গুৱাহাটী, ১৭ জুন: ৰাজ্যত এতিয়া ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ মহাদুৰ্যোগ । এই দুৰ্যোগৰ সময়তে নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশাহাৰা কৰিছে সাধাৰণ জনতাক । লক্ষ্যণীয় বিষয় যে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে চৰকাৰে গঠন কৰা টাস্ক ফ'ৰ্চ কেইটামান মাহৰ ভিতৰতেই নিষ্ক্ৰিয় হৈ পৰিল ।
মাত্ৰাধিক হাৰত বৃদ্ধি হোৱা দাম নিয়ন্ত্ৰণৰ বাবে কেইবাটাও বিভাগৰ বিষয়াক লৈ ৰাজ্য চৰকাৰে কেইটামান মাহ পূৰ্বে টাস্ক ফৰ্চ গঠন কৰিছিল(Task force to check price hike) । খাদ্য আৰু অসামৰিক যোগান বিভাগ, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আদি বিভাগৰ বিষয়াক লগত লৈ গঠন কৰা হৈছিল টাস্ক ফ'ৰ্চ ।
ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্ত লৈ টাস্ক ফৰ্চ গঠনত অনুমোদন জনাইছিল আৰু সেই মৰ্মে বৰ্ধিত দাম নিয়ন্ত্ৰণত চকু দিয়াৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰা হৈছিল । এই টাস্ক ফ’ৰ্চে কেৱল খুচুৰা বজাৰসমূহত তাৎক্ষণিক অভিযান চলোৱাই নহয়, উত্তৰ-পূবৰ প্ৰধান ব্যাৱসায়িক ক্ষেত্ৰ গুৱাহাটীৰ ফাঁচী বজাৰতো(Fancy Bazar Guwahati) অভিযান চলাইছিল । টাস্ক ফ'ৰ্চৰ সেই অভিযানৰ পাছতেই ব্যৱসায়ীসকল সাময়িকভাৱে নিয়ন্ত্ৰণলৈ আহিছিল ।
কিন্তু চৰকাৰৰ সেই টাস্ক ফ'ৰ্চ পুনৰ নিষ্ক্ৰিয় হ'ল । ৰাজ্যৰ ক'তো এতিয়া টাস্ক ফৰ্চৰ অভিযান নাই । ইফালে খাদ্য আৰু অসামিৰক যোগান(Assam Food and Civil Supplies) বিভাগে বৰ্ধিত দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰে বুলি বিভাগটোৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ইতিমধ্যে ৰাজহুৱাকৈ মন্তব্য কৰিছিল (Minister Ranjeet Kumar Dass) । স্বয়ং খাদ্যমন্ত্ৰীৰ এনে স্থিতিত এতিয়া নিজৰ সুবিধা অনুযায়ী দাম বৃদ্ধি কৰাত একাংশ ব্যৱসায়ী জড়িত হৈ পৰিছে ।
যিহেতু চৰকাৰে গঠন কৰি দিয়া টাস্ক ফ'ৰ্চৰ ক’তো অভিযান নাই আৰু বিভাগীয় মন্ত্ৰীয়েও বিষয়টো নিজৰ অধীনস্থ নহয় বুলি মন্তব্য কৰিছে, এনেস্থলত এতিয়া ৰাজ্যৰ সকলোতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি হৈছে(Price hike of essential commodity in Assam) ৷ বিশেষকৈ বানপানীৰ(Flood in Assam) গইনা লৈ ব্যৱসায়ীয়ে দাম বৃদ্ধিত অৰিহণা যোগাইছে । বানৰ বাবে বহিঃৰাজ্যৰ পৰা সামগ্ৰী সৰবৰাহ কৰাত বাধাৰ সৃষ্টি হোৱা নাই । আলু, পিঁয়াজ, চাউল, দাইল, আটা, মিঠাতেল নিয়মীয়া গতিত আমদানি হৈ আছে (Food importation to Assam)।
কিন্তু তৎসত্ত্বেও ফাঁচী বজাৰৰ একাংশ পাইকাৰী ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে । আমদানিকৃত সামগ্ৰীৰ দৰে স্থানীয়ভাৱে উৎপাদিত পাচলিৰ দামো তড়িৎ গতিত বৃদ্ধি পাইছে । প্ৰতিবিধ শাক-পাচলিৰ মূল্য আকাশলংঘী হৈছে । অসমত স্থানীয়ভাৱে উৎপাদিত জিকা, লেচেৰা, পটল, ভেণ্ডি আদিৰ দামো মাত্ৰাধিক হৈছে ।
টাস্ক ফ’ৰ্চৰ অভিযান বন্ধ হৈ থকাৰ সুযোগ লৈ ব্যৱসায়ীয়ে দাম বৃদ্ধি কৰিছে । যাৰ ফলত এতিয়া বজাৰত বস্তুৰ জুই ছাই দাম হৈছে ।
লগতে পঢ়ক: লখিমপুৰত ৰঙানদীয়ে সৃষ্টি কৰিছে তাণ্ডৱ: তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত জাৰি নিষেধাজ্ঞা