ETV Bharat / state

New political party in Assam : অচিৰেই অসমত আত্মপ্ৰকাশ আন এক ৰাজনৈতিক দলৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 10:08 PM IST

কোচ ৰাজবংশী সকলক জনজাতিৰ সূচীত অন্তৰ্ভূক্ত কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰক আহ্বান কোচ ৰাজবংশী জাতীয় পৰিষদৰ ৷ অক্টোবৰ মাহৰ ৮ তাৰিখে বঙাইগাঁও চহৰত এখন ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি বিবৃতি যোগে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে জনাইছে ৷

Press Meet of Koch Rajbongshi Jatiya Parishad
কোচ ৰাজবংশী জাতীয় পৰিষদৰ নাগৰিক সভা

গঠন হ’ব কমতাপুৰ জাতীয় পৰিষদ নামৰ এক ৰাজনৈতিক দল

বিজনী, 9 ছেপ্টেম্বৰ : অতি শীঘ্ৰেই অবিভক্ত গোৱালপাৰা জিলাৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক জনজাতিৰ তালিকাভুক্ত কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰক আহ্বান কোচ ৰাজবংশী জাতীয় পৰিষদৰ ৷ শনিবাৰে বিজনী চহৰৰ ঐতিহাসিক বুঢ়ীঠাকুৰাণী মন্দিৰ প্ৰাংগনৰ সভাকক্ষত কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনৰ সভাপতিত্বত বিশিষ্ট শিক্ষাবিদ তথা বুদ্ধিজীৱী আৰু সচেতন নাগৰিকৰ উপস্থিতত এখন নাগৰিক সভা অনুষ্ঠিত হয় ৷

কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে উদ্দেশ্য বাখ্যা কৰা সভাৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় ৷ অসমৰ কোচ ৰাজবংশীসকলক, বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলৰ জনজাতীয় বৈশিষ্ট্য থকাৰ পিছতো কেন্দ্ৰ আৰু অসমত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন দুয়োখন চৰকাৰে বিগত লোকসভা আৰু অসম বিধানসভা নিৰ্বাচনত জনজাতিকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ পিছতো প্ৰতিশ্ৰুতি ৰক্ষা নকৰা বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ৷ লগতে চৰকাৰক ধিক্কাৰ জনাই অতি শীঘ্ৰে অবিভক্ত গোৱালপাৰা জিলাৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলক জনজাতিৰ তালিকাভুক্ত কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় কোচ ৰাজবংশী জাতীয় পৰিষদে ৷

লগতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদৰ উন্নয়নৰ নামত অবাধ দুৰ্নীতিৰ প্ৰসংগতো সৰৱ হৈছে কোচ ৰাজবংশী জাতীয় পৰিষদ ৷ লগতে কমতাপুৰ স্বায়ত্ত্বশাসিত পৰিষদত সামগ্ৰী যোগানৰ বাবে প্ৰধান সচিবৰ চহী জালিয়াতিৰে ভুৱা ৱৰ্ক অৰ্ডাৰৰ কেলেংকাৰী সন্দৰ্ভতো অসম চৰকাৰক চৰজমিন তদন্ত কৰি দুৰ্নীতিত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰে কোচ ৰাজবংশী জাতীয় পৰিষদে ৷ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সভাপতি বিমল কুমাৰ বৰ্মনৰ অভিযোগ যে কেন্দ্ৰ আৰু অসমত শাসনাধিষ্ঠিত প্ৰত্যেকটো ৰাজনৈতিক দলে কোচ ৰাজবংশী সকলক চৰমভাবে প্ৰতাৰণা কৰি আহিছে ৷

তেওঁ কয় যে, “কোচ ৰাজবংশী জাতীয় পৰিষদে অনুধাৱন কৰিছে যে কোচ ৰাজবংশী সকলৰ লগতে নামনি অসমৰ আন আন জনগোষ্ঠীৰ সমস্যা সমূহ সমাধানৰ বাবে বিধানসভা আৰু লোকসভাত বিভিন্ন ৰাজনৈতিক দলৰ পৰা নিৰ্বাচিত বিধায়ক আৰু সাংসদ সকল দৃষ্টিকটুভাৱে ব্যৰ্থ হৈছে ৷" সেয়ে কোচ ৰাজবংশী সকলৰ জনজাতিকৰণ, কমতাপুৰ ৰাজ্য গঠনৰ লগতে এই অঞ্চলৰ আন আন জাতি-জনগোষ্ঠীৰ সামগ্ৰীক বিকাশ আৰু উন্নয়নৰ বাবে “কমতাপুৰ জাতীয় পৰিষদ” নামেৰে এক ৰাজনৈতিক দল গঠনৰ সপক্ষে নাগৰিক সভাই মত পোষণ কৰে ৷ সেই উদ্দেশ্য অক্টোবৰ মাহৰ ৮ তাৰিখে বঙাইগাঁও চহৰত এখন ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি বিবৃতি যোগে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে জনাইছে ৷

লগতে পঢ়ক : AGP Press Meet: কলিয়াবৰত অগপৰ বিশেষ সাংগঠনিক সভা; কাজিৰঙা লোকসভা আসন বিচাৰিব অগপই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.