ETV Bharat / state

জীৱনদায়িনী "ৰেমডেচিভিৰ" ৰ দাম কমিল

author img

By

Published : Apr 21, 2021, 2:26 PM IST

Updated : Jan 6, 2023, 10:55 AM IST

সংকটজনক ক'ভিড আক্ৰান্ত ৰোগীক দিয়া "ৰেমডিচিভিৰ" বেজীৰ বজাৰ মূল্য হ্ৰাস কৰা হৈছে । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত "ৰেমডেচিভিৰ" উৎপাদন কৰা ঔষধ নিৰ্মাতা কোম্পানীসমূহে এই বেজীৰ মূল্য হ্ৰাস কৰিবলৈ বাধ্য হৈছে ।

জীৱনদায়িনী "ৰেমডেচিভিৰ" ৰ দাম কমিল
জীৱনদায়িনী "ৰেমডেচিভিৰ" ৰ দাম কমিল

গুৱাহাটী, 21 এপ্ৰিল : কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত "ৰেমডেচিভিৰ" উৎপাদন কৰা ঔষধ নিৰ্মাতা কোম্পানীসমূহে এই বেজীৰ মূল্য হ্ৰাস কৰিবলৈ বাধ্য হৈছে । সেইমৰ্মে কেডিলা হেল্থকেয়াৰে পূৰ্বৰ 2,800 টকাৰ পৰা 899 টকালৈ প্ৰতিপালি "ৰেমডেচিভিৰ" ৰ মূল্য হ্ৰাস কৰিছে । একেদৰে ছিনজেন ইন্টাৰনেছনেল লিমিটেডে 3,950 টকাৰ পৰা 2,450 টকালৈ প্ৰতিপালিৰ মূল্য হ্ৰাস কৰিছে ।

ডাঃ ৰেড্ডীজ লেবৰেটৰী লিমিটেডে পূৰ্বৰ 5,400 টকাৰ পৰা 2,700 টকা, চিপলাই পূৰ্বৰ 4,000 টকাৰ পৰা 3,000 টকা, মিলান ফাৰ্মাচিউটিকেল লিমিটেডে পূৰ্বৰ 4,800 ৰ পৰা 3,400 টকা, জুবিলেন্ট জেনেৰিক্স লিমিটেডে পূৰ্বৰ 4,700 ৰ পৰা 3,400 টকা আৰু হেটেৰ' হেল্থকেয়াৰ লিমিটেডে পূৰ্বৰ 5,400 ৰ পৰা 3,490 টকালৈ "ৰেমডেচিভিৰ" ৰ মূল্য হ্ৰাস কৰিছে । মহামাৰীয়ে গ্ৰাস কৰি অহাৰ সময়তে কেন্দ্ৰীয় চৰকাৰৰ এই নিৰ্দেশে যথেষ্ট সকাহ আগবঢ়াইছে ৷

লগতে পঢ়ক: ক’ভিডত আক্ৰান্ত যোৰহাটৰ ন্যায়িক দণ্ডাধীশ

Last Updated : Jan 6, 2023, 10:55 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.