ETV Bharat / state

পুনৰ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান

দীৰ্ঘ সময়ৰ অন্তত খোল খালে ৰাজ্যৰ বিদ্যালয় সমূহ ৷ ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত আৰম্ভ হ’ল পাঠদান ৷ ক’ভিড প্ৰট’কল মানি সপ্তাহত হ’ব তিনিদিনৰ পাঠদান ৷ শ্ৰেণী কোঠাত উপস্থিত থাকিব পাৰিব সৰ্বাধিক ৩০জন ছাত্ৰ-ছাত্ৰী ৷

primary-schools-re-open-in-assam
পুনৰ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান
author img

By

Published : Oct 19, 2021, 6:38 PM IST

নিউজ ডেস্ক, 19 অক্টোবৰ : ক’ভিড পৰিস্থিতিৰ বাবে বিগত ৬/৭মাহে বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহ ৷ এক প্ৰকাৰ স্থবিৰ হৈ গৈছিল কণ-কণ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক ভৱিষ্যত৷ অৱশেষত অৱসান ঘটিল এই স্থবিৰতাৰ ৷ অনলাইন পাঠদানৰ পৰিৱৰ্তে পুনৰ সম্ভৱ হৈ উঠিল শ্ৰেণীকোঠাৰ পাঠদান ৷ চৰকাৰী নিৰ্দেশ মতে মঙলবাৰ অৰ্থাৎ ১৯অক্টোবৰৰ পৰা পুনৰ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহত আৰম্ভ হ’ল পাঠদান প্ৰক্ৰিয়া ৷

উল্লেখযোগ্য যে, কভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শিক্ষানুষ্ঠান সমূহত বিশেষভাৱে চৰকাৰী ক’ভিড নীতিৰ পালন কৰা হৈছে ৷ ছাত্ৰী সকলেও সামাজিক দূৰত্ব বজাই ৰাখি মুখত একোখনকৈ মাস্ক পিন্ধি বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰা পৰিলক্ষিত হ'ল মঙলবাৰৰ দিনটোত ।

পুনৰ আৰম্ভ হ’ল ৰাজ্যৰ বিদ্যালয় সমূহৰ পাঠদান

লক্ষনীয়ভাৱে, দীঘলীয়া বন্ধৰ পিছৰ এই প্ৰথমদিনটোত ৰাজ্যৰ বিদ্যালয় সমূহত দেখা গ’ল ছাত্ৰ-ছাত্ৰীৰ সেৰেঙা উপস্থিতি ৷ সেয়া যি কি নহওঁক, ক’ভিডৰ ভয়াৱহতাৰ পিছত পুনৰ যেন মঙলবাৰৰ দিনটোত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ’ল ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত৷ এতিয়া সকলোৱে একে মুখে এটাই প্ৰাৰ্থনা জনাইছে যে, ক’ভিডৰ তৃতীয় ঢৌ যেন কাহানিও নাহক ৷ দেশ তথা ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীয়ে যেন পুনৰ গাব পাৰে , '' স্কুল চলে হাম '' ৷

লগতে পঢ়ক : আজিৰে পৰা আৰম্ভ কটন বিশ্ববিদ্যালয়ৰ স্নাতক বিজ্ঞান শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.