ETV Bharat / state

এয়া গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয়: নৱ শৰণীয়া - সাংসদ নৱ শৰণীয়া

বুধবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে সাংসদ নৱ শৰণীয়াই ৷ সাংসদগৰাকীয়ে বিটিচি নিৰ্বাচনৰ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য় আগবঢ়ায় ৷

Press meet of naba sarania guwahati assam etv bharat news
সংবাদমেল
author img

By

Published : Oct 28, 2020, 5:58 PM IST

গুৱাহাটী,28 অক্টোবৰ: বুধবাৰে দিশপুৰ প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে সাংসদ নৱ শৰণীয়াই ৷ সংবাদমেলখনৰ জৰিয়তে সাংসদগৰাকীয়ে বিটিআৰত ৰাজ্যপালৰ শাসন বৃদ্ধি কৰাৰ সম্পৰ্কত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ শৰণীয়াই কয়,এয়া গণতন্ত্ৰৰ বাবে ভাল লক্ষণ নহয় ৷ বিটিআৰবাসীয়ে এতিয়া মাথো অপেক্ষা কৰিছে নিৰ্বাচনলৈ ৷ তদুপৰি শৰণীয়াই কয় যে,বিটিআৰ নিৰ্বাচনত প্ৰমোদ বড়ো জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই ৷ অসম চৰকাৰৰ লগতে নিৰ্বাচন আয়োগক নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে ধিক্কাৰ প্ৰদান কৰে সাংসদগৰাকীয়ে ৷

নৱ শৰণীয়াৰ সংবাদমেল

ইফালে,নিৰ্বাচনৰ বাবে গণ সুৰক্ষা পাৰ্টীয়ে পূৰ্ণ পৰ্যায়ত যুঁজ দিবলৈ এতিয়া সাজু হৈ আছে বুলিও স্পষ্ট কৰি দিয়ে সাংসদগৰাকীয়ে ৷ অসম চৰকাৰে বিটিআৰৰ চাইনব’ৰ্ডত অসমীয়া ভাষা লিখাটো বাধ্যতামূলক বুলি কেবিনেটত সিদ্ধান্ত লৈছিল ৷ প্ৰায় 81% লোকে অসমীয়াতে লিখা-পঢ়া সম্পূৰ্ণ কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যৰ বিষয় বিটিচিত বড়ো ভাষা মুখ্য ভাষা হৈ ৰ’ল বুলি সাংসদ শৰণীয়াই মন্তব্য কৰে ৷ তদুপৰি চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাই কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে ৷

লগতে চাওকঃ ৰাৱণ দাহনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন ইণ্ডোৰৰ পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.