ETV Bharat / state

APSC Scam : এ পি এছ চি কেলংকাৰীক কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ লগত তুলনা

author img

By

Published : Feb 25, 2023, 10:26 PM IST

ৰাজ্যজুৰি শাম কটা নাই অসম লোকসেৱা আয়োগৰ কেলেংকাৰী ৷ অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ নমনীয় নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল মানস প্ৰতিম বৰুৱা (Press meet on APSC Scam)৷

Press meet on APSC Scam
এ পি এছ চি কেলংকাৰীক কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ লগত তুলনা

গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী: অসম লোকসেৱা আয়োগ (এ পি এছ চি) কেলেংকাৰীৰ ক্ষেত্ৰত যেন প্ৰয়াত তৰুণ গগৈৰ পথেৰেই খোজ লৈছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (APSC Scam in Assam)। এ পি এছ চি সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা নীতিয়ে কেঞ্চাৰ সদৃশ ৰোগত আক্ৰান্ত হৈ আই চি ইউত শয্যাগত আয়োগৰ পৰা অক্সিজেন মুখাটোও যেন খুলি নিয়াৰ প্ৰয়াস কৰিছে ৷ এই মন্তব্য কৰিছে Fight against injustice of APSC ৰ প্ৰশাসক মানস প্ৰতিম বৰুৱাৰ ৷

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি মানস প্ৰতিম বৰুৱাই (Press meet on APSC Scam) এ পি এছ চি কেলেংকাৰীৰ প্ৰসংগত কয় যে ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মিথ্যাচাৰ আৰু দুমুখীয়া নীতি গ্ৰহণ কৰিছে । প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে কিন্তু কোনোদিনে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৰে আয়োগৰ সংস্কাৰৰ সপোন দেখুৱাই কোনো ৰাজনৈতিক সভাত ভাষণ দিয়া নাছিল । এ পি এছ চি সংস্কাৰৰ ক্ষেত্ৰত অসম চৰকাৰৰ শেহতীয়া বহু সিন্ধান্তই চকু কঁপালত তুলিছে ।

যোৱা ৯ ফেব্ৰুৱাৰীত চৰকাৰে এক নিৰ্দেশযোগে আয়োগৰ আন এজন কলংকিত অধ্যক্ষ তাৰা প্ৰসাদ দাসৰ দিনত বাচনিভুক্ত এজন বিষয়াক আয়োগৰ মুখ্য পৰীক্ষা নিয়ন্ত্ৰকৰ দৰে অতি গুৰুত্বপূৰ্ণ পদৰ দায়িত্ব দিছিল ৷ ইয়াৰোপৰি ২০১৩ বৰ্ষৰ ৰাকেশ পালৰ কলংকিত অধ্যায়ৰ সমসমায়িক এগৰাকী বিষয়াক আয়োগৰ যুটীয়া সচিব হিচাবে নিযুক্তি দিছে ৷ আনকি এ পি এছ চিৰ বৰ্তমানৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰীৰ নিযুক্তিৰ সময়তো বহু বিতৰ্ক হৈছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এ পি এছ চিৰ স্বচ্ছতাৰ ওপৰত নানান প্ৰৱন্ধ লিখিছিল ৷ কিন্তু তেওঁ মুখ্যমন্ত্ৰীৰ আসনত বহাত পিচতো আয়োগৰ পৰীক্ষাৰ্থীয়ে আৰ টি আই কৰিলেও নিজৰ উত্তৰ বহীখনেই নাপায়। আনকি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ আৰ্হিত প্ৰস্তুত কৰা অসম লোক সেৱা আয়োগৰ পৰীক্ষা ব্যৱস্থাক বৰ্তমান ধ্বংস কৰা হৈছে ৷ আয়োগৰ পৰা অসমীয়া ভাষাৰ যোগ্যতামূলক কাকতখনো প্ৰত্যাহাৰ হ’ল ৷

লগতে বৰুৱাই কয় যে গুৱাহাটী উচ্চ ন্যায়লয়ত গোচৰ তৰি আয়োগৰ পূৰ্বৰ ২০১০ বিধি প্ৰত্যাহাৰ কৰি the Assam public service commission (conduct of business) procedure, 2019 বিধি আনিবলৈ অসম চৰকাৰক বাধ্য কৰিছিলো। য’ত আয়োগৰ আন বহু সংস্কাৰৰ লগতে প্ৰসদানকৈ পূৰ্বৰ মৌখিক পৰীক্ষাৰ ওপৰত ভিত্তি কৰি বাচনি কৰা প্ৰত্যক্ষ নিযুক্ত ব্যৱস্থাৰ আমোল পৰিৱৰ্তন আনি লিখিত পৰীক্ষাৰ ওপৰত ভিত্তিত প্ৰধানকৈ বাচনি কৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। কিন্তু এ পি এছ চিৰ শেহতীয়া নিযুক্তিৰ ক্ষেত্ৰত এতিয়া যেন এই বিধিখনকো কৌশলগতভাবে নিজৰ সুবিধা অনুসৰি আয়োগে ব্যৱহাৰ কৰিছে । যাৰ উদাহৰণ হ’ল শেহতীয়াকৈ ১৬২ টা পদৰ পশু চিকিৎসা বিষয়ৰ পদৰ নিযুক্তি য’ত আয়োগে লিখিত পৰীক্ষা অবিহনেই প্ৰাৰ্থী বাচনি কৰিছিল।

শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়লয়ে এই ক্ষেত্ৰত আয়োগৰ নিযুক্তি প্ৰক্ৰিয়াক বৈধ বুলি ৰায় দিছে যদিও ১৬২ টা পদৰ দৰে ইমান ডাঙৰ নিযুক্তি মৌখিক পৰীক্ষাৰ ওপৰত ভিত্তি কৰি অনুষ্ঠিত কৰাক লৈ আয়োগৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। আয়োগৰ ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰীৰ প্ৰতি এক আচৰিত ধৰণৰ নৰম স্থিতি গ্ৰহণ কৰিছে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । আয়োগৰ কেলেংকাৰীৰ প্ৰতি চৰকাৰৰ নীতিয়ে আনকি চৰকাৰৰ তথাকথিত দুৰ্নীতিবিৰোধী যুঁজৰ এক ফোপলা স্বৰূপ উদঙাই দিছে ৷

লগতে পঢ়ক: Majuli youth cheated: সুৰক্ষিত নহয় পান কাৰ্ডখনো, পান কাৰ্ডে সৰ্বস্বান্ত কৰিলে মাজুলীৰ যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.