গুৱাহাটী,27 ছেপ্তেম্বৰ: দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত কৃষক শ্ৰমিক উন্নয়ন পৰিষদে সম্বোধন কৰে এক সংবাদমেল । শেহতীয়াকৈ ৰাজনৈতিক প্ৰেক্ষাপট আৰু অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত সংঘটিত কেলেংকাৰী সন্দৰ্ভত অনুষ্ঠিত কৰা হয় সংবাদমেলখন ।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 70 সংগঠনৰ লগত কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ কোনো যোগসূত্ৰ নাই বুলি সংবাদমেলখনত মন্তব্য কৰে সংগঠনটোৰ বিষয়-ববীয়াসকলে । কৃষক মুক্তিৰ প্ৰস্তাৱিত ৰাজনৈতিক দল অথবা অন্য কোনো নতুন আঞ্চলিক ৰাজনৈতিক দলক সংগঠনটোৱে সমৰ্থন নকৰে বুলি স্পষ্ট কৰে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই ।
লগতে সভাপতিগৰাকীয়ে ৰাজ্যৰ নতুন ৰাজনৈতিক দলসমূহে বিজেপিক লাভান্বিত কৰাৰ কথা উল্লেখ কৰে ৷ কিয়নো এনে দলে ৰাইজৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰে । কেৱল জাতীয়তাবাদী দল একত্ৰিত হ’লেহে বিজেপিক ৰুধিব পৰা যাব ৷
ইফালে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাচনি পৰীক্ষাৰ কেলেংকাৰী সন্দৰ্ভত সৰৱ হৈ পৰে সংগঠনটোৰ বিষয়-ববীয়া ৷ এই কেলেংকাৰীত নাম সাঙোৰ খোৱা বিজেপি নেতা দিবন ডেকাক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাই সংগঠনটোৱে ।