ETV Bharat / state

আমি একেলগে মিলি চৰকাৰ গঠন কৰিমঃ তৰুণ গগৈ

author img

By

Published : Jan 16, 2020, 5:07 PM IST

বুধবাৰে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক তুলা-ধূনা দিয়ে গগৈয়ে । ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত থকাৰ বাবে এইবাৰ মাঘৰ বিহুত দেখা নগ’ল ৰাইজৰ মাজত পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা ৷ সংবাদমেলত এই অভিযোগ উত্থাপন কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

তৰুণ গগৈ
সংবাদমেল সম্বোধন তৰুণ গগৈৰ

গুৱাহাটী,16 জানুৱাৰীঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিজেপিক তীব্ৰ আক্ৰমণ। বুধবাৰে গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক তুলা-ধূনা দিয়ে গগৈয়ে। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যাহত থকাৰ বাবে এইবাৰ মাঘৰ বিহুত দেখা নগ’ল ৰাইজৰ মাজত পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা ৷ সংবাদমেলত এই অভিযোগ উত্থাপন কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে ইয়াৰ বাবে গগৈয়ে সম্পূৰ্ণৰূপে জগৰীয়া কৰে বিজেপি দলক।

সংবাদমেল সম্বোধন তৰুণ গগৈৰ

উল্লেখ্য যে, বিজেপিৰ ভুল নীতিৰ ফলতে অসমীয়া ৰাইজৰ মনত ক্ষোভৰ জুই উদ্গীৰণ হোৱা বুলি গগৈয়ে কয়। দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৰাইজৰ মনৰ জুই নুমুৱাৰ সলনি ঘিউহে ঢালিছে বুলি সংবাদমেল খনত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপিক কঠোৰ সমালোচনা কৰে ৷ অসমীয়া ৰাইজৰ লগতে দেশবাসীৰ সংগ্ৰাম অনাগত দিনটো অব্যাহত থাকিব বুলি মন্তব্য কৰি গগৈয়ে নাগৰিকত্ব সংশোধনী আন্দোলনত সকলো স্তৰৰ ৰাইজে স্বতঃস্ফুৰ্তভাৱে অংশগ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ৷

ইপিনে,কেন্দ্ৰৰ লগতে ৰাজ্য চৰকাৰক সমালোচনা কৰি গগৈয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ওচৰতে ৰাৱণ বধৰ যজ্ঞ চলাৰ কথা প্ৰকাশ কৰে ৷ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গগৈয়ে কিছু ৰাজনৈতিক মন্তব্য প্ৰকাশ কৰে ৷ ৰাজ্যত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন হোৱাটো ভাল বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ৷ বিশেষকৈ নতুন ৰাজনৈতিক দলৰ লগত বুজাবুজি কৰাৰ কথা উনুকিয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। গগৈয়ে কয়,"আমি একেলগে মিলি চৰকাৰ গঠন কৰিম,কংগ্ৰেছৰ অবিহনে ৰাজ্যত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে"৷

লগতে চাওকঃঅৰুণাচলত তিনিটা নতুন প্ৰজাতিৰ ভেকুলী আৱিষ্কাৰ

Intro:এইবাৰ অসমীয়াই মাঘৰ বিহু আগৰ দৰে পালন কৰাৰ পৰা বিৰত থাকিল। মাঘৰ বহু এইবাৰ আছিল ক্ষোভৰ বিহু। ৰাইজৰ মনত জ্বলি আছে ক্ষোভৰ জুই। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এই জুইত ঘিউ ঢালিছে। সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিজেপিক তীব্ৰ আক্ৰমণ।

Body:প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিজেপিক তীব্ৰ আক্ৰমণ। সংবাদমেল অনুষ্ঠিত কৰি বিজেপিক তুলা ধুনা দিলে গগৈয়ে। ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন অব্যহত থকাৰ বাবে এইবাৰ মাঘৰ বিহুত দেখা নগ'ল ৰাইজৰ মাজত পূৰ্বৰ দৰে উৎসাহ-উদ্দীপনা, সংবাদমেলত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ বাবে জগৰীয়া কৰিলে বিজেপিক। বিজেপিৰ ভুল নীতিৰ ফলত এতিয়া অসমীয়া ৰাইজৰ মনত জ্বলিছে জুই, ৰাইজৰ মনত এৰিয়া ক্ষোভৰ জুই। দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ৰাইজৰ মনৰ জুই নুমুৱাৰ সলনি জুইত ঘিউহে ঢালিছে, সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ।

অসমীয়া ৰাইজৰ লগতে সমগ্ৰ দেশবাসীয়ে এতিয়া সংগ্ৰাম কৰিছে, ৰাইজৰ সংগ্ৰাম কিছুদিন চলিব বুলিও মন্তব্য কৰি গগৈয়ে কয় 'কা' বিৰোধী আন্দোলনত অসমীয়া ৰাইজ যিদৰে স্বৰ্তস্ফুটভাৱে অংশগ্ৰন কৰিছে দেশৰ অন্যান্য ৰাজ্য সমূহৰ ৰাইজেও তেনেদৰে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ লগতে ৰাজ্য চৰকাকৰ সমালোচনা কৰি গগৈয়ে কয় মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ওচৰতে ৰাৱণ বধৰ যজ্ঞ চলিছে। ৰাৱণক আমি বধ কৰিবই লাবিগ বুলি মন্তব্য গগৈৰ।

বাইট : তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী

Conclusion:ৰাজ্যত নতুন অঞ্চল ৰাজনৈতিক দল গঠন হোৱাটো ভাল বুলি মন্তব্য কৰি গগৈয়ে কয় নতুন ৰাজনৈতিক দলৰ লগত আমি বুজাবুজি কৰিম। আমি একেলগে মিলি চৰকাৰ গঠন কৰিম, কংগ্ৰেছৰ অবিহনে ৰাজ্যত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে বুলি মন্তব্য প্ৰকাশ কৰে গগৈয়ে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.