ETV Bharat / state

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে মূল্যবৃদ্ধি ঘৰ নিৰ্মাণ সামগ্ৰীৰ - বজাৰত লাগিছে জুই

বজাৰত লাগিছে জুই ৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগেত বৃদ্ধি পাইছে চিমেণ্ট, বালি, ৰ'ড আদিৰ দামো ৷ বিপাঙত সাধাৰণ ৰাইজ ৷

price hike in the building materials
নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে মূল্যবৃদ্ধি ঘৰ নিৰ্মাণ সামগ্ৰীৰ
author img

By

Published : Nov 11, 2021, 8:44 PM IST

গুৱাহাটী, ১১ নৱেম্বৰ : এতিয়া যাব নোৱাৰি বজাৰলৈ ৷ বজাৰলৈ গ’লেই থকা-সৰকা হেৰুৱাব লগা হয় সাধাৰণ গ্ৰাহকে ৷ কিয়নো নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ আৰু ঔষধ তথা নিৰ্মাণ কাৰ্যত ব্যৱহৃত আদি সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহৰ জীৱন অতিষ্ঠ কৰি তুলিছে ।

বিশেষকৈ নিৰ্মাণ কাৰ্যত ব্যৱহৃত সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে নিৰ্মাণ ব্যৱসায়ীৰ লগত জড়িত ব্যৱসায়ীসকল এতিয়া সমস্যাৰ সম্মুখীন হোৱাৰ লগতে মানুহ ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰাহি মধূসুদন সুঁৱৰিব লগা হৈছে । নিৰ্মাণ কাৰ্যত ব্যৱহৃত চিমেণ্ট, বালি, ইটা, ৰ'ডৰ পৰা আৰম্ভ কৰি প্লাষ্টিকৰ পাইপ, পি ভি চি পাইপ, প্লাইব’ৰ্ড আৰু টাইলচ আদিৰ দাম বৃদ্ধি পাইছে । শেহতীয়াভাৱে চৰকাৰে ইন্ধনৰ দাম কিছু পৰিমাণে হ্ৰাস কৰাৰ পিছতো সামগ্ৰীবোৰৰ দাম হ্ৰাস হোৱা নাই । বৰং বৃদ্ধিহে হৈ আছে ।

নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে মূল্যবৃদ্ধি ঘৰ নিৰ্মাণ সামগ্ৰীৰ

যোৱা দুমাহত ৰাজ্যত বিভিন্ন কোম্পানীৰ প্ৰতি বেগ চিমেণ্টৰ দাম ২০ টকাৰ পৰা ৩০ টকালৈ বাঢ়িছে । এমাহ পূৰ্বে গুৱাহাটীত এক ঘনমিটাৰ (1CM) বালিৰ দাম আছিল ১০০০ টকা । বৰ্তমান গুৱাহাটীত এক ঘনমিটাৰ (1CM) বালিৰ দাম হৈছে ১৫০০ টকা । অৰ্থাৎ এমাহত এক ঘনমিটাৰ বালিৰ দাম ৫০০ টকা পৰ্যন্ত বৃদ্ধি হৈছে ।

লগতে পঢ়ক : ৰাসৰ SOPক লৈ অসন্তুষ্ট মাজুলীৰ ৰাস উদযাপন সমিতি

ঠিক সেইদৰে যোৱা এমাহত প্ৰতি ফুট বিভিন্ন বেণ্ডৰ পি ভি চি পাইপৰ দাম ৭৫ টকাৰ পৰা ১০০ টকালৈ বৃদ্ধি হৈছে । তেনেদৰে যোৱা দুমাহৰ ভিতৰত প্ৰতি কুইন্টল ৰ'ডৰ দাম ৬৪০০ টকাৰ পৰা ৭৩০০ টকা হৈছে । প্লাইব’ৰ্ডৰ দাম ২০ শতাংশ বাঢ়িছে ।

আকৌ বিভিন্ন ধৰণৰ ২০ ফুট দীঘল প্লাষ্টিকৰ পাইপৰ দাম ২০০ টকাৰ ৩০০ টকা পৰ্যন্ত বাঢ়িছে । এই সম্পৰ্কত নিৰ্মাণ সামগ্ৰী বিক্ৰী কৰা গুৱাহাটীৰ ব্যৱসায়ী দীনেশ দাসে কয় যে, দহ দিনৰ মূৰে মূৰে চিমেণ্টৰ দাম বাঢ়ি আছে । বালি আৰু শিলৰ দামো যোৱা এমাহত বৃদ্ধি পাইছে । দাম বৃদ্ধিৰ বাবে দোকানত গ্ৰাহক একেবাৰে কমি গৈছে ।

লগতে পঢ়ক : IPS Ananda Mishra বাহিনীলৈ লাঠী লৈ চোচা ল’লে কোনে ?

তেওঁ অতি আক্ষেপেৰে কয়, ‘ক’ভিডৰ বাবে এনেই ব্যৱসায়ী বেয়া হৈছিল তাতে আৰু সামগ্ৰীবোৰৰ দাম বৃদ্ধিয়ে আমাৰ দৰে খুচুৰা হাৰ্ডৱেৰ দোকানীৰ অৱস্থা বেয়াৰ ফালে গতি কৰিছে ।' আনহাতে, ৰাহুল কলিতা নামৰ আন এগৰাকী ব্যৱসায়ী কয় যে, ‘নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা সকলো সামগ্ৰীৰে দাম বৃদ্ধি হৈছে । ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ বাবে কোম্পানীবোৰে সামগ্ৰীবোৰৰ দাম বৃদ্ধি হোৱাৰ কথা কৈ আছে । কিন্তু শেহতীয়াভাৱে চৰকাৰে ইন্ধনৰ দাম কিছু পৰিমাণে হ্ৰাস কৰাৰ পিছতো কোম্পানীবোৰে সামগ্ৰীবোৰৰ দাম হ্ৰাস কৰা নাই’ ।

লগতে তেওঁ কয় যে, বৰ্তমান ব্যৱসায়ী একেবাৰে বেয়া । দাম বৃদ্ধিৰ বাবে মানুহে ঘৰ বনোৱা বন্ধ কৰিছে । উল্লেখ্য যে, নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধিয়ে বিল্ডাৰ সকলোকো সমস্যাত পেলাইছে ।

ফ্লেট নিৰ্মাণৰ কামত জড়িত থকা অৰিন্দম শৰ্মাই কয় যে, নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধিৰ বাবে ফ্লেটৰো দাম বৃদ্ধি কৰা হৈছে । শেহতীয়াভাৱে গুৱাহাটীত ফ্লেটৰ প্ৰতি বৰ্গ ফুটত ৩০০ টকাৰ পৰা ৪০০ টকালৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক : সীমান্তত তৎপৰ হৈছে চীনৰ PLA সৈন্য: হাত সাবটি বহি থকা নাই নতুন দিল্লীও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.