেখিকা গৰাকী দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । মৃত্যুৰ সময়ত তেওঁ দুগৰাকী কন্যা, দুই পুত্ৰ, জোঁৱাই-বোৱাৰী, নাতি-নাতিনীসহ আত্মীয়-স্বজন এৰি থৈ যায় ।

ইলোৰা বিজ্ঞান মঞ্চই তোষপ্ৰভা কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু মহীয়সী নাৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে । মঞ্চই তেখেতৰ শোকস্তব্ধ পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা । ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠাকালৰ পৰা তোষপ্ৰভা কলিতা আৰু তেখেতৰ জী-জোঁৱাই, পুত্ৰ-বোৱাৰী মঞ্চৰ সৈতে একাত্মতা প্ৰকাশ কৰে আৰু সমগ্র পৰিয়ালটো মঞ্চৰ অন্ধবিশ্বাস বিৰোধী প্ৰতিটো কামৰ লগত নিবিড়ভাৱে জড়িত ।

তোষপ্ৰভা কলিতাই আনকি তেখেতৰ সাহিত্যিক পেঞ্চনৰ সঞ্চিত ধনৰাশিৰ সিংহভাগ ইলোৰা বিজ্ঞান মঞ্চৰ পুঁজিলৈ দান দি যায় । তেখেতে মানৱ কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতাৰ বাবে মৰণোত্তৰ নেত্ৰদান আৰু দেহদানৰ ইচ্ছাপত্ৰতো স্বাক্ষৰ কৰি ৰাখিছিল । ইতিমধ্যে নেত্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । দেহদান সম্পৰ্কে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত যোগাযোগ চলি আছে আৰু পৰিয়ালৰ সদস্যসকলে এই ক্ষেত্ৰত উদ্যোগ লৈছে ।
লগতে পঢ়কঃ ৰাজ্যসভাৰ সদস্যৰূপে শপত ল’লে সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.