ETV Bharat / state

অসমবাসীক উদ্দেশ্যি সংবাদমেল সম্বোধন সৰ্বানন্দ সোণোৱালৰ - ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে এখন সংবাদমেলৰ জৰিয়তে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে । লগতে এনে দুৰ্যোগৰ সময়ত সকলো লোকৰে মংগল কামনা কৰে ।

cm press meet
cm press meet
author img

By

Published : Apr 13, 2020, 3:06 PM IST

গুৱাহাটী, 13 এপ্ৰিলঃ সোমবাৰে এখন সংবাদমেলৰ জৰিয়তে অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সংবাদমেলত অসমৰ ৰাইজক কৰ'ণাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে সকলো ৰাইজকে এই বিপদৰ সময়ত ঐক্যবদ্ধ হৈ আগুৱাই যোৱাৰ বাবে পণ ল'বলৈ আহ্বান জনোৱাৰ লগতে এই দায়িত্ব পালন কৰাৰ বাবে সকলোকে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈয়ো আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ ।

অসমবাসীক উদ্দেশ্যি সংবাদমেল সম্বোধন সৰ্বানন্দ সোণোৱালৰ

আনহাতে মঙলবাৰে অসমবাসীক সন্ধিয়া 6 বজাত এগছি বন্তি প্ৰজ্বলন কৰি অসমখন যাতে সকলো সময়তে শক্তিশালী অৱস্থাত থাকে আৰু প্ৰতি গৰাকী ব্যক্তি নিৰোগী হৈ থাকে, তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইয়াৰোপৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, অসমৰ ৰাইজে যিমান নিষ্ঠাসহকাৰে সামাজিক দূৰত্ব বৰ্তাই ৰখা কামত আত্মনিয়োগ কৰিছে, এনেদৰে যদি প্ৰতি গৰাকী ব্যক্তিয়ে সজাগতা আৰু সতৰ্কতা মানি চলিবলৈ সক্ষম হয় তেন্তে, নিশ্চিতভাৱে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা সকলো ব্যক্তিয়ে ৰক্ষা পৰিব । অসম চৰকাৰৰ যিসকল কৰ্মকৰ্তাই এনে মহামাৰীৰ সময়ত অসমৰ ৰাইজৰ স্বাৰ্থত নিষ্ঠাসহকাৰে সন্মুখৰ পৰা যুদ্ধৰ নেতৃত্ব দিছে, সেইসকল লোকক মুখ্যমন্ত্ৰী গৰাকীয়ে এই সংবাদমেলৰ জৰিয়তে বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়কঃ লক ডাউনৰ মাজতে পৰম্পৰাগতভাৱে উদযাপন গৰু বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.