ETV Bharat / state

Jagdish Mukhi returns home: ৰাজ্যপাল হিচাপে কাৰ্যকাল সামৰি স্বগৃহলৈ উভতি গ’ল অধ্যাপক জগদীশ মুখী

author img

By

Published : Feb 19, 2023, 7:35 PM IST

ৰাজ্যপাল হিচাপে পাঁচবছৰীয়া কাৰ্যকাল শেষ কৰি আজি অসমৰ স্বগৃহলৈ উভতি গ’ল অধ্যাপক জগদীশ মুখী (Jagdish Mukhi returns home)। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ বিদায়ী অভিবাদন জ্ঞাপন কৰে অধ্যাপক জগদীশ মুখীক ৷

Professor Jagdish Mukhi returns home after completing tenure as Governor
স্বগৃহলৈ উভতি গ’ল অধ্যাপক জগদীশ মুখী

গুৱাহাটী,১৯ ফেব্ৰুৱাৰী: অসমৰ ৰাজ্যপাল হিচাপে পাঁচবছৰীয়া কাৰ্যকালৰ বহু স্মৰণীয় স্মৃতি লৈ আজি স্বগৃহলৈ উভতি গ’ল অধ্যাপক জগদীশ মুখী (Professor Jagdish Mukhi) । অসমৰ ৰাজ্যপাল হিচাপে অধ্যাপক জগদীশ মুখীয়ে নিজ কার্যকাল শেষ কৰি সহধৰ্মিণী প্ৰেম মুখীৰ সৈতে অসমৰ পৰা আজি বিদায় লয় । আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সপত্নীক জগদীশ মুখীক জনোৱা হয় বিদায় সম্ভাষণ ।

ৰাজ্যপাল হিচাপে অধ্যাপক জগদীশ মুখীয়ে নিজ কার্যকাল শেষ কৰি সহধৰ্মিণী প্ৰেম মুখীৰ সৈতে জীৱনৰ পৰৱৰ্তী যাত্ৰাৰ হেতু অসমৰ পৰা বিদায় লয় (Lokpriya Gopinath Bordoloi International Airport)। আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক বিদায়ী অভিবাদন জ্ঞাপন কৰে (Assam former Governor Prof Jagdish Mukhi) ।

বিমান বন্দৰত সপত্নীক জগদীশ মুখীক বিদায় সম্ভাষণ জনোৱাৰ সময়ত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পীযুষ হাজৰীকা, ডাঃ ৰণোজ পেগু, জয়ন্ত মল্লবৰুৱা, ইউ জি ব্ৰহ্ম, বিমল বড়া, অশোক সিংঘল, সাংসদ কুইন ওজা আৰু পৱিত্ৰ মাৰ্ঘেৰিটা, মেয়ৰ মৃগেন শৰণীয়া, শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিৎ সিঙকে ধৰি ৰাজ্যৰ বহুকেইগৰাকী জ্যেষ্ঠ বিষয়া উক্ত সময়চোৱাত উপস্থিত আছিল (Professor Jagdish Mukhi farewell in Assam)।

উল্লেখ্য যে ২০১৭ চনৰ অক্টোবৰ মাহৰ পৰা অধ্যাপক জগদীশ মুখী অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল (Jagdish Mukhi returns home from Assam) । তেওঁ ২০২১ চনৰ পৰা অতিৰিক্তভাৱে নাগালেণ্ডৰ ৰাজ্যপালৰ দায়িত্বতো আছিল । অসমৰ ৰাজ্যপাল নিযুক্ত হোৱাৰ আগতে তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ উপ-ৰাজ্যপাল আছিল । ইয়াৰ আগতে তেওঁ দিল্লী চৰকাৰৰ বিত্ত, পৰিকল্পনা, আৱকাৰী আৰু কৰ আৰু উচ্চ শিক্ষা মন্ত্ৰী হিচাপে সেৱা আগবঢ়াইছিল ।

১৯৪২ চনৰ ১ ডিচেম্বৰত দ্বাজল, ডেৰা গাজি খানত এক পঞ্জাৱী পৰিয়ালত জগদীশ মুখীৰ জন্ম হৈছিল । চাৰি বছৰ বয়সত ১৯৪৭ চনত দেশ বিভাজনৰ বাবে তেওঁৰ পৰিয়াল ভাৰতলৈ গুচি আহি সহনাত নিগাজীকৈ থাকিবলৈ লয় । তেওঁ ১৯৫৬ চনত ৰাজস্থানৰ অলৱাৰ জিলাৰ ৰাজ ঋষি কলেজৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ।

তাৰ পিছত ১৯৬৭ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বাণিজ্যৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ হোৱাৰ আগলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ছহিদ ভগৎ সিং কলেজত অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৯৫ চনৰ অক্টোবৰ মাহৰ তেওঁ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা বিত্ত বিভাগত পি এইছ ডি ডিগ্ৰী লাভ কৰে ।

উল্লেখ্য যে জগদীশ মুখীৰ পাছত অসমৰ পৰৱৰ্তী ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে গুলাব চান্দ কাটৰীয়াক (Assam New Governor Gulab Chand Kataria) । গুলাব চান্দ কাটৰীয়া হৈছে ৰাজস্থানৰ প্ৰাক্তন গৃহমন্ত্ৰী । ৰাজস্থানৰ বিৰোধী দলৰ দলপতি গুলাব চান্দ কাটৰীয়া বিজেপিৰ এগৰাকী প্ৰবীণ ৰাজনীতিক । ৰাজস্থান চৰকাৰত তেওঁ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল । তদুপৰি তেওঁ বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সদস্য । ৰাজস্থানৰ উদয়পুৰৰ নিবাসী গুলাব চান্দ কাটৰীয়া কেইবাৰো সাংসদ ৰূপে জয়ী হৈছিল ।

পূৰ্বে তেওঁ ৰাজস্থান চৰকাৰত গ্ৰামীণ বিকাশ আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী আছিল । ১৯৪৪ চনৰ ১৩ অক্টোবৰত জন্ম গ্ৰহণ কৰা কাটৰীয়া ২০১৪ চনৰ পৰা ২০১৮ চনলৈ ৰাজস্থান চৰকাৰত গৃহমন্ত্ৰীৰ দায়িত্বত আছিল । ১৯৭৭ চনত প্ৰথম বাৰৰ বাবে তেওঁ ৰাজস্থানৰ উদয়পুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ।

তেতিয়াৰে পৰাই উদয়পুৰ সমষ্টি তেওঁ খোপনি পোতিবলৈ সক্ষম হয় । ১৯৮০ চনত তেওঁ পুনৰ জয়ী হয় । তেওঁ ৰাজস্থান বিধানসভাৰ প্ৰাকঃকলন সমিতিৰ সদস্য আছিল । ৰাজনীতিৰ ক্ষেত্ৰখনত দীঘলীয়া অভিজ্ঞতাৰে পুষ্ট এইগৰাকী প্ৰবীণ ৰাজনীতিক গুলাব চান্দ কাটাৰীয়াক অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ।

লগতে পঢ়ক: Security breach in Amit Shah’s Pune visit : আৰক্ষীয়ে আটক কৰিলে অমিত শ্বাহৰ কনভয়ত সোমোৱা এজন ব্যক্তিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.